অসমৰ পোক পৰুৱা বুলিলে সাধাৰণতে অসমৰ প্ৰাকৃতিক পৰিৱেশত উপলব্ধ বিভিন্ন প্ৰজাতিৰ পতংগ আদিক বুজা যায়। অসমত যথেষ্ট পৰিমানে বৰষুন হয়। যাৰ ফলত বন-জংঘলৰ পৰিমাণ বেছি বাবেই এই ভূখণ্ডত পোক পৰুৱাৰ সংখ্যা আগণন। কিছুসংখ্যক পোক পৰুৱা নাম তলত উল্লেখ কৰা হ'ল-

আনপোতনি, আমৰলি, আলহী পৰুৱা, উই, উই চিৰিঙা, উৰহ, ককা, কাকতি ফৰিং, কালিন্দী ভোমোৰা, কুকুৰ মাখি, কুণকুণি মাখি, কুঁজী বিচা, কুম জেলেকুৱা, কুমাৰণি, কেৰেলুৱা, খৰিকা গান্ধী, গগিনী, গান্ধী পোক, গুণগুণি, গোম চেলা, গুৰি পৰুৱা, গুবৰুৱা, চগা, চৰহা, চাম চৰিয়া, চিনাজোন, জেঠী, জেলুক, জেলেকীয়া, কেচু, জোক, টকৌ, টৌকা পৰুৱা, টোপোলাকটা, ডাঁহ ,ঢৰীয়া তামুলী পৰুৱা, তামুলী ফৰিং, তেলেনী পৰুৱা, দিনকণা, পইতাচোৰা, বগা পৰুৱা, বৰ কেৰেলুৱা , বৰ মকৰা, বাঘ মকৰা, বিছা পখিলা, বোন্দাকেচু, ভালুক মকৰা, ভুতুনী মহ, ভেনা মাখি, নজাৰলি, মহ, মাখি, মাটিছেলা, মোৱা পোক, ৰঙা পোক, লেকলৌ পৰুৱা, শুকানি পৰুৱা, শুকানি ফৰিং, শূল পোক, সোন পৰুৱা আদি।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী. অসমীয়া সংস্কৃতিৰ কণিকা.