অসমৰ সাধুকথা
সাধুকথা অসমীয়া সাহিত্যৰ এটা বিশিষ্ট বিভাগ। সাধুকথাবোৰ সাধাৰণতে এক অনিৰ্দিষ্ট ৰূপৰ এক লোক-কথা। কিন্তু এইবোৰত এটা সজ নীতি কথা থাকে আৰু সেয়ে হয়তো এইবোৰ লোক-কথাক অসমীয়াত সাধুকথা বোলা হয়। সাধুকথাবোৰৰ স্থিৰ ৰূপ এটা নাই, সাধু কওঁতাই নিজৰ অভীৰুচি আৰু সামৰ্থ অনুসাৰে তাক বৰ্ণাই যায়।
অসমৰ সাধুকথাৰ ভড়াল যথেষ্ট চহকী। এইবিলাকৰ কিছুমান অসমীয়াত আৰু বাকীবিলাক কছাৰী, ৰাভা, মিকিৰ আদি জনজাতীয় ভাষাত ৰচিত। কিছুমান লেখত লবলগীয়া সাধু অসমৰ সকলো অধিবাসীৰ মাজতে সমানে প্ৰচলিত।
অসমৰ সাধুবোৰক থলুৱা, সংস্কৃতৰ পৰা অহা আৰু বিদেশী- এই তিনিভাগত ভগাব পাৰি। থলুৱা সাধুবোৰৰ কাহিনী অসম অঞ্চলৰ; সংস্কৃতৰ পৰা অহা সাধুবোৰ হ'ল হিতোপদেশ, পঞ্চতন্ত্ৰ আদি আৰু কিছুমান সাধুৰ মূল কাহিনী মধ্য এছিয়া বা ইউৰোপৰ কাহিনীৰ সৈতে মিলে।
অসমৰ সাধুবোৰক ভালেমান শ্ৰেণীত ভগাব পাৰি। কিছুমান সাধু আছে যিবোৰ জীৱ-জন্তুক লৈ ৰচনা কৰা হৈছে। কিছুমান সাধু আকৌ আলৌকিক। আন এবিধ সাধু আছে যাৰ কাহিনী সৰু অথচ ৰসাল আৰু খুহুতীয়া। কিছুমান সাধুকথাত প্ৰাকৃতিক নানা পৰিঘটনাৰ আদি কাৰণ দেখুৱাবৰ যত্ন কৰা হয়,যেনে- আকাশখন ওখ হ'ল কিয়, লুইতে ফেনায় কিয়, আলিবাটবোৰ কেঁকোৰা-কেঁকুৰি হ'ল কিয় ইত্যাদি। এনেদৰেই অসমীয়া সাধুকথাত প্ৰেম-প্ৰীতি, পিতৃস্নেহ, মাতৃস্নেহ,সপত্নী-বিদ্বেষ,ঈৰ্ষা-অসূয়া,জীয়াই থকাৰ স্পৃহা, জনবিশ্বাস, কুসংস্কাৰ আদি আদিম ভাৱ আৰু অনুভূতিসমূহৰ সৰল আৰু মুকলি প্ৰকাশ দেখা যায়। প্ৰসংগক্ৰমে নেতিক জীৱনৰ আদৰ্শও এইবোৰে পৰোক্ষভাৱে দাঙি ধৰে। অসমীয়া সাহিত্যৰ বুৰঞ্জীত সধুকথাৰ বৰ বেছি মূল্য নাথাকিলেও সমাজতত্ত্বৰ অধ্যয়নৰ ফালৰ পৰা এইবোৰৰ মূল্য উলাই কৰিব নোৱাৰি।[1] এই প্ৰসঙ্গত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ "বুঢ়ী আইৰ সাধু"ৰ কথা উল্লেখ কৰিব পাৰি। এই পুথিখনত অসমীয়া গ্ৰাম্য সমাজত প্ৰচলিত বিভিন্ন সাধুকথা সংগ্ৰহ হৈ আছে।
সাধুকথাৰ শ্ৰেণী
সম্পাদনা কৰক- জন্তুকেন্দ্ৰিক সাধুকথা: সাধাৰণতে জন্তুক কেন্দ্ৰ কৰি এই সাধুকথাবোৰ ৰচনা হোৱা। ইয়াৰ পৰিসৰ চুটি। এনে সাধুকথাত উল্লেখ কৰা জন্তুবোৰে মানুহৰ দৰে কথা কয় আৰু আচৰণ কৰে। অনেক ক্ষেত্ৰত এনে সাধুৰ ৰূপকাত্মক অৰ্থ থাকে। সাধাৰণতে বান্দৰ-শিয়াল, কুকুৰনেচীয়া বাঘ-গাহৰি, শহা-শিয়াল, শিঙাল হৰিণ-নাহৰফুটুকীয়া বাঘ, বান্দৰ-বাঘ, শিয়াল-কাছ, কেঁকোৰা-বাঘ, বগলী-বাঘ, শিয়াল-ঘঁৰিয়াল, টুনী-ঢোৰা কাউৰী আদিৰ মাজত হোৱা বিৰোধৰ আধাৰত এনে সাধুকথাৰ কাহিনীবোৰ গঠিত হয়। জন্তুকেন্দ্ৰিক সাধুকথাত নীতিমূলক উপদেশ থাকে। জাতকৰ সাধু, পঞ্চতন্ত্ৰ, ঈছপৰ সাধুকথা আদিৰ অন্যতম উদ্দেশ্য নৈতিক শিক্ষা প্ৰদান। শিয়াল আৰু বান্দৰ, বাঘ আৰু বান্দৰ,টুনী আৰু ঢেৰা কাউৰী আদি জন্তুকেন্দ্ৰিক সাধু।
- যাদুমূলক বা বিস্ময়াবহ বা ৰোমাণ্টিক বা অতিলৌকিক সাধুকথা: যাদুমূলক সাধুকথা জাৰ্মান ভাষাত ‘মাৰখেন’ (Marchen) নামে পৰিচিত। ইংৰাজী ভাষাত এইবিধ সাধুকথা যাদুমুলক সাধু, পৰীৰ সাধু আৰু বীৰ সাধু স্বৰূপে পৰিচিত। যাদুমুলক সাধুকথাৰ বিষয়বস্তুৰ বিশেষত্ব হৈছে-অতিলৌকিক দুঃসাহসিক কৰ্ম সম্পাদনৰ প্ৰতি মানুহৰ আকৰ্ষণ, এইবিধ সাধুত সাধাৰণ মানুহ এগৰাকীৰ অতি মানৱীয় শক্তিৰ সৈতে সংঘৰ্ষ হোৱা আৰু অতিলৌকিক কাৰ্য সম্পাদনৰ বাবে তেওঁৰ প্ৰয়োজনীয় শক্তি লাভ কৰা বুলি পঢ়িবলৈ পোৱা যায়। যাদুমূলক সাধুকথা একক নায়ক বিশিষ্ট আৰু ই যথাৰ্থতে দুঃসাহসিক কাহিনী। তেজীমলাৰ সাধু, কমলাকুঁৱৰী, ফুলকেঁৱৰৰ সাধু, মণি কোঁৱৰৰ সাধু, তুলা আৰু তেজাৰ সাধু, পানেচৈ, চম্পাৱতী আদি হৈছে অসমীয়া যাদুমুলক সাধুকথা।
- নৈদানিক সাধুকথা: নৈদানিক বা ব্যাখ্যামূলক সাধুকথাত সাধাৰণতে পৃথিৱীৰ সৃষ্টি, বিভিন্ন বস্তুৰ উৎপত্তি যেনে— পূজা, ধৰ্মীয় কৃত্যাদিৰ লগত জড়িত বিভিন্ন বস্তু - আম-গছ, ঘিঁউ, তামোল-পাণ, পিঠাগুড়ি আদি; প্ৰাকৃতি জগতত ঘটা ঘটনাৰ ব্যাখ্যা, পৰ্বত-পাহাৰ আদিৰ জন্ম, নদ-নদী, পুখুৰী-হ্ৰদ আদিৰ উৎপত্তি, গছ-গছনি, লতা-লতিকা আদিৰ উৎপত্তি বা জন্মৰ বৰ্ণনা পোৱা যায়। এনে বিষয়ক সাধু অসমৰ সকলো জাতি-জনজাতি মাজত প্ৰচলিত। কিয় হ’ল বা কেনেকৈ হ'ল ইত্যাদিৰ বৰ্ণনা বা ব্যাখ্যা সন্নিবেশিত সাধুকথাবিলাককেই নৈদানিক বা ব্যাখ্যামূলক সাধুকথা বোলা হয়।
- মিছলীয়া সাধুকথা: ক্ৰমপুঞ্জিত বা নিৰ্ধাৰিতগঢ়ী সাধুৰ লগত মিছলীয়া সাধুৰ মিল দেখা যায়। ইংৰাজীত ইয়াক Chain tale বুলি জনা যায়। এইবিধ সাধুকথাৰ অন্তৰ্গত ছল-সাধু অৰ্থাৎ Catch Tale ল'ৰা-ছোৱালীৰ লগত ৰসিকতা কৰাৰ প্ৰসংগত কোৱা হয়।
- অন্তহীন সাধুকথা: ই নিৰ্ধাৰিতগঢ়ী সাধুৰ বহল পৰিসৰৰ অন্তৰ্গত এবিধ সাধু। এই শ্ৰেণীৰ সাধুৰ সংযুতিত পুনৰাবৃত্তিয়ে বিশেষভাৱে স্থান লাভ কৰা দেখা যায়। শ্ৰোতাৰ আমনি নলগালৈকে পুনৰাবৃত্তি চলি থাকে। সেইবাবে এনেবিধৰ সাধুক অন্তহীন সাধু বোলে।
- সমস্যামূলক সাধুকথা: সমস্যামূলক সাধুকথাক ইংৰাজী ভাষাত Dilemma Tale বুলি কোৱা হয়। সমস্যাৰ সলনি সংকটমূলক সাধুকথা বুলিও কোৱা হয়। এনেবিধ সাধুত এটা কাহিনী থাকে আৰু কাহিনীৰ পৰিণতিত সমস্যামূলক এটি প্ৰশ্ন জড়িত হৈ থাকে আৰু এই প্ৰশ্নটোৰ কেইবাটাও উত্তৰ থাকিব পাৰে। শুদ্ধ উত্তৰ দিব পৰা জনেই জয় লাভ কৰে। সমস্যামূলক সাধুত প্ৰশ্ন অপৰিহাৰ্য অংগ। সেইবাবে সমস্যামূলক সাধুৰ আন এটা নাম সাঁথৰ সাধু।
- কথাগীত (Cante Tale): এইবিধ সাধুত গদ্য আৰু পদ্য উভয় ৰূপত কাহিনী বৰ্ণনা কৰা হয়। কমলাকুঁৱৰীৰ সাধু, তেজীমলাৰ সাধু আদি কথা-গীতৰ উল্লেখযোগ্য উদাহৰণ।
- ধৰ্মমূলক সাধু: ধৰ্মমূলক সাধুকথাৰ প্ৰচলন গোটেই পৃথিৱীত আছে। পাপ-পুণ্য, স্বৰ্গ-নৰক আদিৰ লগত জড়িত এই শ্ৰেণীৰ সাধুকথাই ধৰ্মীয় জনশ্ৰুতিৰ কাৰ্য সাধন কৰিব পাৰে। ধৰ্মীয় সাধুকথাৰ চৰিত্ৰবোৰ ধাৰ্মিক বা অধাৰ্মিক মানৱ আৰু অলৌকিক চৰিত্ৰৰ সীমাৰেখাৰ মাজত সীমিত। এই ধৰণৰ সাধুকথা বুলিলে সাথাবৰতৰ সৈতে জড়িত ওপনী গৌৰীকথা, বামুণ বামুণীৰ কথা আদি উল্লেখযোগ্য।
- নিষিদ্ধ সাধুকথা: আমাৰ সমাজত পৰম্পৰাগতভাৱে বিবিধ নিষিদ্ধ আচৰণ শাৰীৰিক আৰু মানসিকভাৱে চলি আহিছে। যেনে- ৰাতি বাঘৰ বা সাপৰ নাম ল’ব নাপায়, ওৰণি লোৱা-নোলোৱা, খাব পৰা অথবা খাব নোৱৰা, কথা কোৱা, হঁহা-কন্দা আদি বিভিন্ন সামাজিক নীতিৰ সৈতে নিষিদ্ধ আচৰণ সম্পৃক্ত হৈ আছে। অসমৰ পাৰম্পৰিক সাধুকথাৰ পৰিসৰত নিষিদ্ধ আচৰণ বিশিষ্ট সাধুকথাবোৰত থকা এই পাই নাপায় বোৰ হৈছে- ‘ঢোৰা কাউৰী আৰু টুনী'ৰ সাধুকথাত টুনীয়ে ঢোৰা কাউৰীক কৈছে যে সাগৰত মুখ ধুই আহিহে ঢোৰা কাউৰীয়ে টুনীক খাব পাৰিব। 'বান্দৰ আৰু শিয়াল’ সাধুকথাত শিয়ালে ৰজাৰ ডবাটো বজাবলৈ বান্দৰক বাধা দিছিল।
- অজাচাৰী সাধুকথা (Incestaous Tale): কোনো এটা কেন্দ্ৰীয় পৰিয়ালৰ স্বামী-স্ত্ৰীৰ বাহিৰে আন পৰিয়ালৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত যৌন নিষিদ্ধাচৰণ ভংগৰ আন নাম অজাচাৰ আৰু ইয়াৰ আধাৰত সৃষ্টি হোৱা সাধুকথাৰ নাম অজাচাৰী বা যৌন নিষিদ্ধ সাধুকথা। অসমৰ বিভিন্ন সমাজ যেনে ডিমাছাসকলৰ মাজত প্ৰচলিত ‘ডিশ্ৰু’ মালিতা আৰু সাধুত পিতৃ-কন্যাৰ সম্পৰ্কৰ আভাস আছে। বৰোসকলৰ মাজত প্ৰচলিত 'ৰাওনা-ৰাউনী’, 'ঝাৰা ফাগলা’ আদি সাধু বা 'মেথায়'ত অজাচাৰৰ ইংগিত পোৱা আছে। অসমীয়া ভাষাত প্ৰচলিত ‘পানেচৈ’ত ভ্ৰাতৃ-ভগ্নীৰ অজাচাৰিত্বৰ আভাস আছে।
- টেটকুঁটি: হাস্য-ব্যংগ প্ৰধান সাধুকথাৰ নামেই টেটকুঁটি। এইবিধ সাধুৰ পৰিসৰ বহল। টেটকুঁটিৰ পৰিসৰত অন্তৰ্ভুক্ত বিষয়বোৰ হৈছে- ঠাট্টা-মস্কৰা বিষয়ক সাধুকথা (Jest), উপাখ্যান কাহিনী (Anecdote), ব্যাঙ্গাত্মক সাধুকথা (Joke)। গোসাঁই প্ৰভুৰ টেটকুঁটি, ব্ৰাহ্মণ ঠাকুৰৰ টেটকুঁটি, মৌজাদাৰৰ টেটকুঁটি আদিবোৰ এনেধৰণৰ সাধুকথা।
- ক্ষুদ্ৰ সত্য কাহিনী: ইয়াক এনেকডোট বা উপাখ্যান মূলক বুলিও কোৱা হয়। ব্যক্তি, জন্তু, স্মৰণযোগ্য ঘটনা, স্থান আদিক কেন্দ্ৰ কৰি এই সাধুকথাবোৰ আগবাঢ়ে। গাজাখুৰি কথাৰ দৰে এনেকডোটৰা বোৰো নিৰ্দিষ্ট ৰূপ নাই।
- মুৰ্খৰ সাধু: সাধুকথাৰ আন এটি উপ-শ্ৰেণী মুৰ্খৰ সাধুকথাৰ জৰিয়তে কোনো এটি জনগোষ্ঠীৰ মুৰ্খামিক সাময়িকভাৱে বিদ্ৰূপ বা ঠাট্টা কৰা হয়। অসমীয়াভাষাত প্ৰচলিত এনে বিধৰ সাধুকথাৰ ভিতৰত সাতমুখ, বামুণৰ বহুৱা মুখ জোঁৱাই, অজলা টৌমুৰা আদি উল্লেখযোগ্য।
- টেটোন বা টেণ্টনৰ সাধুকথা: টেটোন বা টেণ্টন জাতীয় সাধুকথাৰ অন্যতম প্ৰধান চৰিত্ৰ বা নায়কে আন চৰিত্ৰক প্ৰতাৰণা কৰে বা ঠগায়। সমাজৰ পটভূমিত জেদী আৰু অনমনীয় চাৰিত্ৰিক বৈশিষ্ট্য সম্বলিত টেটোনৰ জন্ম। টেটোন অসংযত আৰু সাংঘাতিক চৰিত্ৰ। মনস্তাত্ত্বিক দিশৰপৰাও টেটোন-চৰিত্ৰ বিশ্লেষণ কৰা হয়, কোনো কোনো মনঃস্তাত্ত্বিকৰ মতে পুৰুষ লিংগৰ প্ৰতীক স্বৰূপেহে টেটোনে আত্মপ্ৰকাশ কৰিছে। অসমীয়া টেটোন জাতীয় সাধুকথাৰ ভিতৰত টেটোন তামোলী, টেটোন, বামুণৰ বহুৱা, বান্দৰ আৰু শিয়াল, শিয়াল আৰু ঘঁৰিয়াল, শিয়াল আৰু হাতী আদি উল্লেখযোগ্য।
- ক্ৰমপুঞ্জিত বা নিৰ্ধাৰিতগঢ়ী সাধুকথা: ক্ৰমপুঞ্জিত বা নিৰ্ধাৰিতগঢ়ী সাধু কৌতুকপূৰ্ণ, হাস্যকৰ আৰু খেল-ধেমালিৰ বৈশিষ্ট্য পূৰ্ণ। কাহিনী বা কথাবস্তুৱে এইবিধ সাধুত প্ৰাধান্য লাভ নকৰে। এইবিধ সাধুত এটা পৰিস্থিতিয়ে আন এটা পৰিস্থিতিক ঠেলি দিয়ে, যিটো পৰিস্থিতিয়ে আকৌ আন এটা পৰিস্থিতিক ঠেলি দিয়ে। সেইবাবে এইবিধ সাধুৰ নাম ক্ৰমপুঞ্জিত সাধুকথা। দ্বিতীয়তে এই জাতীয় সাধুৰ গঢ় বা সংযুতি নিৰ্ধাৰিত। সেইবাবে ক্ৰমপুঞ্জিত সাধুক নিৰ্ধাৰিতগঢ়ী সাধুকথা বোলে। ভেকুলীৰ পিঠিত খহু কিয় হ’ল নিৰ্ধাৰিতগঢ়ী সাধুৰ এটা বিশেষ উদাহৰণ।
বৰ্হি সংযোগ
সম্পাদনা কৰক- ৱিকিউৎসত অসমৰ সাধুকথা সম্পৰ্কীয় কৰ্ম পঢ়ক।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-২০৯ (১)