অসম আন্দোলনৰ তথ্যকোষ অসম চুক্তি ৰূপায়ণ বিভাগ আৰু অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত দিগন্ত ওজাৰ দ্বাৰা সম্পাদিত এখন তথ্যকোষ৷[1] এই গ্ৰন্থখন ৬টা খণ্ডত প্ৰকাশিত৷ এই গ্ৰন্থৰ জৰিয়তে অসম আন্দোলনৰ সামগ্ৰিক খতিয়ান তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আগ্ৰহ আৰু অসম চুক্তি ৰূপায়ণ বিভাগ, অসম চৰকাৰৰ উদ্যোগত ২০২০ চনৰ শেষভাগৰ পৰা গ্ৰন্থখনৰ কাম আৰম্ভ কৰা হয়৷[2] ২০২০ বৰ্ষৰ ১০ ডিচেম্বৰত গ্ৰন্থখনৰ প্ৰথম খণ্ড ‘অসম আন্দোলনৰ তথ্যকোষ : উকমুকনিৰ পৰা উদ্গীৰণলৈ’ (১৯৭৮-১৯৮০) উন্মোচিত হয়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৮২৪ পৃষ্ঠাৰ এই বৃহৎ কলেৱৰৰ কিতাপখন উন্মোচন কৰিছিল৷ প্ৰথমতে প্ৰকল্পিত তথ্যকোষ চাৰিটা খণ্ডত সামৰাৰ কথা আছিল যদিও পাছলৈ প্ৰাপ্ত তথ্যৰ আধাৰত ৬টি খণ্ডলৈ বিস্তাৰৰ সিদ্ধান্ত লোৱা হয়৷ [3]

অসম আন্দোলনৰ তথ্যকোষ  
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ কোষ
মিডিয়া প্ৰকাৰ মুদ্ৰণ

খণ্ড সমূহ সম্পাদনা কৰক

  • অসম আন্দোলনৰ তথ্যকোষ : উকমুকনিৰ পৰা উদ্গীৰণলৈ (১৯৭৮-১৯৮০)
  • অসম আন্দোলনৰ তথ্যকোষ : প্ৰত্যাশা, আলোচনা (১৯৮০-৮১)
  • অসম আন্দোলনৰ তথ্যকোষ : আলোচনা, আন্দোলন, আলোড়ন (জুলাই ১৯৮১- অক্টোবৰ, ১৯৮২)
  • অসম আন্দোলনৰ তথ্যকোষ : শীৰ্ষ বিন্দু : 'জুয়ে পোৰা তিৰাশী' (নবেম্বৰ ১৯৮২- জুন, ১৯৮৩)
  • অসম আন্দোলনৰ তথ্যকোষ : ধাৰাবাহিকতা আৰু চুক্তি
  • অসম আন্দোলনৰ তথ্যকোষ : পৰিপূৰক সংযোজন

বিষয়বস্তু সম্পাদনা কৰক

৬টা খণ্ডত প্ৰকাশ হ’বলগীয়া গ্ৰন্থখনৰ বিষয়বস্তুসমূহ এনেধৰণৰ–[4]

  • নিৰ্ধাৰিত সময়ছোৱাত ৰাজ্যৰ অগ্ৰণী দৈনিক কাকতত প্ৰকাশিত আন্দোলনৰ প্ৰাপ্ত প্ৰায় সকলো বাতৰিৰ টোকা৷ এই বাতৰিসমূহ নিৰ্বাচন কৰোঁতে আন্দোলনৰ লগত জড়িত ৰাজনৈতিক ঘটনাক্ৰমসমূহ সামৰা হ’ব৷
  • উক্ত সময়ছোৱাত আন্দোলনৰ বিষয়ে ৰাষ্টীয় কাকতত পৰিৱেশিত প্ৰতিবেদন আৰু বাতৰি প্ৰয়োজনত যথাযথভাৱে, বা উক্ত বাতৰিৰ প্ৰতিবেদনৰ টোকা৷
  • আন্দোলনৰ বেজ, গোহাৰি-পত্ৰ, প্ৰচাৰ-পত্ৰ৷
  • আন্দোলনকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আদান-প্ৰদান হোৱা পত্ৰ, স্মাৰক-পত্ৰ৷
  • তদানীন্তন সময়ছোৱাত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা প্ৰকাশিত বিভিন্ন আলোচনী, বাতৰি কাকত, কিতাপ, পুস্তিকা৷
  • নিৰ্ধাৰিত সময়ছোৱাৰ আৰক্ষীৰ দৈনিক প্ৰতিবেদন৷
  • আন্দোলনৰ সময়ৰ বিভিন্ন আলোকচিত্ৰ৷
  • আন্দোলনৰ আধাৰত প্ৰকাশিত কিতাপ৷
  • আন্দোলনকাৰীৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ আলোচনাৰ তথ্য৷
  • আন্দোলনৰ বিষয়ে হোৱা গৱেষণা-পত্ৰ আদি৷ [1]

তথ্যসূত্ৰ সম্পাদনা কৰক