অসম চাৰু-কাৰু কলা পৰিষদ
অসম চাৰু-কাৰু কলা পৰিষদ (ইংৰাজী: Assam Fine Arts & Crafts Society) অসমৰ শিল্পকলা জগতৰ এটি পুৰণি অনুষ্ঠান। অসমৰ শিল্পকলাৰ জগতখনত এই অনুষ্ঠানটোৰ এক বিশেষ অৰিহণা আছে।
ইতিহাসসম্পাদনা কৰক
১৯৭১ চনত অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠিত হৈছিল। অসমৰ বিশিষ্ট সাধক শিল্পী নীলপৱন বৰুৱাই লিখিছিল তেওঁৰ এৰি অহা দিনৰ কথা এনেদৰে “জজ খেলপথাৰৰ প্ৰায় মাজতে থকা এৰাপৰণীয়া ঘৰটোত আমি সোমালোহি এসত্তৰ চনৰ তিনি নবেম্বৰ তাৰিখে। নবেম্বৰৰ ১৪ তাৰিখে সেই ঘৰটোতে আমাৰ শিশু চিত্ৰকলাৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰি ১৩ নবেম্বৰ তাৰিখে ছবিবোৰ সজাবলৈ ল’লো সোণাৰাম নাথ আৰু মই” - সেয়াই আৰম্ভণি আৰু বহুতো শ্ৰম আৰু ত্যাগৰ ইতিহাস এই ছ’চাইটিৰ বুকুত এতিয়াও স্পষ্ট হৈ আছে।[1]
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ [ছন্দ, প্ৰস্তাৱনা সংখ্যা, আগষ্ট, ২০১০] ৰ তথ্য]