অসম জাতীয় সন্মিলন(Assam National Conference) ভাৰতঅসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল। অসম গণ পৰিষদৰ পৰা বিসম্বাদেৰে আতঁৰি যোৱা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত ১৯৯৮ চনত এই দলটো গঠন হৈছিল।

২০০১ চনত অসম জাতীয় সন্মিলনৰ সাধাৰণ সম্পাদক হেমন্ত বৰ্মন আৰু আন বহু সদস্যই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে।

২০০১ চনৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনত অসম জাতীয় সন্মিলনে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোটৰ অংশ ৰূপে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টী (এন চি পি)ৰ প্ৰতীকচিহ্নৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।