অসম ডাউনটাউন বিশ্ববিদ্যালয়

অসম ডাউনটাউন বিশ্ববিদ্যালয় ২০১০ চনত অসম ডাউনটাউন বিশ্ববিদ্যালয় বিধি,২০১০ৰ মতে গুৱাহাটীৰ পানীখাইতীত প্ৰতিষ্ঠা কৰা হয়।[1] বিশ্ববিদ্যালয় খনে প্ৰায় ৪২ একৰ ভূমি আৱৰি আছে। ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থিত বিশ্ববিদ্যালয়খন অসম সচিবালয়ৰ পৰা মাত্ৰ ১২ কিঃমিঃ নিলগত।

অসম ডাউনটাউন বিশ্ববিদ্যালয়
Assam Down Town University
মূলমন্ত্ৰ "Encouraging Success"
স্থাপিত ২০১০ (2010)
ধৰণ ব্যক্তিগত
আচাৰ্য এন. এন. দত্ত
উপাচাৰ্য আৰ. চি. ডেকা
শৈক্ষিক কৰ্মচাৰী ~২৫০
শিক্ষাৰ্থী ~ ৪৫০০
স্থান পানীখাইতি, গুৱাহাটী, অসম, ভাৰতভাৰত
উপনাম ADTU
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ, সৰ্ব ভাৰতীয় প্ৰযুক্তিবিদ্যা শিক্ষা পৰিষদ, দূৰ শিক্ষা পৰিষদ, ভাৰতীয় ফাৰ্মাচী পৰিষদ, ভাৰতীয় নাৰ্চিং পৰিষদ, ভাৰতী ফিজিঅ'থেৰাপী সংস্থা
ৱেবছাইট Official website

বিশ্ববিদ্যালয়খন ডাউনটাউন চেৰিটেবল ন্যাসে প্ৰতিষ্ঠা কৰিছিল। ডাউনটাউন হস্পিটাল এই ন্যাসৰ পৰিচালক।[2]

অৱস্থান সম্পাদনা কৰক

অসম ডাউনটাউন বিশ্ববিদ্যালয় গুৱাহাটীৰ পানীখাইতীৰ মাধৱ নগৰ পথত অৱস্থিত।

শিক্ষা সম্পাদনা কৰক

বিশ্ববিদ্যালয় খনে বিভিন্ন বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী আগবঢ়ায়। বিশ্ববিদ্যালয় খনত অভিযান্ত্ৰিক, হস্পিটালিটি, স্বাস্থ্য বিজ্ঞান আৰু ফাৰ্মাচী বিষয়ত বিভিন্ন পাঠ্যক্ৰমৰ সুবিধা আছে।

ই হোটেল ব্যৱস্থাপনা আৰু উদ্যোগিক প্ৰশিক্ষণত ডিগ্ৰী প্ৰদান কৰিবলৈ ভাৰত পৰ্যটন উন্নয়ন সংস্থাৰ লগত বুজাবুজিৰ চুক্তি চহী কৰিছে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "University". www.ugc.ac.in. http://www.ugc.ac.in/privateuniversitylist.aspx?id=3&Unitype=3। আহৰণ কৰা হৈছে: 2015-10-26. 
  2. "Assam down town University: The Leading University of north-east India". www.adtu.in. http://www.adtu.in/। আহৰণ কৰা হৈছে: 2015-10-26. 

বহিঃ সংযোগ সম্পাদনা কৰক