অসম শোধনাগাৰ আন্দোলন

শোধনাগাৰ স্থাপনৰ দাবীত হোৱা আন্দোলন
(অসম তেল শোধানাগাৰ আন্দোলনৰ পৰা পুনঃনিৰ্দেশিত)

অসম শোধানাগাৰ আন্দোলন (ইংৰাজী: The Refinery Movement in Assam) অসমৰ খাৰুৱা তেলেৰে (crude oil) অসমৰ সলনি কেন্দ্ৰীয় চৰকাৰে বিহাৰৰ বাৰাউনীত শোধানাগাৰ স্থাপন কৰিব বিচৰা সিদ্ধান্তৰ প্ৰতিবাদ কল্পে ১৯৫৬-৫৭ চনত সংঘটিত এক আন্দোলন। স্বাধীনতাৰ পিছত ভাৰতত সকলোতকৈ বৃহৎ তৈলক্ষেত্ৰখন আৱিষ্কৃত হৈছিল অসমনাহৰকটীয়াত। নতুন তৈলক্ষেত্ৰখনৰ পৰা বছৰি আঢ়ৈ মিলিয়ন টন খাৰুৱা তেল উৎপাদনৰ আশা কৰা হৈছিল, যিয়ে পৰৱৰ্তী তিনি বছৰত দেশৰ এক-তৃতীয়াংশ প্ৰয়োজনীয়তা পূৰাব পাৰিব। অথচ এই তেলেৰে আচাম অইল কৰ্পোৰেচনে কলকাতাত আৰু ভাৰত চৰকাৰে বাৰাউনীত শোধানাগাৰ স্থাপন কৰাৰ পোষকতা কৰিছিল।[1]

অসম শোধানাগাৰ আন্দোলন

গুৱাহাটী শোধানাগাৰৰ উদ্বোধন উপলক্ষে ভাৰতীয় ডাক বিভাগে প্ৰকাশ কৰা ডাকটিকট
তাৰিখ ১৯৫৬-৫৭
স্থান
কাৰণ অসমৰ খাৰুৱা তেলেৰে অসমৰ সলনি বাৰাউনিত শোধানাগাৰ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্ত
ফল গুৱাহাটীত অসমৰ দ্বিতীয়টো তেল শোধানাগাৰ স্থাপন
পদ্ধতি অসম বিধান সভাত প্ৰস্তাৱ গ্ৰহণ, হৰতাল, লাঠি চালনা, কন্দুৱা গেছ প্ৰয়োগ

প্ৰেক্ষাপট

সম্পাদনা কৰক

ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতৰ সৰ্ববৃহৎ তৈলক্ষেত্ৰখন আৱ্ষ্কিৃত হৈছিল উজনী অসমৰ নহৰকটীয়াত। নতুন তৈলক্ষেত্ৰখনৰ পৰা বছৰি ২.৫ মিলিয়ন টন খাৰুৱা তেলৰ উৎপাদন হ’ব বুলি ভবা হৈছিল, যিয়ে পৰৱৰ্তী তিনি বছৰৰ ভিতৰত ভাৰতৰ প্ৰয়োজনীয় তেলৰ চাহিদা এক-তৃতীয়াংশ পূৰাব পাৰিব। স্বাভাৱিকতে এটা নতুন শোধনাগাৰৰ প্ৰয়োজনীয়তা আহি পৰিল আৰু ১৯৫৬ চনত শোধনাগাৰৰ সৈতে জড়িত বিভিন্ন বিষয়ত আচাম অইল কোম্পানী আৰু বাৰ্মা অইল কোম্পানীৰ সৈতে ভাৰত চৰকাৰৰ কথা-বতৰা আৰম্ভ হ’ল। এটা বিশেষজ্ঞৰ কমিটিয়ে প্ৰস্তাৱিত শোধনাগাৰটো কলকাতাত স্থাপন কৰাৰ পোষকতা কৰিছিল। কমিটিয়ে লগতে আন দুখন ঠাইৰ নামো প্ৰস্তাৱ কৰিছিল, অসমৰ ধুবুৰী আৰু বিহাৰৰ বাৰাউনি। কিন্তু ভাৰত চৰকাৰৰ মন আছিল বাৰাউনিত শোধনাগাৰ স্থাপন কৰাৰহে।[1]


ভাৰত চৰকাৰে শোধনাগাৰটো ৰাজহুৱা খণ্ডত নিৰ্মাণৰ সিদ্ধান্ত লয়। কিন্তু আসাম অয়ল কোম্পানীয়ে স্পষ্টকৈ জনাই দিয়ে যে ৰাজহুৱা খণ্ডত শোধনাগাৰ নিৰ্মাণ কৰিলে তেওঁলোকে এই উদ্যোগত অংশ নলয়। এনে পৰিস্থিতিত ভাৰত চৰকাৰক বৃহৎ পূঁজি আৰু কাৰিকৰী সহায়ৰ প্ৰয়োজন হ’ল। অৱশেষত ১৯৫৭ চনত শোধনাগাৰ প্ৰতিষ্ঠাৰ বাবে এটা কোম্পানী প্ৰতিষ্ঠা হয়, য’ত বাৰ্মা অয়ল কোম্পানীৰ দুই-তৃতীয়াংশ আৰু ভাৰত চৰকাৰৰ এক-তৃতীয়াংশ অংশীদাৰিত্ব থাকিব।[1]

ঘটনাপ্ৰবাহ

সম্পাদনা কৰক

অসমত শোধনাগাৰ স্থাপন কৰাৰ সংক্ৰান্তত ৩ এপ্ৰিল ১৯৫৬-ত অসম বিধান সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয়; যদিও ভাৰত চৰকাৰে এই সম্পৰ্কে কোনো নিশ্চিত প্ৰতিশ্ৰুতি নিদিলে। শোধনাগাৰৰ দাবীত অসমত প্ৰথম বহলভিত্তিত প্ৰতিবাদ হয় ২৮ আগষ্ট ১৯৫৬-ত। বিধান সভাৰ বিৰোধী দল আৰু সদৌ অসম তেল শোধনাগাৰ একচন কমিটিৰ সভাপতি হৰেশ্বৰ গোস্বামীৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী পৰিচালিত হৈছিল। সেইদিনা সকলো দোকান-পোহাৰ, কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকে। ৰেল আৰু বাচসেৱা স্থৱিৰ হৈ পৰে। ঠায়েঠায়ে সমদল আৰু জনসভা অনুষ্ঠিত কৰা হয়। নগাঁওত পুলিচ আৰু প্ৰতিবাদকাৰীৰ মুখামুখী সংঘৰ্ষ হয়। গুৱাহাটীত পুলিচে লাঠিচালনা আৰু কন্দুৱা গেছৰ প্ৰয়োগ কৰে। মুঠ ৩০৬জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হয়।[1]

১৯৫৬ চনৰ আগষ্ট-চেপ্তেম্বৰৰ বিধান সভা অধিবেশনত ২৮ আগষ্টৰ হৰতাল সম্পৰ্কে যথেষ্ট বিতৰ্ক হয়। মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে হৰতালটোক ‘অযৌক্তিক’ আখ্যা দি কয় যে কেন্দ্ৰীয় চৰকাৰে আচাম অয়ল কৰ্পোৰেচনৰ কলকাতাত শোধনাগাৰ স্থাপনৰ দাবী মানি লোৱা নাই আৰু অসমৰ দৃষ্টিভংগীৰে চৰকাৰে বিষয়টো বিবেচনা কৰি আছে। মেধিয়ে হৰেশ্বৰ গোস্বামীৰ ভূমিকাক সমালোচনা কৰি কয় যে শোধনাগাৰৰ স্থান সম্পৰ্কে ৰাজপথত সিদ্ধান্ত লব পৰা নাযায়; ইয়াৰ বিষয়ে সিদ্ধান্ত লব পৰা যায় শীতল আৰু নিৰপেক্ষ আলোচনাৰ মাজেৰেহে।[1]

জনতাৰ হেচা আৰু ভাৰত চৰকাৰৰ সৈতে অসম চৰকাৰৰ নিৰন্তৰ আলোচনাৰ ফলস্বৰূপে বিষয়টো পৰ্যালচনা কৰিবলৈ ৰেল মন্ত্ৰালয়ৰ পৰামৰ্শদাতা এচ বশিষ্ঠৰ নেতৃত্বত এখন এঘাৰজনীয়া বিশেষজ্ঞ কমিটি গঠন কৰা হয়। কমিটিখনে অসমৰ দাবীক নহয়, মূলতঃ কাৰিকৰী দিশবোৰহে পৰ্যালোচনা কৰিছিল। ১৯৫৬ চনৰ ১৮ অক্টোবৰত জৱাহৰলাল নেহেৰুৱে অসম ভ্ৰমণলৈ আহোঁতে বহু শ মানুহে তেল শোধনাগাৰৰ দাবীত বিভিন্ন শ্লোগান আৰু ফেষ্টুনেৰে বিৰোধ প্ৰদৰ্শন কৰে। একচন কমিটিৰ এটা প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি কয় যে বিশেষজ্ঞ কমিটিয়ে অসমত শোধনাগাৰ স্থাপনৰ বিষয়টো চোৱাচিতা কৰিব লাগে আৰু এই সংক্ৰান্তত উদ্ভৱ হোৱা সমস্যাবোৰ কেনেকৈ মোকাবিলা কৰিব পাৰি, তাৰ উপায় বিচাৰিব লাগে।[1]

১৯৫৭ চনৰ জুনত অসমৰ দাবীক উপেক্ষা কৰি ভাৰত চৰকাৰে বাৰাউনিত তেল শোধনাগাৰ স্থাপনৰ সিদ্ধান্ত লয়; যাৰ ফলস্বৰূপে অসমত ক্ষোভৰ বিষ্ফোৰণ ঘটে। ১৭ জুনত দল-মত নিৰ্বিশেষে অসম বিধান সভাৰ সকলো সদস্য ওলাই আহে। তেওঁলোকে মত ৰাখে যে অসমত পেট্ৰোলিয়াম ভিত্তিক উদ্যোগ, ৰেল পৰিবহণৰ উন্নয়ন আৰু নিয়োগ সৃষ্টিৰ বাবে অসমত শোধনাগাৰ স্থাপন অতিকৈ আৱশ্যক। বাতৰি কাকত, আলোচনীবোৰেও এই সংক্ৰান্তত নিৰন্তৰ প্ৰবন্ধ-পাতি আৰু ৰাইজৰ চিঠি প্ৰকাশ কৰিবলৈ ল’লে। ২৮ আৰু ২৯ জুনত হৰেশ্বৰ গোস্বামীৰ সভাপতিত্বত শোধনাগাৰ একচন কমিটিৰ সন্মিলন অনুষ্ঠিত হয়, য’ত অসমৰ সকলো জিলাৰ প্ৰতিনিধি উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি সন্মিলনে প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰে।

অসমৰ ৰাইজৰ দাবীৰ ওচৰত সৈমান হৈ ভাৰত চৰকাৰে অসম আৰু বাৰাউনিত শোধনাগাৰ স্থাপনৰ সম্ভাৱনীয়া সম্পৰ্কে অধ্যয়ন কৰাৰ অৰ্থে সুকীয়া আঁচনি তৈয়াৰ কৰে। দ্য আমেৰিকান ফষ্টাৰ হুইলাৰ কোম্পানীক এই সংক্ৰান্তত পৰিকল্পনা আয়োগক পৰামৰ্শ দিয়াৰ বাবে দায়িত্ব দিয়া হ’ল। শেষত চৰকাৰে ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ অধীনত নুনমাটিত (গুৱাহাটী) আৰু বাৰাউনিত দুটাকৈ ১ মিলিয়ন মেট্ৰিক টন ক্ষমতাৰ[2] ৰাজহুৱা খণ্ডৰ শোধনাগাৰ স্থাপনৰ সিদ্ধান্ত লয়। ১৯৬২ চনৰ পৰা গুৱাহাটী শোধনাগাৰৰ উৎপাদন আৰম্ভ হয়।[3] শোধনাগাৰটো তদানিন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে উদ্বোধন কৰিছিল।[1][4]

লগতে পঢ়ক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক