অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

প্ৰশিক্ষণ প্ৰতিষ্ঠান

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় অসম চৰকাৰৰ দ্বাৰা পৰিচালিত এখন সামাজিক আঁচনি আৰু জন প্ৰশাসনৰ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়ত মূলতঃ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়া সমূহক প্ৰশিক্ষণ দিয়া হয় আৰু অসম চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰত গৱেষণা কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ জৱাহৰনগৰত অৱস্থিত মহাবিদ্যালয়খনৰ বৰ্তমান সঞ্চালক মনোজ কুমাৰ ডেকা।

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়
স্থাপিত ১৯৬০
ধৰণ সামাজিক আঁচনি আৰু জন প্ৰশাসনৰ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান
সঞ্চালক মনোজ কুমাৰ ডেকা, আইএএছ
স্থান গুৱাহাটী, অসম
চৌহদ জৱাহৰনগৰ, খানাপাৰা
ভুক্তি অসম চৰকাৰ
ৱেবছাইট aasc.assam.gov.in

কাম-কাজ সম্পাদনা কৰক

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ আঁচনি প্ৰণয়নৰ পৰিকল্পনা আৰু ৰূপায়ণ জড়িত গৱেষণা আৰু প্ৰশাসনিক বিষয়া সমূহৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত সংযুক্ত পৰীক্ষাত উত্তীৰ্ণ অসম প্ৰশাসনিক সেৱা, আৰক্ষী সেৱা, কৰ, পৰিবহণ, অবকাৰী, সমবায় আৰু ভূমি ৰাজহ সেৱাৰ নৱনিযুক্ত বিষয়া সমূহক ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। ইয়াৰ লগতে প্ৰশাসনিক বিষয়া সমূহৰ প্ৰশিক্ষণৰ প্ৰয়োজন বিশ্লেষণ, প্ৰশিক্ষণ কাৰ্যসূচী নিৰ্ণয়, প্ৰশিক্ষণৰ সামগ্ৰী প্ৰস্তুত আৰু নৱীকৰণ, আন্তঃ আৰু বহিঃ পৰীক্ষণ ইত্যাদিৰ লগত জড়িত। ইয়াৰ লগতে ই অসমৰ অন্যান্য অসামৰিক সেৱাৰ বিষয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য বিভাগৰ বিষয়া সমাহাৰ আধাৰ পাঠ্যক্ৰম আগবঢ়ায়। ইয়াৰ লগতে ব্যৱস্থাপনা, প্ৰশাসনিক উন্নয়ন, গ্ৰামোন্নয়ন, পৰিকল্পনা প্ৰক্ৰিয়াৰ বিকেন্দ্ৰীকৰণ, প্ৰকল্পৰ ৰূপায়ণ, সামাজিক বিতৰণ তন্ত্ৰ, কম্পিউটাৰ তন্ত্ৰ আদিৰ নৱপাঠ্যক্ৰম আৰু উন্মুখীকৰণ অনুষ্ঠিত কৰে।

তদুপৰি অসম অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বন সেৱা, ভাৰতীয় আৰক্ষী সেৱা আৰু ভাৰত চৰকাৰৰ অন্যান্য কেন্দ্ৰীয় সেৱাৰ বিষয়াসকলৰ বাবে বিভিন্ন পাঠ্যক্ৰম যুগতায়। ইয়াৰ লগতে ভাৰত চৰকাৰে প্ৰযোজনা কৰা বিভিন্ন পাঠ্যক্ৰম যেনে প্ৰশিক্ষকৰ প্ৰশিক্ষণ, প্ৰশিক্ষণৰ ব্যৱস্থাপনা, মানৱ অধিকাৰ, লৈংগীক বিষয়, চিকিৎসালয় ব্যৱস্থাপনা, কম্পিউটাৰ কাৰ্য-ব্যৱস্থা আদিও শিকোৱা হয়।[1]

পৰিচালনা সম্পাদনা কৰক

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় অসম চৰকাৰৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ বিভাগৰ অন্তৰ্ভুক্ত। প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ বিভাগৰ বিভাগীয় মন্ত্ৰী হৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ বৰ্তমান সঞ্চালক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মনোজ কুমাৰ ডেকা আৰু প্ৰশিক্ষণ সঞ্চালক ৰুবী বৰা।

অৱস্থান সম্পাদনা কৰক

মহাবিদ্যালয়খনি জৱাহৰ নগৰৰ দক্ষিণে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু উত্তৰে গুৱাহাটী শ্বিলং পথৰ মাজত অৱস্থিত। এই মহাবিদ্যালয় দিশপুৰত অৱস্থিত অসম চৰকাৰৰ সচিবালয় গৃহৰ পৰা ৫ কিলোমিটাৰ নিলগত অৱস্থিত। গুৱাহাটীত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা এই মহাবিদ্যালয় ৩০ কিলোমিটাৰ গুৱাহাটী ৰেল ষ্টেচনৰ পৰা এই মহাবিদ্যালয়ৰ দূৰত্ব ১১ কিলোমিটাৰ নিলগত অৱস্থিত।

তথ্য উৎস সম্পাদনা কৰক

  1. "Archived copy". Archived from the original on 10 September 2017. https://web.archive.org/web/20170910091923/http://aasc.nic.in/ab_aasc/activity_new.htm। আহৰণ কৰা হৈছে: 8 September 2017.