অৰুণাচল কমলা বা ৱাক্ৰ’ কমলা হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত থলুৱাভাৱে উৎপাদিত হোৱা এবিধ কমলা টেঙা। ২০১৫ চনৰ ২৩ মাৰ্চত ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়নৰ কাৰ্যালয়ে[1] অৰুণাচল কমলাক ভৌগোলিক স্বীকৃতি প্ৰদান কৰে।[2] উত্তৰ-পূব ক্ষেত্ৰীয় কৃষি বিপনণ নিগম লিমিটেডে ভৌগোলিক স্বীকৃতি পঞ্জীয়কৰ ওচৰত দাখিল কৰা প্ৰতিবেদন অনুসৰি এই কমলাবিধৰ বিশেষত্ব হৈছে ইয়াৰ টেঙা-মিঠা সোৱাদ আৰু ৰসৰ প্ৰাচুৰ্য। অৰুণাচল প্ৰদেশৰ মুঠ টেঙাজাতীয় ফল উৎপাদনৰ ৯০ শতাংশই হৈছে অৰুণাচল কমলা।[1]

অৰুণাচল কমলা
ভৌগোলিক স্বীকৃতি
বৰ্ণনা টেঙা-মিঠা সোৱাদৰ ৰসাল কমলা
প্ৰকাৰ ফল
অঞ্চল অৰুণাচল প্ৰদেশ
দেশ ভাৰত

অৰুণাচল কমলাৰ গছসমূহ গুল্মজাতীয় আৰু ই প্ৰায় ৩-ৰ পৰা ৬ মিঃ পৰ্যন্ত ওখ হয়। এজোপা পূৰঠ গছত বছৰি গড়ে ২০০-ৰ পৰা ৩০০-টালৈকে ফল লাগে। ইয়াৰ বাকলিৰ ঘনত্ব মজলীয়া আৰু পকিলে টেঙাসমূহৰ বৰণ সুমথিৰা হৈ পৰে। নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ফলসমূহ গছৰ পৰা ছিঙি অনা হয়।[1]

বৈশিষ্ট্যসমূহ সম্পাদনা কৰক

বৃদ্ধি, গঠনমূলক-ৰাসায়নিক বৈশিষ্ট্য আৰু সোৱাদৰ ফালৰ পৰা অৰুণাচল কমলা আন কমলা টেঙাসমূহতকৈ ভিন্ন হয়। ইয়াৰ বিশেষত্বসমূহ এনেধৰণৰ:[1]

  • অৰুণাচল কমলাৰ বাকলি আন কমলাৰ দৰে আটিল নহয় বাবে গুচাবলৈ সহজ।
  • নাগপুৰৰ কমলাকে ধৰি অন্যান্য কমলাটেঙাতকৈ আয়তন অনুসৰি ইয়াৰ ৰসৰ পৰিমাণ অধিক।
  • মুঠ দ্ৰৱীভূত উপাদান বা টিএছএছৰ পৰ্যাপ্ত পৰিমাণ আৰু ন্যূনতম এচিডিটিয়ে ইয়াক অনন্য টেঙা-মিঠা সোৱাদযুক্ত কৰি তোলে।
  • এই কমলাসমূহ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা হয় আৰু ইয়াত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নহয়।

গঠনমূলক-ৰাসায়নিক বৈশিষ্ট্য সম্পাদনা কৰক

 
এক ডজন অৰুণাচলৰ কমলা
পূৰ্ণাংগ ফল একোটাৰ গঠনমূলক-ৰাসায়নিক বৈশিষ্ট্য[1]
ভিত্তি/উপাদান পৰিমাণ
গড় ওজন (গ্ৰাম) ১৪২
গড় আকাৰ (মিঃমিঃ) ৬৫
একোটা ফলত থকা ৰসৰ গড় পৰিমাণ (গ্ৰাম) ৬৪.৪৯
একোটা ফলৰ ওজনৰ অনুপাতে (w/w) ৰসৰ পৰিমাণ (%) ৪৬.৫৩
বাকলিৰ ঘনত্ব (মিঃমিঃ) ২.৪১
মুঠ দ্ৰৱীভূত উপাদানৰ পৰিমাণ (টিএছএছ) (%) (w/w) ১০.৭
এচিডিটি (এনহাইড্ৰেছ চাইট্ৰিক এচিডৰ ৰূপত) (%) (w/w) ০.১৮
এস্ক’ৰ্বিক এচিড (মিঃগ্ৰাঃ/১০০ মিঃলিঃ ৰস) ২৫

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 "Arunachal Orange". Geographical Indication Registry. March 23, 2015. http://ipindiaservices.gov.in/GirPublic/Application/Details/375। আহৰণ কৰা হৈছে: April 11, 2020. 
  2. "Arunachal Wakro orange gets GI registration". Business Line. The Hindu. May 21, 2015. https://www.thehindubusinessline.com/economy/agri-business/arunachal-wakro-orange-gets-gi-registration/article7231888.ece#। আহৰণ কৰা হৈছে: April 11, 2020.