অৰুণ দাস
অৰুণ দাস (ইংৰাজী: Arun Das) অসমৰ ৰকষ্টাৰ হিচাপে পৰিচিত এগৰাকী সংগীত শিল্পী। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰাৰ উপৰি দুখন চলচ্চিত্ৰৰ সংগীত পৰিচালনাও কৰিছিল। ১৯৮৭ চনত তেওঁৰ কণ্ঠৰ প্ৰথমটো কেছেট “মোৰ গীত মোৰ প্ৰেম’’ মুক্তি পাইছিল। তেওঁৰ জন্ম হৈছিল ১৯৫৩ চনৰ ২৭ অক্টোবৰত যোৰহাটৰ ভোগদৈপাৰত।