অৰুণ (শিশু আলোচনী)

অসমীয়া ভাষাৰ শিশু আলোচনী

অৰুণ অসমীয়া ভাষাত প্ৰকাশিত এখনি শিশু আলোচনী৷ ১৯২৬ চনত কলকাতাৰ ৮ সুবল চন্দ্ৰ লেনৰ পৰা প্ৰকাশিত আলোচনীখনৰ সম্পাদক আছিল মহাদেৱ শৰ্মা[1] শিশু উপযোগী প্ৰবন্ধ, গল্প, কবিতাৰে ভৰপুৰ আলোচনীৰখনত পুথি সমালোচনা শিতান এটাও আছিল৷ আলোচনীখনৰ লেখকসকল আছিল, তৰুণৰাম ফুকন, ডিম্বেশ্বৰ নেওগ, ৰোহিণীকান্ত বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা আদি৷ ১৯৩৪ চনত আলোচনীখনৰ প্ৰকাশ বন্ধ হয়৷[2]

“অৰুণ’’ নামৰ আন এখন সাধাৰণ আলোচনী ১৯৫৮ চনত মাজুলীৰ পৰা থানেশ্বৰ হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পায়৷ আলোচনীখন মাত্ৰ দুটা সংখ্যা প্ৰকাশ হোৱাৰ পিছত বন্ধ হৈ যায়৷[2]

আন এখন “অৰুণ’’ নামৰ সাহিত্য বিষয়ক আলোচনী ১৯৭৩ চনত বনগাঁও, বাদুলিপাৰ, গোলাঘাটৰ পৰা প্ৰকাশ হৈছিল৷ সম্পাদক আছিল ৰামকুমাৰ আগৰৱালা৷ প্ৰকাশক বোধেশ্বৰ দোৱনীয়া৷[3]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. শৰ্মা, হেমন্ত কুমাৰ (১৯৯১). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. বীণা লাইব্ৰেৰী. পৃষ্ঠা. ৩৭৬. 
  2. 2.0 2.1 ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ৪১. 
  3. ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ৮০.