অৰ্চনা ভট্টাচাৰ্য

ভাৰতীয় পদাৰ্থবিজ্ঞানী

অৰ্চনা ভট্টাচাৰ্য (জন্ম-১৯৪৮) এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে আয়নমণ্ডলীয় পদাৰ্থ বিজ্ঞান, ভূচুম্বকত্ব, মহাকাশৰ বতৰ আদি বিষয়ত গৱেষণা কৰিছে। তেখেত নৱী মুম্বাইস্থিত, "ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠান"ৰ সঞ্চালক আছিল।[1][2]

অৰ্চনা ভট্টাচাৰ্য

জন্ম ১৯৪৮ (বয়স ৭৫–৭৬)
বাসস্থান ভাৰত
জাতীয়তা ভাৰত
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান
কৰ্মস্থান ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠান,
বায়ু সেনা গৱেষণা প্ৰয়োগশালা (আমেৰিকৰ মাচাছুছেটছ)
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়,
নৰ্থৱেষ্টাৰ্ন বিশ্ববিদ্যালয়
জনা যায় আয়নমণ্ডলীয় পদাৰ্থ বিজ্ঞান,
ভূচুম্বকত্ব,
মহাকাশৰ বতৰ।
উল্লেখনীয় বঁটা অধ্যাপক কে আৰ ৰামানাথন স্মাৰক বক্তৃতা আৰু পদক,
ডা. কে এছ কৃষ্ণন সোণৰ পদক

শিক্ষা সম্পাদনা কৰক

অৰ্চনা ভট্টাচাৰ্যই ১৯৬৭ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬৯ চনত একেখন শিক্ষানুষ্ঠানৰ পৰাই তেখেতে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ১৯৬৪ চনৰ পৰা ১৯৬৯ চনলৈকে তেখেতে "ভাৰতীয় বিজ্ঞান প্ৰতিভা"ৰ জলপানি লাভ কৰে। ১৯৭৫ চনত তেখেতে নৰ্থৱেষ্টাৰ্ন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত ডক্তৰেট ডিগ্ৰী আহৰণ কৰে। তেখেতে পদাৰ্থ বিজ্ঞানৰ তাত্ত্বিক ঘনীভূত পদাৰ্থৰ ক্ষেত্ৰখনত কাম কৰিছিল।[2]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৭৮ চনত অৰ্চনা ভট্টাচাৰ্যই 'ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠান'ত যোগদান কৰে।[3] তেখেতে আৰ্বানা-চেম্পেইনৰ ইলিঅ'নয়ছ বিশ্ববিদ্যালয়ৰ কেচি য়েহ গ্ৰুপৰ লগত কাম কৰিছিল। ১৯৮৬ চনৰ পৰা ১৯৮৭ চনলৈকে তেখেতে সেই প্ৰতিষ্ঠানত কাম কৰে। ১৯৯৮-২০০০ চনত তেখেত আমেৰিকৰ মাচাছুছেটছস্থিত "বায়ু সেনা গৱেষণা প্ৰয়োগশালা"ত এগৰাকী জ্যেষ্ঠ এনআৰচি আৱাসিক গৱেষণা সহযোগী হিচাপে কাম কৰে। ২০০৫ চনৰ পৰা ২০১০ চনলৈকে তেখেত "ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠান"ৰ সঞ্চালক হয়। তেখেত ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠানৰ এগৰাকী এমিৰেটাছ বিজ্ঞানী।[2]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ২০০৮ চনত "ভাৰতীয় ভূভৌতিক সংঘ"ই অৰ্চনা ভট্টাচাৰ্যক "অধ্যাপক কে আৰ ৰামানাথন স্মাৰক বক্তৃতা আৰু পদক"-এৰে পুৰস্কৃত কৰে।
  • ১৯৬৯ চনত দিল্লী বিশ্ববিদ্যালয়ে তেখেতক ডা. কে এছ কৃষ্ণন সোণৰ পদক প্ৰদান কৰে।
  • অৰ্চনা ভট্টাচাৰ্য 'ভাৰতীয় বিজ্ঞান একাডেমী' আৰু 'ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰত'ৰ সভ্য।[2]

গৱেষণাৰ ক্ষেত্ৰ সম্পাদনা কৰক

  • বিষুবীয় আয়নমণ্ডলত প্লাজমা অস্থিৰতা
  • ৰেডিঅ' তৰংগৰ জৰিয়তে আয়নমণ্ডলৰ অনুসন্ধান
  • আয়নমণ্ডলত মহাকাশীয় বতৰৰ প্ৰভাৱ
  • ভূচুম্বকীয় ক্ষেত্ৰৰ স্থান-সময়গত পৰিৱৰ্তন(Spatio-temporal variations of the geomagnetic field)[3]

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. "IAS- Archana Bhattacharyya". http://www.ias.ac.in/womeninscience/archana.html#15। আহৰণ কৰা হৈছে: 15 March 2014. 
  2. 2.0 2.1 2.2 2.3 "INSA - Archana Bhattacharyya". http://www.insaindia.org/detail.php?id=P09-1477। আহৰণ কৰা হৈছে: 15 March 2014. 
  3. 3.0 3.1 "Dr A Bhattacharya". iigm.res.in. Archived from the original on 2014-03-15. https://web.archive.org/web/20140315202250/http://iigm.res.in/index.php/the-institute/people/academic/144। আহৰণ কৰা হৈছে: 2014-03-15.