অৰ্জুন দাস বৈৰাগী (১৭-১৮ শতিকা) স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ কটকী আছিল। ১৭১০ চনৰপৰা ১৫ চনলৈ মুঠতে তিনিবাৰ ৰত্ন কন্দলী শৰ্মা কটকীৰ লগত ত্ৰিপুৰা ৰাজ্যলৈ স্বৰ্গদেউৰ সন্দেশ লৈ গৈছিল। মোগল আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ স্বৰ্গদেৱে ত্ৰিপুৰা ৰাজ্যৰ সহায় বিচাৰি বাৰ্তা পঠিয়াইছিল। ১৭২৪ চনত ৰত্ন কন্দলীৰ সৈতে যুটীয়াকৈ 'ত্ৰিপুৰা বুৰঞ্জী' ৰচনা কৰে।[1]

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী