অৰ্থবিজ্ঞান বা অৰ্থতত্ত্ব (ইংৰাজী: Sementics) হৈছে ভাষাৰ অন্তৰ্গত ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থৰ তাত্ত্বিক আৰু প্ৰণালীবদ্ধ অধ্যয়ন।[1] ভাষা বিজ্ঞানৰ এই শাখাত মানুহে ভাব বিনিময়ৰ বাবে ব্যৱহাৰ কৰা বাক্যৰ অৰ্থ আৰু তাত প্ৰয়োগ কৰা শব্দৰ প্ৰসঙ্গ অনুযায়ী হোৱা বিভিন্ন অৰ্থৰ বিজ্ঞানসন্মত বিশ্লেষণ কৰা হয়। ‘অৰ্থবিজ্ঞান’ পদটো মূলতঃ ভাষা বিজ্ঞানৰ সৈতে জড়িত যদিও দৰ্শন, আৰু কম্পিউটাৰ বিজ্ঞানকে ধৰি কেইবাটাও সুকীয়া শাখাৰ উপক্ষেত্ৰক বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

অৰ্থবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ ‘Sementics’ শব্দটো গ্ৰীক ভাষাৰ শব্দ ‘σῆμα (sema, "sign, mark, token")’ৰ[2] ক্ৰীয়া ৰূপ ‘Semains’ৰ পৰা আহৰণ কৰা হৈছে। ‘Semains’ৰ অৰ্থ হৈছে - Signal (সংকেত), ‘mean’ (অৰ্থ), আৰু ‘signify’ (ধাৰণা)।

ভাষিক গঠনৰ প্ৰধান স্তৰসমূহ।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Partee, B. (1999) Semantics Archived 2021-08-10 at the Wayback Machine in R. A. Wilson and F. C. Keil (eds.) The MIT Encyclopedia of the Cognitive Sciences Archived 2021-08-10 at the Wayback Machine, Cambridge, MA: The MIT Press. 739–742.
  2. Liddell & Scott (1940). A Greek–English Lexicon. প্ৰকাশক Oxford: Clarendon Press.