অৱচেতনা
এই প্ৰবন্ধ ৱিকিপিডিয়াৰ ক্ষিপ্ৰ বিলোপনৰ মাপকাঠি অনুসৰি ক্ষিপ্ৰ বিলোপনৰ যোগ্য। কাৰণ:বিশেষ তথ্যৰ যোগান ধৰা নাই। বৈধ ক্ৰাইটেৰিয়াৰ বাবে, চাওক ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী।
যদি এই প্ৰবন্ধটো ক্ষিপ্ৰ বিলোপনৰ উপযোগী নহয়, অথবা আপুনি যদি প্ৰবন্ধটোৰ বিকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰে, অনুগ্ৰহ কৰি পৃষ্ঠাৰ পৰা এই জাননীখন আতৰাই দিয়ক, কিন্তু আপুনি নিজে তৈয়াৰ কৰা প্ৰবন্ধ ৰ পৰা জাননীখন আতৰাই নিদিব। আপুনি যদি পৃষ্ঠাটো তৈয়াৰ কৰি থাকে, আৰু ক্ষিপ্ৰ বিলোপনৰ ক্ষেত্ৰত অসন্মতি পোষণ কৰে, তেন্তে আপত্তি জনাবৰ বাবে তলৰ বাকচটোত ক্লিক কৰক। এইটোৱে আপোনাক আলোচনা পৃষ্ঠালৈ লৈ যাব আৰু তাতেই উল্লেখ কৰা নিৰ্দিষ্ট নীতি অনুযায়ী ব্যাখ্যা কৰক কিয় এই প্ৰবন্ধ পৃষ্ঠাটো অপসাৰণ কৰা উচিত নহয়। অথবা আলোচনা পৃষ্ঠাত গৈ আপুনি নতুন বাৰ্তা যোগ কৰিব পাৰে অথবা আগৰ বাৰ্তাৰ উত্তৰ আহিছে নে নাই সেয়া পৰীক্ষা কৰিব পাৰে। লক্ষ্য কৰক এই জাননীখন যুক্ত কৰাৰ পাছত যি কোনো সময়তেই (সাধাৰনতে ৭ দিনৰ পাছত) এই পৃষ্ঠাটো বিলোপ কৰা হ’ব পাৰে, যদি ক্ষিপ্ৰ বিলোপনৰ মাপকাঠিৰ চৰ্ত সম্পূৰ্ণৰূপে পূৰণ নকৰে অথবা আলোচনা পৃষ্ঠাত উল্লেখিত যুক্তিবোৰ যথেষ্ট নহয়। প্ৰশাসকবৃন্দ: বিলোপনৰ আগেয়ে পৰীক্ষা কৰক সংযোগ, ইতিহাস (শেষ), আৰু লগ [1]. গুগল ৱেব, সংবাদ সন্ধানৰ বিষয়টি বিবেচনা কৰক।
|
মনোবিজ্ঞানত বৰ্তমান চেতনাৰ (focal awareness) পৰিসৰত নথকা চেতনাকে অৱচেতনা (ইংৰাজী: subconcious) বোলা হয়। অৱচেতনা হ'ল মানৱ চেতনাৰেই এটা অংশ।অৱচেতনা (Subconscious) -অৰ ধাৰণাৰ উৎপত্তি হৈছিল উনৈশ শতিকাত। অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী চিগ্মণ্ড ফ্ৰয়েড আৰু ফৰাচী মনোবিজ্ঞানী পিয়েৰ জাঁনেটে পৃথকে পৃথকে এই ধাৰণাৰ অৱতাৰণা কৰিছিল । ছিগমুণ্ড ফ্ৰয়েডে মানুহৰ মনোজগতখনক তিনিটা স্তৰত ভাগ কৰিছিল ;
- চেতন (Conscious) আৰু ইয়াৰ সৈতে অন্তৰ্ভূক্ত কৰিছিল ইগ'ক (Ego)
- অৱচেতন (Subconscious) বা প্ৰাক-চেতন (Preconscious)
- অচেতন (Unconscious) আৰু ইয়াৰ সৈতে অন্তৰ্ভূক্ত কৰিছিল ইড (Id)আৰু চুপাৰ ইগ'ক (Super Ego)
চেতন মনে জাগ্ৰত অৱস্থাত মানুহৰ পৰিপাৰ্শিক জগতখনৰ সৈতে সতে সংযোগ ৰাখে।অৱচেতন মনে সংযোগ ৰাখে মানুহৰ অন্তৰজগতৰ সৈতে অৰ্থাৎ অতীতৰ স্মৃতি আৰু জৈৱিক প্ৰয়োজনসমূহৰ সৈতে। মনোবিজ্ঞানী ছিগমুণ্ড ফ্ৰয়ডৰ মতে মানৱ মনৰ প্ৰায় ৯০ শতাংশই অৱচেতন বাকী কেৱল ১০ শতাংশহে চেতন অৱস্থান থাকে।অৱচেতন মন যদিও আমাৰ জাগ্ৰত চেতনাৰ বাহিৰত তথাপিও কিছু চেষ্টাৰ বিনিময়ত ইয়াক আমাৰ চেতন মনলৈ আনিব পৰা যায়। উল্লেখ্য যে এই প্ৰক্ৰিয়াৰ জৰিয়তেই মানসিক ৰোগীসকলৰ মনোচিকিৎসা কৰা হয়।