অৱন বৰপূজাৰী
অৱন বৰপূজাৰী (ইংৰাজী: Aban Barpujari, ১৯৩৯-২০২১) আছিল আকাশবাণীৰ এগৰাকী ঘোষক, বাতৰি পৰিৱেশক, কবি, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ ৷ ১৯৬৪ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষকৰূপে কৰ্ম জীৱন আৰম্ভ কৰা বৰপূজাৰীয়ে পাছলৈ অনুবাদক (গ্ৰেড-এ)ৰূপে অৱসৰ গ্ৰহণ কৰে৷ কাকত-আলোচনীত কবিতা, প্ৰবন্ধ লিখাৰ লগতে তেখেতে ১৯৫০ চনৰ বৰভূইকঁপৰ পটভূমিত 'গ্ৰহণ' নামৰ এখন উপন্যাসো লিখি উলিয়াইছিল ৷ তেখেতে নাট্য-অভিনেতা হিচাপেও পৰিচিতি লাভ কৰিছিল ৷ [1]
অৱন বৰপূজাৰী | |
---|---|
অৱন বৰপূজাৰী | |
জন্ম | অৱন বৰপূজাৰী ১৯৩৯ মাৰ্ঘেৰিটা, অসম, ভাৰত |
মৃত্যু | ২৮ অক্টোবৰ, ২০২১ গুৱাহাটী,অসম, ভাৰত |
বাসগৃহ | গান্ধীবস্তি, গুৱাহাটী |
পেচা | আকাশবাণীৰ ঘোষক, কবি, ঔপন্যাসিক, নিবন্ধকাৰ |
সক্ৰিয় হৈ থকা সময় | ১৯৬৪-২০০০ |
জন্ম আৰু শিক্ষা
সম্পাদনা কৰকঅৱন বৰপূজাৰীৰ জন্ম মাৰ্ঘেৰিটাত হৈছিল যদিও তেখেত অবিভক্ত শিৱসাগৰ জিলাৰ নকছাৰীতহে শৈশৱ-কৈশোৰ অতিবাহিত কৰিছিল ৷ নকছাৰী হাইস্কুলৰ পৰা তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঊত্তীৰ্ণ হয় ৷ ইয়াৰ পিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা আই.এ. পাছ কৰে ৷ ১৯৬১ চনত কটন কলেজৰ পৰা তেখেতে ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে ৷ [1]
কৰ্মজীৱন
সম্পাদনা কৰক১৯৬৪ চনত অৱন বৰপূজাৰীয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষকৰূপে কৰ্মজীৱনৰ পাতনি মেলে৷ ১৯৬৬ চনৰ ১ জুন তাৰিখে তেখেতে আকাশবাণী দিল্লীত বাতৰি পৰিৱেশক হিচাপে যোগদান কৰে ৷ আকাশবাণী দিল্লীৰ পৰা তেখেতে 'সংবাদ বিচিত্ৰা' নামৰ অনুষ্ঠান এটা প্ৰযোজনা কৰিছিল৷ ১৯৮৪ চনৰ ২৬ জুনত অৱন বৰপূজাৰী আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ বদলি হৈ আহে ৷ ২০০০ চনত এইটো কেন্দ্ৰৰ পৰাই তেখেতে বাতৰি পৰিৱেশক আৰু এ-গ্ৰেডৰ অনুবাদক হিচাপে অৱসৰ লয় ৷ [1]
অৱন বৰপূজাৰীয়ে নাটকতো অভিনয় কৰিছিল ৷ তেখেতে একাধিক কাকতৰ লগতে তেখেতে 'প্ৰতিধ্বনি', 'নৱযুগ'ত কবিতা লিখিছিল ৷ চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিবেদন, বাতৰি আদিৰ বিষয়ে তেখেতে 'অসম বাণী'ত লিখিছিল ৷ কুৰি শতিকাৰ ১৯৫০ চনত অসম কঁপাই যোৱা বৰভূঁইকঁপৰ পটভূমিত অৱন বৰপূজাৰীয়ে 'গ্ৰহণ' নামৰ উপন্যাস এখনো লিখি উলিয়াইছিল ৷ [1]
ব্যক্তিগত জীৱন
সম্পাদনা কৰকঅৱন বৰপূজাৰীৰ পত্নী বন্তি বৰপূজাৰীও আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত জড়িত ৷ তেখেত কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া ৷ দম্পতীটোৰ এটি পুত্ৰ সন্তান আছে ৷ [1]
মৃত্যু
সম্পাদনা কৰক২০২১ চনৰ ২৮ অক্টোবৰৰ পুৱা ৫ বাজি দহ মিনিটত অৱন বৰপূজাৰীৰ দেহাৱসান ঘটে ৷ হৃদৰোগত আক্ৰান্ত হৈ তেখেত গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত ৯ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছিল ৷ [1]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 "আকাশবাণীৰ পৰিচিত কণ্ঠ অৱন বৰপূজাৰীৰ মৃত্যু". দৈনিক অসম. প্ৰকাশক গুৱাহাটি. ২৯ অক্টোবৰ, ২০২১. পৃষ্ঠা ১ আৰু ৬. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/10/29/dainik-asam/3001?date=2021/10/29&open-detail-page=true। আহৰণ কৰা হৈছে: 31 October 2021.