আকাংক্ষা অসম শিশুৰ অধিকাৰৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা স্বেচ্ছাসেৱী প্ৰতিষ্ঠান। ২০১৬ চনত পোন প্ৰথমে গুৱাহাটীৰ মিৰ্জাত কেইজনমান যুৱক-যুৱতীয়ে শিশুৰ অধিকাৰৰ বাবে কাম কৰিবলৈ স্থাপন কৰিছিল। শিশুসকলৰ লগত সংঘটিত বিভিন্ন শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৱে কাম কৰি আহিছে । শিশু শ্ৰমিক, শিশুৰ স্বাস্থ্য, আৰু শিশুৰ শিক্ষা এই প্ৰতিষ্ঠানটোৰ প্ৰথম উদ্দেশ্য।

আকাংক্ষা অসম
Akanksha Axom
প্ৰতিষ্ঠাপক অৰূপ ঠাকুৰীয়া
প্ৰকাৰ ধৰ্মাৰ্থ ন্যাস (Charitable trust)
প্ৰতিষ্ঠা ২০১৬
স্থান মিৰ্জা, গুৱাহাটী, ভাৰত
মুখ্য ব্যক্তি যুগল দাস
পৰিবেশনৰ ঠাই অসম
লক্ষ্য শিশু অধিকাৰ
পদ্ধতি শিক্ষা
ম'ট' এক আশাৰ কিৰণ

বৰ্তমান সময়ত শিশু উত্পীড়ন শিশুসকলৰ অধিকাৰ খৰ্ব কৰাৰ আন এক ব্যাধি৷ বিশেষকৈ শিশুসকল শাৰীৰিক, মানসিক, যৌন উৎপীড়ন, অৱহেলা, শোষণ আদিৰ সন্মুখীন হ’ব লগা হয়। এই শিশুসকলৰ প্ৰাথমিক শিক্ষা, সুস্বাস্থ্য আৰু আন শিশুসকলৰ সমঅধিকাৰৰ হকে আকাংক্ষা অসমে কাম কৰি আছে।

তথ্য উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক