আগথা চাংমা

ভাৰতীয় ৰাজনীতিবিদ

আগথা কঙ্গকাল চাংমা (জন্ম ২৪ জুলাই ১৯৮০) ভাৰতৰ পূৰ্বৰ সাংসদ সদস্য (এম.পি) আৰু ১৫ তম লোকসভাৰ সদস্য আছিল। ২০০৯ চনৰ সংসদীয় নিৰ্বাচনত জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ (এন.চি.পি) প্ৰাৰ্থী হিচাপে তেওঁ মেঘালয়ৰ তুৰা নিৰ্বাচন ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ইউপিএ দ্বিতীয় মনমোহন সিং কেবিনেটেৰ সকলোতকৈ কম বয়সৰ ৰাজ্যমন্ত্ৰী আছিল।

আগথা চাংমা

২০০৯ চনত আগথা চাংমা
গ্ৰাম্য উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী
কাৰ্যকাল
মে' ২০০৯ – অক্টোবৰ ২০১২
লোকসভাৰ সাংসদ
কাৰ্যকাল
মে' ২০০৮ – মে' ২০১৪
পূৰ্বসূৰী পি. এ. চাংমা
উত্তৰসূৰী পি. এ. চাংমা
সমষ্টি তুৰা লোকসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম
আগথা কঙ্গকাল চাংমা

২৪ জুলাই, ১৯৮০ (৪৩ বছৰ)
নতুন দিল্লী, ভাৰত[1]
ৰাজনৈতিক দল এন পি পি
আন ৰাজনৈতিক
সম্পৰ্ক
এন চি পি
সম্বন্ধীয় জেমছ্ চাংমা (ভাতৃ)
কনৰেড চাংমা (ভাতৃ)
শিক্ষানুষ্ঠান পুণে বিশ্ববিদ্যালয়
নটিংঘাম বিশ্ববিদ্যালয়
জীৱিকা ৰাজনীতিবিদ

জীৱনৰ আৰম্ভণি সম্পাদনা কৰক

আগথা চাংমাই নতুন দিল্লীত জন্মগ্ৰহণ কৰে। আগাথাৰ দেউতাক পি. এ. চাংমা, লোকসভাৰ এগৰাকী প্ৰাক্তন অধ্যক্ষ, আৰু মাক চোৰাদিনী চাংমা। দেউতাকৰ পৰাই ৰাজনৈতিক শিক্ষাৰ অ আ ক খ শিকি আগথা চাংমা আৰু তেওঁৰ ভাতৃ কনৰেড চাংমা ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁক পশ্চিম গাৰো পাহাৰ, মেঘালয়লৈ অনা হৈছিল। তেওঁৰ ভাই কনৰেড চাংমা[1][2] মেঘালয় ৰাজ্য পৰিষদত প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।

শিক্ষা সম্পাদনা কৰক

তেওঁ পুণে বিশ্ববিদ্যালয়ৰ পৰা এল.এল.বি ডিগ্ৰি গ্ৰহণ কৰে আৰু পিছত দিল্লী উচ্চ ন্যায়ালয়ত যোগদান কৰে। তেওঁ যুক্তৰাজ্যৰ নটিংঘাম বিশ্ববিদ্যালয়ৰ ৰা পৰিৱেশগত ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।[3]

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

আগথা চংমাৰ দেউতাক পি.এ চাংমাই ৰাজ্যিক ৰাজনৈতিক ক্ষেত্ৰ খনত অন্তৰ্ভুক্ত হোৱাৰ বাবে সাংসদৰ পৰা পদ ত্যাগ কৰাৰ পিছত আগথা চাংমা ২০০৮ চনৰ মে মাহৰ উপনিৰ্বাচনত ১৪ তম লোকসভালৈ নিৰ্বাচিত হয়। পিছত তেওঁ ১৫ তম লোকসভাটো নিৰ্বাচিত হয়, লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা আগথা সেইসময়ত আটাইতকৈ কম বয়সৰ ভাৰতীয় নাগৰিক।[4]এটি সাক্ষাৎকাৰত আগথাই আটাইতকৈ কম বয়সৰ ৰাজনৈতিক ব্যক্তি হোৱাৰ অভিজ্ঞতাক লৈ কৈছিল যে- 'মই কোনোদিনেই ৰাজনৈতিক ক্ষেত্ৰ খনত ইমান সোনকালেই ভৰি দিয়াৰ কথা ভবা নাছিলোঁ। মই ভবিষ্যত পৰিকল্পনা হিসাবে এই লক্ষ্য ৰাখিছিলোঁ যদিও যোৱা দুবছৰত বহুতেই কিবা-কিবি ঘটি গ'ল আৰু আহি আহি আজি এই দিনটো দেখা পালোঁ। ' ২৯ বছৰ বয়সতে, তেওঁ ১৫ তম লোকসভাৰ মন্ত্ৰীসকলৰ কাউন্সিলৰ সৰ্ববৃহৎ মন্ত্ৰী আছিল।[5] চাংমা গ্ৰাম্য উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল। ২০১২ চনৰ অক্টোবৰৰ মন্ত্ৰিসভা পুনৰ নিৰ্মাণৰ সময়ত তেওঁ এই পদৰ পৰা পদত্যাগ কৰিছিল।[6][7][8] আগথা এগৰাকী আইনবিদ, এগৰাকী পৰিৱেশবিদ আৰু এগৰাকী অপেচাদাৰী আলোকচিত্ৰবিদ আছিল। ২০১৭ চনৰ নৱেম্বৰ মাহত এইবুলি প্ৰচাৰ হৈছিল যে তেওঁ ২০১৮ চনৰ মেঘালয় বিধান সভা নিৰ্বাচনত এটি জাতীয় জনতা পাৰ্টি (এন.পি পি)ৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব।[9] তেওঁ দক্ষিণ তুৰাৰ প্ৰতিদ্বন্দ্বি হৈ নিৰ্বাচনত ৬,৪৯৯ ভোটত জয়ী হয়।[10]কিন্তু আগথা চাংমাই নিজ ভাতৃৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ কথা ভাৱি তেওঁৰ সদনৰ সদস্য পদৰ পৰা পদ ত্যাগ কৰে।[11]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 Fifteenth Lok Sabha: Members Bioprofile: Agatha Sangma Archived 28 January 2016 at the Wayback Machine Lok Sabha website.
  2. "NCP retains Tura, Congress Shillong", The Hindu (Chennai, India), 2009-05-16, archived from the original on 4 November 2012, https://web.archive.org/web/20121104082418/http://www.hindu.com/thehindu/holnus/002200905161632.htm, আহৰণ কৰা হৈছে: 2009-05-25, "... NCP candidate Agatha Sangma, daughter of former Lok Sabha Speaker P A Sangma, retained the Tura parliamentary seat in Meghalaya and Congress the Shillong seat. Ms. Agatha, who is the sitting MP, polled 1,54,476 votes compared to 1,36,531 votes by closest rival Deborah Marak of the Congress. ..." 
  3. "Sangma dynasty gains momentum in Meghalaya". Rediff.com News. 23 April 2008. http://www.rediff.com/news/2008/apr/23sangma.htm. 
  4. "Agatha K. Sangma: India’s Youngest MP profile & Bio", Samaw.com, http://samaw.com/agatha-k-sangma-indias-youngest-mp-profile-bio/1143, আহৰণ কৰা হৈছে: 2009-05-25, "... Agatha K. Sangma, the youngest India’s Parliamentarian from Meghalaya ... Date of Birth 24.07.1980 ..." 
  5. "Agatha Sangma youngest minister in Manmohan ministry", economictimes.com, 2009-05-27, archived from the original on 2012-10-23, https://web.archive.org/web/20121023235523/http://articles.timesofindia.indiatimes.com/2009-05-27/india/28150808_1_youngest-minister-agatha-sangma-tura, আহৰণ কৰা হৈছে: 2009-05-27, "... P A Sangma, will be the youngest minister in the Manmohan Singh cabinet ..." 
  6. "Agatha Sangma and Vincent Pala step down". India today. http://indiatoday.intoday.in/story/agatha-sangma-and-vincent-pala-steps-down-from-cabinet/1/226534.html। আহৰণ কৰা হৈছে: 28 October 2012. 
  7. "Agatha Sangma too may quit NCP, ministry". The Times Of India. 21 June 2012. Archived from the original on 2013-01-26. https://archive.today/20130126070048/http://articles.timesofindia.indiatimes.com/2012-06-21/india/32351003_1_agatha-sangma-d-p-tripathi-ncp. 
  8. "Agatha Sangma gets rural development, Ambika is I&B minister", in.news.yahoo.com, http://in.news.yahoo.com/43/20090528/818/tnl-agatha-sangma-gets-rural-development.html, আহৰণ কৰা হৈছে: 2009-05-28, "... The youngest minister in Prime Minister Manmohan Singh's cabinet, Agatha Sangma, 28, has been named minister of state for rural development... "  [সংযোগবিহীন উৎস]
  9. "Agatha Sangma to contest 2018 assembly elections". Indo-Asian News Service. theweek.in. 10 November 2017. http://www.theweek.in/news/india/agatha-sangma-to-contest-2018-assembly-elections.html। আহৰণ কৰা হৈছে: 3 March 2018. 
  10. "Agatha Sangma wins from South Tura". United News of India. 3 March 2018. http://www.uniindia.com/agatha-sangma-wins-from-south-tura/election/news/1156100.html। আহৰণ কৰা হৈছে: 4 March 2018. 
  11. https://thenortheasttoday.com/meghalaya-mla-agatha-sangma-resigns-to-make-way-for-brother-conrad-sangma/amp/[সংযোগবিহীন উৎস]?