আচাৰ্য শেখৰ চক্ৰৱৰ্তী
আচাৰ্য শেখৰ চক্ৰৱৰ্তী (১৭ শতিকা) কোচ ৰজা প্ৰাণনাৰায়ণৰ সভাপণ্ডিত আছিল। কামৰূপৰ এই পণ্ডিতগৰাকীৰ প্ৰকৃত নাম জয়কৃষ্ণ। বিদ্যাধৰ এখেতৰ পিতৃৰ নাম। ৰজা প্ৰাণনাৰায়ণৰ নিৰ্দেশ অনুসৰি প্ৰসিদ্ধ সংস্কৃত ব্যাকৰণ 'প্ৰয়োগ ৰত্নমালা'ৰ টীকা গ্ৰন্থ 'প্ৰভা প্ৰকাশিকা' ৰচনা কৰে। 'সাৰ মঞ্জৰী' নামে আন এখন ব্যাকৰণ ৰচনা কৰে।[1]
তথ্য সমল
সম্পাদনা কৰক- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী