'আজলি আই থান (বা ভগা) থান সত্ৰ মাজুলী জিলাৰ মধ্যভাগৰ বৃহত্তৰ শেনচোৱা অঞ্চলত অৱস্থিত মায়ামৰা সম্প্ৰদায়ৰ লোকসকলৰ এক পৱিত্ৰ তীৰ্থস্থান। আনুমানিক প্ৰায় আশীৰ দশকৰ পৰাই অসমীয়া মাঘ মাহৰ প্ৰথমটো দেওবাৰে এই বৃহত্তৰ শেনচোৱা অঞ্চলৰ মায়ামৰা ভকত বৈষ্ণৱসকলে একগোট হৈ নাম-কীৰ্ত্তন কৰি আহিছে। চাৰি সংহতিৰ অন্যতম এক সংহতি কাল সংহতিৰ অন্তৰ্গত এই থানখনি মায়ামৰা সম্প্ৰদায়ৰ আদ্যগুৰু শ্ৰী শ্ৰী অনিৰূদ্ধদেৱৰ মাতৃ আঁজলি আই বা আঁজলি দেৱীৰ নামেৰে নামাংকৃত কৰা হৈছে। ১৬০৭ চনত (১৫২৯ শক) স্থাপিত এই থানখনিৰ চাৰিওফালৰ পৰিৱেশটো হাবি-জংঘলেৰে আবৃত আৰু বানপানীৰ পৰা ৰক্ষা পাবৰ বাবে ওখ ঠাইত স্থাপিত। বৰ্তমান এই থানখনে মুঠ ৮ বিঘা ৭ কথা ২২ লোচা মাটি আগুৰি আছে।

আঁজলি দেৱী শ্ৰীমন্ত শংকৰদেৱৰ সম্বন্ধীয় খুৰাক হাতীয়া ওৰফে বুঢ়া খাৰ জীয়েক আছিল। ভূঞা বংশৰ একমাত্ৰ জীয়ৰী আঁজলি দেৱীৰ জন্ম হয় ১৫৩৩ খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা দশমী তিথিত। এই আজলি দেৱী আৰু স্বামী গোন্দাগিৰিৰ পাঁচটা সন্তান আছিল। তেওঁলোক ক্ৰমে- মোহন মুৰাৰী দেৱ, নিৰঞ্জন দেৱ, ৰূপনাৰায়ণ দেৱ , অনিৰূদ্ধদেৱ আৰু বাল্মিকী দেৱ। আঁজলি আইৰ সতে অনিৰূদ্ধদেৱে ১৬০১ খ্ৰীষ্টাব্দত বিষ্ণু বালিকুঞ্চিত সত্ৰ স্থাপন কৰি ধৰ্ম প্ৰচাৰত ব্ৰতী হয়। কিন্তু ১৬০৬ চনত হঠাৎ দূৰৈৰ পাহাৰৰ পৰা দফলাসকলে সত্ৰত লুটপাট চলায় আৰু আজলি আইক ধৰি লৈ যায়। পিছত বাটত বাঘৰ আক্ৰমণৰ সন্মুখীন হোৱা বাবে দফলাসকলে আঁজলি আই মাজ বাটতে এৰি থৈ যায়। তাৰ পাছদিনাই হাবি মাজৰ পৰা আঁজলি আইক শিষ্যসকলে উদ্ধাৰ কৰে। চৰিত পুথিত এনেদৰে লিখা আছে-

প্ৰভুৰ মায়ায়ে পাই ডফলা সবাক।

অন্ধকাৰ কিৰ তাৰ পথ ভেটিলেক।।
আগত চাহন্তে শত্ৰু দেখয় আন্ধাৰ।

পাচ তিতি চাহে লেখে কৰিব সঞ্চাৰ।।

দফলা আক্ৰমণৰ পিছত আঁজলি আই আৰু অনিৰূদ্ধদেৱে ধৰ্ম প্ৰচাৰৰ বাবে কেইবাবাৰো ঠাই সলনি কৰি আহি অৱশেষত নাৱেৰে আহি মাজুলী পাইহি। প্ৰথমে বৰ্তমানৰ নতুন কমলাবাৰী সত্ৰৰ নাতিদূৰৈত থকা মোৱামাৰী বিলৰ পাৰতে বহা পাতে। তাত ছমাহ কাল অতিবাহিত কৰাৰ পিছত মাজুলীৰ দক্ষিণপাটৰ উত্তৰফালে সত্ৰ স্থাপন কৰেহি। আইৰ নিৰ্দেশত চাৰিওফালে ওখ ঢাপ তুলি বতৰ্মানৰ মেখেলী গাঁৱৰ পিছফালে আৰু শেনচোৱা অঞ্চলৰ মূৰত এই আঁজলি আই থান (বা ভগা) স্থাপিত কৰে। সত্ৰ প্ৰতিষ্ঠা কৰাৰ পিছত আজলি আই বেছি দিন জীয়াই নাথাকিল। ডফলাৰ আক্ৰমণৰ পিছৰে পৰা আঁজলি আইৰ স্বাস্থ্য বেয়া হৈ আহিছিল। তেওঁ স্বৰ্গগামী হোৱাৰ পিছত তেওঁৰ পুত্ৰসকলে সেই ঠাই পৰিত্যাগ কৰি বিভিন্ন ঠাইলৈ গতি কৰিলে। বহুবছৰ এইঐতিহ্যমণ্ডিত সত্ৰখনি পৰিত্যক্ত অৱস্থাত থকাৰ পিছত ২০০২ চনত সেই ঠাইত এটা স্থায়ী নামঘৰ নিৰ্মাণ কৰা হয়। মায়ামৰা সম্প্ৰদায়ৰ সাত-আঠখন গাঁৱৰ জনসাধাৰণৰ চেষ্টাত আৰু চৰকাৰী পুঁ‌জিৰ সহায়েৰে চাৰিসীমাৰ লগতে এখনি তোৰণ নিৰ্মাণ কৰা হয়।

পৰিচালনা

সম্পাদনা কৰক

বৰ্তমান আঁজলি আই থান সত্ৰ উন্নয়ন সমিতিৰ দ্বাৰা থানখনি পৰিচালনা কৰা হয়। পৰিচালনা সমিতিৰ প্ৰথম সভাপতি আৰু সম্পাদক আছিল ক্ৰমে লুহিৰাম দাস আৰু মিঠাৰাম দাস। পূৰ্বৰ সমিতিখনৰ সভাপতি আৰু সম্পাদক ক্ৰমে গংগাৰাম দাস আৰু বিনোদ দাস। বৰ্তমানৰ সভাপতি আৰু সম্পাদক ক্ৰমে কুমুদ চন্দ্ৰ দাস আৰু প্ৰহ্লাদ দাস |

প্ৰধান উৎসৱ-অনুষ্ঠান

সম্পাদনা কৰক

স্থানীয় মায়ামৰা সম্প্ৰদায়ৰ শিষ্যসকলে প্ৰায়ে এই থানৰ নামঘৰত চাকি-বন্তি জ্বলাই এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি ৰাখে। অসমীয়া মাঘ মাহৰ প্ৰথমটো দেওবাৰত অসমৰ বিভিন্ন স্থানত থকা মায়ামৰা সম্প্ৰদায়ৰ শিষ্যসকলে এই স্থানত গোট খাই নাম-কীৰ্ত্তন কৰে। তদুপৰি মায়ামৰা সম্প্ৰদায়ৰ আদ্যগুৰু শ্ৰী শ্ৰী অনিৰূদ্ধদেৱৰ জন্ম-মৃত্যু বাৰ্ষিকি এই স্থানত পতা হয়।

সাংস্কৃতিক গুৰুত্ব

সম্পাদনা কৰক

ভিন্ন সম্প্ৰদায়ৰ লোকে লোকাৰণ্য হৈ থকা অসমত মায়ামৰা সমাজ-সংস্কৃতিৰ এক বিশেষ স্থান আছে। মধ্যযুগতশ্ৰীমন্ত শংকৰদেৱে জাতি-বৰ্ণ নিৰ্ৱিশেষে সকলোকে একগোট কৰাৰ সমান্তৰালভাৱে শ্ৰী শ্ৰী অনিৰূদ্ধদেৱ তথা আঁজলি আই আৰু তেওঁৰ শিষ্যসকলে মটক-কৈৱৰ্ত্ত আদিকে ধৰি সমাজত নিম্ন বৰ্গৰ বুলি পৰিচিত সম্প্ৰদায়সমূহক একগোট কৰি এই মায়ামৰা সমাজ গঢ় দিছিল। তাৰেই এক ঐতিহাসিক গুৰুত্ব এই থানখনিৰ আছে। মানৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি মোৱামৰীয়া বিদ্ৰোহলৈকে বিভিন্ন ঘটনাৰ সাক্ষী এই আঁজলি আই থানখনি বুলি গৱেষক-স্থানীয় লোকে কব খোজে। তদুপৰি মায়ামৰা সমাজৰ ধৰ্মীয় অনুষ্ঠান, গায়ন-বায়ন, সাজপাৰ পৰিধান, বিয়া-সবাহ, মৃতকৰ সৎকাৰ, শ্ৰাদ্ধ আদিৰ ক্ষেত্ৰতো এই থানখনিয়ে এক ঐতিহ্য বহন কৰি আহিছে। মায়ামৰা সমাজৰ গায়ন-বায়নত মৃদংগ ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

১শ্ৰী দীপক দাস প্ৰণিত কালানুক্ৰমত আজলি আই (বা-ভগা) থান সত্ৰ