আজাৰবাইজান ৰেলৱে মিউজিয়াম

আজাৰবাইজান ৰেলৱে মিউজিয়াম (ইংৰাজী: Azerbaijan Railway Museum, আজাৰবাইজানী ভাষাত:Azərbaycan Dəmiryol Muzeyi) হৈছে আজাৰবাইজানৰ বাকুত অৱস্থিত এটি ৰেলৱে সংগ্ৰহালয়। সংগ্ৰহালয়টো ২০১৯ চনত মুকলি কৰা হৈছিল।[1]

আজাৰবাইজান ৰেলৱে মিউজিয়াম
প্ৰতিষ্ঠা ২০১৯
অৱস্থিতি জাফৰ জাব্বাৰ্লি স্কোৱেৰ, বাকু, আজাৰবাইজান
স্থানাংক 40°22′45.18″N 49°50′53.42″E / 40.3792167°N 49.8481722°E / 40.3792167; 49.8481722
প্ৰকাৰ ৰেলৱে সংগ্ৰহালয়
ৱেবছাইট Official website

জাফৰ জাব্বাৰ্লি স্কোৱেৰৰ ওচৰত তথা বাকুৰ মাজ মজিয়াত থকা ঐতিহাসিক চাবুঞ্চু ৰেলৱে ষ্টেচনৰ ভৱনটোত এই সংগ্ৰহালয়টো অৱস্থিত।[2]

২০১৯ চনৰ ১৯ ​​নৱেম্বৰত, ৰাষ্ট্ৰপতি ইলহাম আলিয়েভে আজাৰবাইজান ৰেলৱে সংগ্ৰহালয়টো মুকলি কৰিছিল।[3]

ক’ভিদ মহামাৰীৰ সময়ত বন্ধ হৈ থকা সংগ্ৰহালয়টোৰ মহামাৰীৰ পাছতে পুৰ্ণনিৰ্মাণৰ কাম আৰম্ভ হয় আৰু প্ৰদৰ্শনীৰ বাবে যোগ্য প্ৰদৰ্শন সামগ্ৰীৰে সমৃদ্ধ হৈ উঠাৰ পাছত ২০২৩ চনৰ ২৮ ডিচেম্বৰ তাৰিখে ইয়াক পুনৰাই দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়।[4]

ঐতিহাসিক চাবুঞ্চু ৰেলৱে ষ্টেচনৰ ভৱনটো (২৮ মে’ মেট্ৰ’ ষ্টেচনৰ সমীপত) হৈছে বাকু যাত্ৰীবাহী ৰেলৱে ষ্টেচনৰ বুৰঞ্জীপ্ৰসিদ্ধ এলেকাটোত থকা তিনিটা মূল অট্টালিকাৰ অন্যতম। এই ভৱনটোতে আজৰবাইজান ৰেলৱে মিউজিয়াম বা সংগ্ৰহালয়টো আছে। ১৯২৬ চনৰ ৬ জুলাইৰ দিনা আজাৰবাইজানত প্ৰথম বৈদ্যুতিক ৰেলপথ উদঘাটনৰ দিনা এই ভৱনটিৰ কাম আৰম্ভ হৈছিল। বাকুৰ চাবুঞ্চু ৰেলৱে ষ্টেচনটো হৈছে বৈদ্যুতিক ৰেল লাভ কৰা প্ৰথমটো ষ্টেচন ভৱন।[5]

ফটো গেলেৰী

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "What exponents displayed in Azerbaijan's first railway museum?" (en ভাষাত). Report News Agency. 21 June 2020. https://report.az/en/infrastructure/what-exponents-displayed-in-azerbaijan-s-first-railway-museum-video/. 
  2. "What exponents displayed in Azerbaijan's first railway museum?" (en ভাষাত). www.azerbaycan24.com. 18 May 2020. https://www.azerbaycan24.com/en/what-exponents-displayed-in-azerbaijan-s-first-railway-museum-video/. 
  3. "İlham Əliyevdən Dəmir Yolu Muzeyinə hədiyyə" (az ভাষাত). Oxu.Az. 21 Nov 2019. https://oxu.az/politics/344293। আহৰণ কৰা হৈছে: 2023-12-11. 
  4. "Bakıdakı Dəmiryol Muzeyi yenidən fəaliyyətə başlayıb" (az ভাষাত). Report İnformasiya Agentliyi. 28 December 2023. https://report.az/infrastruktur/bakidaki-demiryol-muzeyi-yeniden-fealiyyete-baslayib/. 
  5. "Baku Railway Station building". irs.gov.az. http://irs.gov.az/en/index.php?p=location/baku-railway-station-building। আহৰণ কৰা হৈছে: 26 April 2024. "1926, the building was reconstructed. In June of the same year, an electric train was launched in the former USSR, for the first time in Azerbaijan, on the Baku-Sabunchu railway." 

বাহ্যিক সংযোগ

সম্পাদনা কৰক