আদি শংকৰ হৈছে অষ্টম শতিকাৰ এজন ভাৰতীয় অদ্বৈতবাদী দাৰ্শনিক। হিন্দু ধৰ্মদৰ্শনৰ মীমাংসা ভাগৰ তেওঁ সমৰ্থক আছিল; বহ্মসূত্ৰ,উপনিষদ,গীতা আদিৰ দ্বাৰা তেওঁ আধ্যাত্মিকতাত গুৰুত্ব দিছিল। তেওঁক শংকৰাচাৰ্য নামেৰেও জনা যায়। বৈষ্ণৱ ভক্তিধৰ্ম প্ৰচাৰ কৰা আচাৰ্যসকলৰ ভিতৰত শংকৰাচাৰ্যই হ’ল প্ৰথম। কেৰালা প্ৰদেশৰ পুৰ্ণা নদীৰ পাৰৰ এখন গাৱত ৭৮৮ খ্ৰীঃত এওঁ জন্মগ্ৰহণ কৰিছিল। অতি সৰু থাকোঁতেই তেওঁ চাৰিওখন বেদৰ জ্ঞান আহৰণ কৰিছিল আৰু পিছলৈ কেৰালা ৰাজ্যত ভক্তিবাদৰ প্ৰচাৰ কৰিছিল। শংকৰাচাৰ্য আছিল বেদান্ত দৰ্শনৰ অদ্বৈতবাদৰ প্ৰতিষ্ঠাপক। তেওঁ জ্ঞানৰ ওপৰত জোৰ দিছিল আৰু সৎ জ্ঞান আৰু সৎ কৰ্মৰদ্বাৰাইহে যে মানুহে মুক্তি লাভ কৰিব পাৰে এই কথা প্ৰচাৰ কৰিছিল।

ছাত্ৰবৃন্দৰ মাজত আদি শংকৰ, ৰাজা ৰবি বৰ্মাৰ দ্বাৰা চিত্ৰিত (১৯০৪)