আন্তঃসীমান্ত নদী

অন্ততঃ এক বা ততোধিক ৰাজনৈতিক সীমান্ত অতিক্রম কৰি প্ৰবাহিত হোৱা নদী

আন্তঃসীমান্ত নদী হৈছে এক ধৰণৰ নদী, যি অন্ততঃ এক বা ততোধিক দেশৰ ৰাজনৈতিক সীমান্ত অতিক্ৰম কৰি প্ৰবাহিত হয়। এই সীমান্ত দুখন বা ততোধিক দেশৰ অভ্যন্তৰীণ সীমান্ত হ'ব পাৰে। বৰ্তমান পৃথিৱীত প্ৰায় ২৬০খন আন্তঃসীমান্ত নদী আছে।[1]

বাংলাদেশত এই নদীসমূহৰ সংখ্যা সৰ্বাধিক, ভাৰত গণৰাজ্যৰ পৰা কমেও ৫৮খন প্ৰধান নদী দেশত প্ৰৱেশ কৰে, য’ত বিশ্বৰ দুখন বৃহৎ নদী গংগা আৰু ব্ৰহ্মপুত্ৰকে ধৰি দেশখনত প্ৰৱেশ কৰে।[2] বাংলাদেশ হৈ ম্যানমাৰলৈ বৈ যোৱা একমাত্ৰ নদী হৈছে নাফ নদী।

উল্লেখযোগ্য সীমা অতিক্ৰম কৰা নদীৰ জলবিজ্ঞান আৰু ৰাজনৈতিক প্ৰভাৱ অতিশয়। নদীৰ ইতিবাচক প্ৰভাৱ এই ক্ষেত্ৰত যে ই যথেষ্ট পৰিমাণৰ পলস কঢ়িয়াই লৈ ফুৰে, যিয়ে মোহনা অঞ্চলত ভূমি নিৰ্মাণত সহায় কৰে। কিন্তু এই পলসে নদীৰ তলৰ উচ্চতা বৃদ্ধি কৰে, যাৰ ফলত বানপানীৰ সৃষ্টি হয়। পানী ভাগ-বতৰা সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ ফলত জটিল ৰাজনৈতিক বিবাদৰ সৃষ্টি হৈছে।

ভাৰতৰ আন্তঃসীমান্ত নদীসমূহ সম্পাদনা কৰক

নদী দৈৰ্ঘ্য (কিঃমিঃ) দেশসমূহ
ব্ৰহ্মপুত্ৰ ৩,৮৪৮   ভাৰত
  বাংলাদেশ
  চীন
সিন্ধু নদী ৩,৫০০   চীন
  ভাৰত
  পাকিস্তান
গংগা ৩,০৮৪   ভাৰত
  বাংলাদেশ
সুতলেজ ১,৪৫০   চীন
  ভাৰত
  পাকিস্তান
চেনাব ৯৬০   ভাৰত
  পাকিস্তান
ৰবি ৭২৫   ভাৰত
  পাকিস্তান
ব্যাস ৪৭০   ভাৰত
  পাকিস্তান
মহাকালী নদী ২২৩   ভাৰত
  নেপাল
কৰতোৱা নদী ১৮৭   ভাৰত
  বাংলাদেশ
আত্ৰাই নদী ৩৯০   ভাৰত
  বাংলাদেশ
টাংগন নদী ৪১   ভাৰত
  বাংলাদেশ
তিস্তা নদী ৩১৫   ভাৰত
  বাংলাদেশ
পুনৰ্ভবা নদী ২২৩   ভাৰত
  বাংলাদেশ
সুৰমা নদী ৯০০   ভাৰত
  বাংলাদেশ
মনু নদী ১৬৭   ভাৰত
  বাংলাদেশ
কৰ্ণফুলী নদী ১৬১   ভাৰত
  বাংলাদেশ
কুশিয়াৰা নদী ১৬১   ভাৰত
  বাংলাদেশ
মাথাভাঙ্গা নদী ১২১   ভাৰত
  বাংলাদেশ
মাতামুহুৰী নদী ১৪৬   ভাৰত
  বাংলাদেশ
মুহুৰী নদী ৬২   ভাৰত
  বাংলাদেশ
সাঙ্গু বা শংঘ নদী ২৯৪   ভাৰত
  বাংলাদেশ
তিতাস নদী ৯৮   ভাৰত
  বাংলাদেশ
গোমতী নদী ৯৫   ভাৰত
  বাংলাদেশ

তথ্য সংগ্ৰহ সম্পাদনা কৰক