আন্তৰ্জাতিক দবা সংস্থাই গ্ৰেণ্ডমাষ্টাৰৰ তলৰ শক্তিশালী দবা খেলুৱৈক আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ উপাধি প্ৰদান কৰে। ১৯৫০ চনত গ্ৰেণ্ডমাষ্টাৰ উপাধিৰ সৈতে একে সময়তে প্ৰতিষ্ঠা হোৱা এই খিতাপক চমুকৈ আই এম বুলি কোৱা হয়।

গ্ৰেণ্ডমাষ্টাৰ খিতাপৰ দৰেই এই খিতাপ লাভ কৰাৰ সাধাৰণ উপায় হ'ল ২৭খন বা ততোধিক খেলৰ পৰা তিনিটা খিতাপ নৰ্মছ আৰু ২৪০০ বা তাতকৈ অধিক ফিদে ৰেটিং লাভ কৰা। ৯খন বা তাতকৈ অধিক সংখ্যক খেলত কমেও ২৪৫০ ৰ ৰেটিং প্ৰদৰ্শন কৰাক আই এম নৰ্মছ বুলি কোৱা হয়। ইয়াৰ উপৰিও এই খেলুৱৈসকলৰ গড় ৰেটিং কমেও ২২৩০ হ'ব লাগিব, কমেও তিনিজন আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ বা গ্ৰেণ্ডমাষ্টাৰ থাকিব লাগিব আৰু নিজা ৰাষ্ট্ৰীয় ফেডাৰেচনৰ বাহিৰেও আন ফেদাৰেছনৰ‌ খেলুৱৈ অন্তৰ্ভুক্ত হ'ব লাগিব।

খেলুৱৈজনৰ ৰেটিং কমেও ২২০০ হ'লে, আই এম খিতাপ পোনপটীয়াকৈ প্ৰদান কৰাৰ কেইবাটাও বিকল্প আছে। ২০১৭চনৰ জুলাই মাহৰ পৰা সেইবোৰ হৈছে:


  • ফিদে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰা
  • মহিলা বিশ্ব চেম্পিয়নশ্বিপত দ্বিতীয় স্থান
  • বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত দ্বিতীয় বা তৃতীয় স্থান (অনূৰ্ধ ২০)
  • বিশ্ব চিনিয়ৰ চেম্পিয়নশ্বিপত দ্বিতীয় বা তৃতীয় স্থান দখল কৰা, ৫০ বছৰৰ ওপৰৰ আৰু ৬৫ বছৰৰ ওপৰৰ দুয়োটা বিভাগতে
  • বিশ্ব যুৱ চেম্পিয়নশ্বিপ (অনূৰ্ধ ১৮) জয় কৰা (একক বা যুটীয়াকৈ )
  • বিশ্ব যুৱ চেম্পিয়নশ্বিপ (১৬ বছৰ অনুৰ্ধ) সম্পূৰ্ণৰূপে জয়
  • কণ্টিনেণ্টেল চেম্পিয়নশ্বিপত দ্বিতীয় বা তৃতীয় স্থান দখল কৰা
  • ৫০ বছৰৰ ওপৰৰ, ৬৫ বছৰৰ ওপৰৰ বা ২০ বছৰৰ তলৰ কণ্টিনেণ্টেল চেম্পিয়নশ্বিপত জয়ী হোৱা (একক বা যুটীয়াকৈ)
  • ১৮ বছৰৰ তলৰ কণ্টিনেণ্টেল চেম্পিয়নশ্বিপ সম্পূৰ্ণৰূপে জয় কৰা
  • উপ-মহাদেশীয় চেম্পিয়নশ্বিপ জয় কৰা
  • কমনৱেলথ, ফ্ৰাংকোফোন বা আইবেৰ’-আমেৰিকান চেম্পিয়নশ্বিপ জয় কৰা
  • প্ৰতিবন্ধী লোকৰ বাবে বিশ্ব চেম্পিয়নশ্বিপ জয়


আই এম হোৱাৰ পিছত বেছিভাগ পেছাদাৰী খেলুৱৈয়েই গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ পৰৱৰ্তী লক্ষ্য নিৰ্ধাৰণ কৰে। কেতিয়াও আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ নোহোৱাকৈ গ্ৰেণ্ডমাষ্টাৰ হোৱাটোও সম্ভৱ। আমেৰিকাৰ লেৰী ক্ৰিষ্টিয়ানচেন (১৯৭৭), চীনৰ ৱাং হাও, নেদাৰলেণ্ডৰ অনিশ গিৰি, ৰাছিয়াৰ অলগা গিৰিয়া (২০২১) আৰু ছোভিয়েট ইউনিয়নৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন মিখাইল টাল আৰু ৰাছিয়াৰ ভ্লাদিমিৰ ক্ৰামনিক আটাইকেইজনেই আই এম নোহোৱাকৈয়ে গ্ৰেণ্ডমাষ্টাৰ হৈছিল। আমেৰিকাৰ ববি ফিচাৰে কেৱল ১৯৫৮ চনৰ ইণ্টাৰজ’নেল (আই এম খিতাপ) আৰু ১৯৫৯ চনৰ প্ৰাৰ্থী প্ৰতিযোগিতা (জি এম খিতাপ)ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বাবেই দুয়োটা খিতাপ অৰ্জন কৰিছিল, মাত্ৰ কাকতলীয়াভাৱে জি এমৰ পূৰ্বে আই এম হৈছিল। অধিক সাধাৰণ পথটো হ’ল প্ৰথমে আই এম হোৱা, তাৰ পিছত জি এম পৰ্যায়লৈ যোৱা।

১০ বছৰ, ৮ মাহ আৰু ১৬ দিন বয়সত আৰ্জেণ্টিনাৰ ফাউষ্টিনো অৰোৱে ২০২৪ চনত আই এম খিতাপত যোগ্যতা অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হয়।[1]


তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Faustino Oro Becomes Youngest Ever International Master At 10". Chess.com. 30 June 2024. https://www.chess.com/news/view/faustino-oro-becomes-youngest-ever-international-master। আহৰণ কৰা হৈছে: 2024-06-30.