আন্তৰ্জাতিক যোগ দিৱস

যোগ অনুশীলন আৰু শাৰীৰিক তথা মানসিক সুস্থতা উদযাপন কৰা এটা আন্তঃৰাষ্ট্ৰীয় দিৱস

ৰাষ্ট্ৰসংঘসাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস (ইংৰাজী: International Yoga Day) হিচাপে ঘোষণা কৰে।[1] যোগ হ'ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ এই প্ৰস্তাৱ ২০১৪ চনৰ ২৭ চেপ্তেম্বৰ তাৰিখে আগবঢ়ায় আৰু তাৰ ঠিক ৭৮ দিনৰ পিছত অৰ্থাৎ ১১ ডিচেম্বৰত ১৯৩খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃৃহীত হয়। তাৰ ঠিক পিছৰে পৰা অৰ্থাৎ ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। ২১ জুন দিনটো উত্তৰ গোলাৰ্দ্ধত বছৰৰ আটাইতকৈ দীঘল দিন।[2]

আন্তৰ্জাতিক যোগ দিৱস
আন্তৰ্জাতিক যোগ দিৱস
২০১৬ চনত দিল্লীত আন্তৰ্জাতিক যোগ দিৱস উদযাপনৰ চিত্ৰ
সম্পূৰ্ণ নাম International Day of Yoga - IDY
অন্য নাম যোগ দিৱস, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, বিশ্ব যোগ দিৱস
পালন কৰে বিশ্বজুৰি
প্ৰকাৰ ৰাষ্ট্ৰসংঘ
তাৰিখ ২১ জুন
উদযাপন যোগাভ্যাস, ধ্যান, যোগৰ উপকাৰিতাৰ বিষয়ে সচেতনতা অনা আৰু দৈনন্দিন জীৱনত ইয়াক প্ৰয়োগ কৰা।
সম্পৰ্কিত যোগাসন, ধ্যান, স্বাস্থ্য
পৰৱৰ্তী তাৰিখ প্ৰতি বছৰৰ একে তাৰিখে
অৱধি ১ দিন
সংঘটন বাৰ্ষিক
 
নতুন দিল্লীত যোগ দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ২১ জুন ,২০১৫

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত (UNGA) ভাষণৰ সময়ত প্ৰথমে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ধাৰণাটো প্ৰস্তাৱ কৰিছিল।[3] তেওঁ এইদৰে কৈছিল:[4]

Yoga is an invaluable gift of India's ancient tradition. It embodies unity of mind and body; thought and action; restraint and fulfillment; harmony between man and nature; a holistic approach to health and well-being. It is not about exercise but to discover the sense of oneness with yourself, the world and the nature. By changing our lifestyle and creating consciousness, it can help in well being. Let us work towards adopting an International Yoga Day.

—  Narendra Modi, UN General Assembly

এই প্ৰাৰম্ভিক প্ৰস্তাৱৰ পিছত ৰাষ্ট্ৰসংঘই ২০১৪ চনত "যোগ দিৱস" শীৰ্ষক প্ৰস্তাৱৰ খচৰা গ্ৰহণ কৰে।[5] ভাৰতৰ প্ৰতিনিধি দলে এই আলোচনা আহ্বান কৰে।[6]

২০১৫ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ১০ টকাৰ স্মৃতি মুদ্ৰা সৃষ্টি কৰিছিল।[7] ২০১৭ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ ডাক প্ৰশাসনে (UNPA) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এখন পৃষ্ঠাত যোগাসন সংলগ্ন কৰি ১০ টা ডাকটিকট জাৰি কৰিছিল।[8]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "UN Declared 21st June as International Day of Yoga". Archived from the original on 2016-07-09. https://web.archive.org/web/20160709170015/http://www.unic.org.in/display.php?E=13712&K=Yoga। আহৰণ কৰা হৈছে: 2015-06-23. 
  2. UN declares June 21 as 'International Day of Yoga'
  3. "India's Modi calls for reform in speech to UN". BBC. 27 September 2014. https://www.bbc.co.uk/news/world-asia-india-29373722। আহৰণ কৰা হৈছে: 13 June 2016. 
  4. Modi calls for Yoga Day in UN General Assembly Archived 9 July 2016 at the Wayback Machine
  5. "International Yoga Day 2021: Theme, History, Quotes, Benefits, Importance" (en-US ভাষাত). S A NEWS. 2020-06-19. https://news.jagatgururampalji.org/international-yoga-day-theme-history-quotes/। আহৰণ কৰা হৈছে: 2021-06-21. 
  6. "UN General Assembly to hold informal consultations on International Day of Yoga". The Economic Times. 10 October 2014. Archived from the original on 5 April 2016. https://web.archive.org/web/20160405031510/http://articles.economictimes.indiatimes.com/2014-10-10/news/54867994_1_international-day-consultations-prime-minister-narendra-modi। আহৰণ কৰা হৈছে: 13 June 2016. 
  7. 10 rupees coin of 2015 – International Day of Yoga, https://www.youtube.com/watch?v=L4oay3-JcU8&t=2s
  8. "UN to issue 10 stamps of 'asanas' on International Yoga Day". Business Standard India. 19 April 2017. https://www.business-standard.com/article/news-ians/un-to-issue-10-stamps-of-asanas-on-international-yoga-day-117041900182_1.html. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক