মিচিং লোকসকলৰ মাজত বহুলভাৱে প্ৰচলিত পানীয় বিধৰ নাম আপং৷ মিচিং সকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ উপৰিও উছৱ-পৰৱ, ধৰ্মীয় কাম-কাজ আৰু অপদেৱতাৰ নৈবেদ্য হিচাপেও ব্যৱহাৰ কৰি আহিছে৷

আপং
আপং.jpg
প্ৰস্তুতকৰ্তা মিচিং সম্প্ৰদায়
উৎপত্তিৰ দেশ ভাৰত
ৰং বগা
ভিন্ন প্ৰকাৰ নগজিন বা নগিন আপং (বগা মদ)
পঃৰৱ আপং (ছাই মদ)

প্ৰকাৰসম্পাদনা কৰক

আপং ঘাইকৈ দুবিধ:

  • নগজিন বা নগিন আপং (বগা মদ)
  • পঃৰৱ আপং (ছাই মদ)

প্ৰস্তুত প্ৰণালীসম্পাদনা কৰক

আপং মূলত চাউলৰ পৰা প্ৰস্তুত কৰা হয়৷ বৰা, জহা, বাও আদি চাউলৰ পৰা তৈয়াৰী আপং অতি উৎকৃষ্ট হয়৷ কোনো কোনোৱে পৰা কঁঠাল, কণীধান, ভীমকল আদিৰ পৰাও আপং প্ৰস্তুত নকৰা নহয়৷ আপং তৈয়াৰ কৰিবলৈ পোনতে চাউল ভাতৰ দৰে সিজাই ডলা এখনত ঠান্দা হ’বলৈ মেলি দি হাবিৰ পৰা সংগ্ৰহ কৰা ঔষধি গুণসম্পন্ন বনপাত আনি গুড়ি কৰি ৰ’দত শুকুৱাই পিঠা গুড়িত পানী মিহলাই তৈয়াৰ কৰা অৗপপ (বাখৰ)সিদ্ধ কৰি থোৱা ভাতৰ সৈতে মিহলাই শুকান কলহত ধান খেৰেৰে সোপা দি ৰখাৰ তিনি চাৰি দিনৰ পিছত সেইখিনি পকি উঠে৷ নিৰ্দিষ্ট দিনত পকি উঠা ভাতখিনি কলহৰ পৰা উলিয়াই পৰিমাণ মতে পানী ঢালি চেকিলে যি বগা পাতল গুলপীয়া ৰস নিসৃত হয় সেয়ে নগিন আপং

পঃৰৱ আপঙৰ প্ৰস্তুত প্ৰণালী এনেধৰণৰ- পোনতে চাউলখিনি পানীত সিজাই কিছুসময় ডলাত মেলি দি ধানখেৰ আৰু তুঁহ গুড়িৰ ছাইৰে ভাতখিনি সানি পুনৰবাৰ ঔষধিযুক্ত অৗপপৰ গুড়িৰে মিহলাই পোৰা কলহত কেঁচা কলপাতৰ মেৰণি দি দহ-পোন্ধৰ দিন ভালকৈ বান্ধি ৰাখি পকি উঠাৰ পিছত ভাতখিনি (আৰুগ) উলিয়াই বাঁহৰ জুলকিত (তাঃচুগা) ভৰাই অলপ অলপকৈ পানী ঢালি চেকিলে যি ক’লা-কজলা-ৰঙা ৰঙৰ ৰস নিসৃত হয় সেয়ে পঃৰৱ আপং বা ছাই মদ

তথ্যসংগ্ৰহসম্পাদনা কৰক

  • অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ৪৩)