আমাগি
আমাগি (ইংৰাজী: Amagi) এটি ভাৰতীয় কোম্পানী যিয়ে কেবল, অভাৰ দ্য টপ (অ' টি টি) আদি মাধ্যমৰ বাবে চেনেল আদি সৃষ্টি কৰি দিয়ে।[1] ই এটি SaaS বা চফ্টৱেৰ এজ এ' চাৰ্ভিছ কোম্পানী। কোম্পানীটো ২০২২ চনত এটি একশৃংগ কোম্পানী হৈ পৰিল।
প্ৰতিষ্ঠা আৰু সেৱা
সম্পাদনা কৰকভাস্কৰ সুব্ৰমণিয়ন, শ্ৰীনিবাস কে এ' আৰু শ্ৰীবিদ্যা শ্ৰীনিবাসনে এই কোম্পানীৰ প্ৰতিষ্ঠা ২০০৮ চনত কৰিছিল।[2] কোম্পানীটোৰ মুখ্য কাৰ্যালয় বেংগালুৰুত আছে।
এই কোম্পানীয়ে ব্ৰডকাষ্টিং সম্বন্ধীয় বিভিন্ন সেৱা প্ৰদান কৰে। দূৰদৰ্শনৰ বিজ্ঞাপনসমূহ ভৌগোলিকভাৱে নিৰ্দিষ্ট স্থানত প্ৰদৰ্শিত কৰাত ই সহায় কৰে।[2] তদুপৰি, ই দূৰদৰ্শন (কেবল টিভি) আৰু অন্যান্য মাধ্যমত চেনেল সৃষ্টিটো সহায় কৰে। ২০২২ চনত ৭০০তকৈ অধিক ব্ৰেণ্ড আৰু এশতকৈ অধিক ফাষ্ট আৰু অ' টি টি প্লেটফৰ্ম এই কোম্পানীৰ সৈতে জড়িত।[3] এন বি চি ইউনিভাৰ্ছেল, চেমচাং টিভি প্লাছ আৰু ৰকুও আমাগিৰ গ্ৰাহক।[4]
ফাষ্ট কোম্পানীৰ ১০ আতাইতকৈ সৃষ্টিশীল কোম্পানীৰ তালিকাত (২০২২) ই সন্নিৱিষ্ট। তদুপৰি, ই ২০২২ চনৰ বিগ ইন'ভেচন এৱাৰ্ডো লাভ কৰিছে।[5]
বিনিয়োগ
সম্পাদনা কৰকআমাগিৰ বিনিয়োগকাৰীসকলৰ ভিতৰত আছে নৰ্ৱেষ্ট ভেঞ্চাৰ পাৰ্টনাৰ্ছ আৰু অৱতাৰ ভেঞ্চাৰ্ছ।[4] ২০২২ চনত এক্সেলৰ নেতৃত্বত আৰু আন পূৰ্বৰ বিনিয়োগকাৰীৰ অংশগ্ৰহণত হোৱা ৰাউণ্ডত ২৫০ নিযুত ডলাৰ আমাগিয়ে বিনিয়োগ হিচাপে লাভ কৰিলে। এই ৰাউণ্ডত আমাগিৰ মূল্য নিৰ্ণয় হ'ল ১ বিলিয়ন ডলাৰতকৈ অধিক, আৰু এই কোম্পানী এটি একশৃংগ কোম্পানী বিবেচিত হ'ল।[6]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ ইংক ৪২ https://inc42.com/features/indias-unicorn-club-the-comprehensive-list-of-unicorns-in-india/
- ↑ 2.0 2.1 ক্ৰাঞ্চ বে'চ https://www.crunchbase.com/organization/amagi-media-labs
- ↑ আমাগিৰ মূল ৱেবছাইট https://www.amagi.com/
- ↑ 4.0 4.1 টাইমছ অৱ ইণ্ডিয়া https://timesofindia.indiatimes.com/city/bengaluru/amagi-raises-95-million-turns-unicorn/articleshow/90278944.cms
- ↑ আমাগিৰ এবাউট পৃষ্ঠা https://www.amagi.com/about
- ↑ লাইভ মিণ্ট https://www.livemint.com/companies/start-ups/cloudbased-media-saas-company-amagi-turns-unicorn-after-accel-funding-11647436907441.html