আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময়াঞ্চল
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময়ক আইন অনুসৰি নটা সময় অঞ্চলত ভাগ কৰা হৈছে। দেশখনৰ বেছিভাগ অঞ্চলতে দিবালোক সংৰক্ষণ সময় মানি চলা হয়। এই সময় অঞ্চলসমূহৰ সীমা আৰু দিবালোক সংৰক্ষণ সময়ৰ নীতি-নিয়ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিবহণ বিভাগৰ আধিনত পৰিচালিত হয়।

সময় অঞ্চলসমূহসম্পাদনা কৰক
আমেৰিকা যুক্তৰাষ্ট্ৰৰ নটা সময় অঞ্চল হৈছে: পূবৰ পৰা পশ্চিমলৈ আটলান্টিক মান সময় (Atlantic Standard Time, AST), পূব মান সময় (Eastern Standard Time, EST), কেন্দ্ৰীয় মান সময় (Central Standard Time, CST), পৰ্বতীয় মান সময় (Mountain Standard Time, MST), প্ৰশান্ত মান সময় (Pacific Standard Time, PST), আলাস্কা মান সময় (Alaskan Standard Time, AKST), হাৱাই-অলুয়েছিয়ন মান সময় (Hawaii-Aleutian Standard Time, HST), চামোৱা মান সময় (Samoa standard time, ইউ টি চি −১১) আৰু চামাৰো মান সময় (Chamorro Standard Time, ইউ টি চি +১০)। সময় অঞ্চলবোৰৰ সীমা ইয়াত চাব পাৰে।
আমেৰিকাৰ মূল ভূ-খণ্ডত ব্যৱহৃত সময় অঞ্চলসমূহসম্পাদনা কৰক
পূবৰ পৰা পশ্চিমলৈ, আমেৰিকাৰ মূল ভূ-খণ্ডত ব্যৱহাৰ কৰা সময় অঞ্চলসমূহ:
- পূব মান সময় অঞ্চল: (EST; ইউ টি চি −০৫; Zone R), আটলান্টিক উপকূল আৰু অ’হাঅ’ উপত্যকাৰ পূব ফালৰ তিনিভাগৰ দুভাগ এই সময় অঞ্চলৰ অন্তৰ্গত।
- কেন্দ্ৰীয় মান সময় অঞ্চল: (CST; ইউ টি চি −০৬; Zone S), আমেৰিকা উপসাগৰৰ উপকূল, মিছিছিপি উপত্যকা, আৰু গ্ৰেট প্লেইনচ্ এই সময় অঞ্চলৰ অন্তৰ্গত।
- পৰ্বতীয় মান সময় অঞ্চল: (MST; ইউ টি চি −০৭; Zone T), ৰকি পৰ্বতমালাৰ অঞ্চল ইয়াৰ অন্তৰ্গত।
- প্ৰশান্ত মান সময় অঞ্চল: (PST; ইউ টি চি −০৮; Zone U), প্ৰশান্ত উপকূল আৰু নেভাডা এই সময় অঞ্চলৰ অন্তৰ্গত।
মূল ভূ-খণ্ডৰ বাহিৰৰ ৰাজ্যত ব্যৱহৃত সময় অঞ্চলসমূহসম্পাদনা কৰক
- আলাস্কা মান সময় অঞ্চল: (AKST; ইউ টি চি −০৯; Zone V), আলাস্কা ৰাজ্যৰ বেছিভাগ অঞ্চল এই সময় অঞ্চলৰ অন্তৰ্গত।
- হাৱাই-অলুয়েছিয়ন মান সময় অঞ্চল: (বা আধিকাৰিক ভাবে হাৱাই মান সময়, Hawaii Standard Time: HST) (HAST; ইউ টি চি −১০; zone W), হাৱাই ৰাজ্য আৰু অলুয়েছিয়ন দ্বীপপুঞ্জৰ অধিকাংশ এই সময় অঞ্চলৰ অন্তৰ্গত।
ৰাজ্যৰ বাহিৰৰ সময় অঞ্চলসমূহসম্পাদনা কৰক
- আটলান্টিক মান সময় অঞ্চল: (AST; ইউ টি চি −০৪; Zone Q), পুয়েৰ্তো ৰিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া দ্বীপপুঞ্জ ইয়াৰ অন্তৰ্গত।
- চামোৱা মান সময় অঞ্চল (SST; ইউ টি চি −১১; Zone X), আমেৰিকান চামোৱা এই সময় অঞ্চলৰ অন্তৰ্গত।
- চামাৰো মান সময় অঞ্চল: (ChST; ইউ টি চি +১০; Zone K), গুৱাম আৰু উত্তৰ মাৰিয়ানা দ্বীপপুঞ্জ ইয়াৰ অন্তৰ্গত।
ক্ষুদ্ৰ দূৰবৰ্তী দ্বীপসমূহসম্পাদনা কৰক
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান ক্ষুদ্ৰ দূৰবৰ্তী দ্বীপে উপৰত বহিৰে আন বেলেগ সময় অঞ্চল ব্যৱহাৰ কৰে। বেকাৰ দ্বীপ আৰু হাউলেণ্ড দ্বীপ ইউ টি চি −১২-ৰ অন্তৰ্গত, আনহাতে ৱেক দ্বীপ ইউ টি চি +১২-ৰ অন্তৰ্গত। উদাহৰণ স্বৰূপে বেকাৰ দ্বীপ আৰু হাউলেণ্ড দ্বীপত বুধবাৰৰ দুপৰীয়া ১২ বাজিলে ৱেক দ্বীপ বৃহস্পতি বাৰৰ দুপৰীয়া ১২ বাজিব। আন্তৰাষ্ট্ৰীয় তাৰিখ ৰেখাৰ পৰস্পৰ বিপৰীত ফালে এই দ্বীপকেইটাই কৰা অৱস্থানেই হৈছে ইয়াৰ কাৰণ। আন দূৰবৰ্তী দ্বীপসমূহ হৈছে: জাৰ্ভিচ দ্বীপ, মিডৱে এটোল, পালম্যৰা এটোল আৰু কিংমেন ৰীফ (ইউ টি চি −১১); জনষ্টোন এটোল (ইউ টি চি −১০); আৰু নাভাচা দ্বীপ, বাজ’ নুৱেভ’ বেঙ্ক আৰু চেৰানিলা বেঙ্ক (ইউ টি চি −০৫)।
দিবালোক সংৰক্ষণ সময়সম্পাদনা কৰক
আমেৰিকা যুক্তৰাষ্ট্ৰত দিবালোক সংৰক্ষণ সময় প্ৰথম বাৰৰ বাবে পালন কৰা হয় ১৯১৮ চনত। বৰ্তমান দেশখনৰ অধিকাংশ অঞ্চলতে দিবালোক সংৰক্ষণ সময় মানি চলা হয়। ইয়াৰ ব্যতিক্ৰম হৈছে আৰিজোনা আৰু হাৱাই ৰাজ্য, লগতে পুয়েৰ্তো ৰিকো, আমেৰিকান চামোৱা, গুৱাম, উত্তৰ মাৰিয়ানা দ্বীপপুঞ্জ, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া দ্বীপপুঞ্জ।
১৯৮৭ ৰ পৰা ২০০৬ চনলৈ, আমেৰিকা যুক্তৰাষ্ট্ৰত দিবালোক সংৰক্ষণ সময় এপ্ৰিল মাহৰ প্ৰথম দেওবাৰৰ পৰা আৰম্ভ হৈ অক্টোবৰ মাহৰ অন্তিম দেওবাৰত শেষ হৈছিল। শক্তি সঞ্চয়ৰ উদেশ্য, শক্তি নীতি আইন, ২০০৫ অনুসৰি ২০০৭ চনৰ পৰা দিবালোক সংৰক্ষণ সময় এমাহৰ বাবে বঢ়াই দিয়া হয়। তেতিয়াৰে পৰা ই মাৰ্চ মাহৰ দ্বিতীয় দেওবাৰৰ পৰা আৰম্ভ হৈ নৱেম্বৰ মাহৰ প্ৰথম দেওবাৰত শেষ হয়।[1] স্থানীয় সময়ৰ পূৱা ২ বজাত দিবালোক সংৰক্ষণৰ বাবে সময় সলনি কৰা হয়।
বছৰ | আৰম্ভণি | সমাপ্তি |
---|---|---|
২০০৭ | ১১ মাৰ্চ | ৪ নৱেম্বৰ |
২০০৮ | ৯ মাৰ্চ | ২ নৱেম্বৰ |
২০০৯ | ৮ মাৰ্চ | ১ নৱেম্বৰ |
২০১০ | ১৪ মাৰ্চ | ৭ নৱেম্বৰ |
২০১১ | ১৩ মাৰ্চ | ৬ নৱেম্বৰ |
২০১২ | ১১ মাৰ্চ | ৪ নৱেম্বৰ |
২০১৩ | ১০ মাৰ্চ | ৩ নৱেম্বৰ |
২০১৪ | ৯ মাৰ্চ | ২ নৱেম্বৰ |
২০১৫ | ৮ মাৰ্চ | ১ নৱেম্বৰ |
২০১৬ | ১৩ মাৰ্চ | ৬ নৱেম্বৰ |
২০১৭ | ১২ মাৰ্চ | ৫ নৱেম্বৰ |
২০১৮ | ১১ মাৰ্চ | ৪ নৱেম্বৰ |
২০১৯ | ১০ মাৰ্চ | ৩ নৱেম্বৰ |
২০২০ | ৮ মাৰ্চ | ১ নৱেম্বৰ |
২০২১ | ১৪ মাৰ্চ | ৭ নৱেম্বৰ |
২০২২ | ১৩ মাৰ্চ | ৬ নৱেম্বৰ |
২০২৩ | ১২ মাৰ্চ | ৫ নৱেম্বৰ |
২০২৪ | ১০ মাৰ্চ | ৩ নৱেম্বৰ |
২০২৫ | ৯ মাৰ্চ | ২ নৱেম্বৰ |
ৰাজ্যসমূহত ব্যৱহৃত সময় অঞ্চলসমূহৰ তালিকাসম্পাদনা কৰক
ৰাজ্য (বা বিশেষ অঞ্চল) |
সময় অঞ্চল |
দি স স |
টোকা |
---|---|---|---|
আলাবামা | ইউ টি চি−০৫:০০ ET ইউ টি চি−০৬:০০ CT |
হয় |
|
আলাস্কা | ইউ টি চি−০৯:০০ ইউ টি চি−১০:০০ |
হয় |
|
আমেৰিকান চামোৱা | ইউ টি চি−১১:০০ | নহয় | চামোৱা মান সময় |
এৰিজোনা | ইউ টি চি−০৭:০০ MT | কিছু অংশ | পৰ্বতীয়। নাভাজো নেচনৰ বাহিৰে আৰিজোনাৰ আন অংশত দিবালোক সংৰক্ষণ সময় মানি চলা নহয়। |
আৰকানচ' | ইউ টি চি−০৬:০০ CT | হয় | কেন্দ্ৰীয় মান সময় |
কেলিফৰ্ণিয়া | ইউ টি চি−০৮:০০ PT | হয় | প্ৰশান্ত মান সময় |
কল’ৰাডো | ইউ টি চি−০৭:০০ MT | হয় | পৰ্বতীয় মান সময় |
কানেকটিকাট | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
ডেলাৱেৰ | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
ফ্লৰিডা | ইউ টি চি−০৫:০০ ET ইউ টি চি−০৬:০০ CT |
হয় |
|
জৰ্জিয়া | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
গুৱাম | ইউ টি চি+১০:০০ | নহয় | চামাৰো মান সময় |
হাৱাই | ইউ টি চি−১০:০০ | নহয় | হাৱাইয় মান সময় |
আইডাহো | ইউ টি চি−০৭:০০ MT ইউ টি চি−০৮:০০ PT |
হয় |
|
ইলিনয় | ইউ টি চি−০৬:০০ CT | হয় | কেন্দ্ৰীয় মান সময় |
ইণ্ডিয়ানা | ইউ টি চি−০৫:০০ ET ইউ টি চি−০৬:০০ CT |
হয় |
|
আয়'বা | ইউ টি চি−০৬:০০ CT | হয় | কেন্দ্ৰীয় মান সময় |
কেনচাচ | ইউ টি চি−০৬:০০ CT ইউ টি চি−০৭:০০ MT |
হয় |
|
কেন্টাকি | ইউ টি চি−০৫:০০ ET ইউ টি চি−০৬:০০ CT |
হয় |
|
লুইজিয়ানা | ইউ টি চি−০৬:০০ CT | হয় | কেন্দ্ৰীয় মান সময় |
মেইন | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
মেৰিলেণ্ড | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
মাচাছুছিটাচ | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
মিছিগান | ইউ টি চি−০৫:০০ ET ইউ টি চি−০৬:০০ CT |
হয় |
|
মিনিচোটা | ইউ টি চি−০৬:০০ CT | হয় | কেন্দ্ৰীয় মান সময় |
মিছিছিপি | ইউ টি চি−০৬:০০ CT | হয় | কেন্দ্ৰীয় মান সময় |
মিজুৱাৰী | ইউ টি চি−০৬:০০ CT | হয় | কেন্দ্ৰীয় মান সময় |
মন্টানা | ইউ টি চি−০৭:০০ MT | হয় | পৰ্বতীয় মান সময় |
নাব্ৰাস্কা | ইউ টি চি−০৬:০০ CT ইউ টি চি−০৭:০০ MT |
হয় |
|
নেভাডা | ইউ টি চি−০৭:০০ MT ইউ টি চি−০৮:০০ PT |
হয় |
|
নিউ হেম্পশায়াৰ | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
নিউজাৰ্চী | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
নিউ মেক্সিকো | ইউ টি চি−০৭:০০ MT | হয় | পৰ্বতীয় মান সময় |
নিউয়ৰ্ক | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
নৰ্থ কেৰলাইনা | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
নৰ্থ ডকোটা | ইউ টি চি−০৬:০০ CT ইউ টি চি−০৭:০০ MT |
হয় |
|
উত্তৰ মাৰিয়ানা দ্বীপপুঞ্জ | ইউ টি চি+১০:০০ | নহয় | চামাৰো মান সময় |
অ’হাঅ’ | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
অকল’হামা | ইউ টি চি−০৬:০০ CT | হয় | কেন্দ্ৰীয় মান সময় |
অৰেগন | ইউ টি চি−০৭:০০ MT ইউ টি চি−০৮:০০ PT |
হয় |
|
পেনছিলভেনিয়া | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
পুয়েৰ্তো ৰিকো | ইউ টি চি−০৪:০০ | নহয় | আটলান্টিক মান সময় |
ৰড আইলেণ্ড | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
চাউথ কেৰলাইনা | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
চাউথ ডাকোটা | ইউ টি চি−০৬:০০ CT ইউ টি চি−০৭:০০ MT |
হয় |
|
টেনেচি | ইউ টি চি−০৫:০০ ET ইউ টি চি−০৬:০০ CT |
হয় |
|
টেক্সাচ | ইউ টি চি−০৬:০০ CT ইউ টি চি−০৭:০০ MT |
হয় |
|
ইউটাহ | ইউ টি চি−০৭:০০ MT | হয় | পৰ্বতীয় মান সময় |
ভাৰমন্ট | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
ভাৰ্জিনিয়া | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া দ্বীপপুঞ্জ | ইউ টি চি−০৪:০০ | নহয় | আটলান্টিক মান সময় |
ৱাছিংটন | ইউ টি চি−০৮:০০ PT | হয় | প্ৰশান্ত মান সময় |
ৱাছিংটন ডি চি | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
ৱেষ্ট ভাৰ্জিনিয়া | ইউ টি চি−০৫:০০ ET | হয় | পূব মান সময় |
উইচকনচিন | ইউ টি চি−০৬:০০ CT | হয় | কেন্দ্ৰীয় মান সময় |
ৱায়মিং | ইউ টি চি−০৭:০০ MT | হয় | আলাস্কা মান সময় |
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ "Daylight Time". United States Naval Observatory. http://www.usno.navy.mil/USNO/astronomical-applications/astronomical-information-center/daylight-time। আহৰণ কৰা হৈছে: 2011-11-06.