আস্ক আৰু এম্বলা
আস্ক আৰু এম্বলা (ইংৰাজী: Ask and Embla; পুৰণি নৰ্ছ ভাষা: Askr ok Embla) — ক্ৰমে পুৰুষ আৰু মহিলা — আছিল নৰ্ছ পৌৰাণিক কাহিনীমতে দেৱতাই সৃষ্টি কৰা মানুহৰ প্ৰথম দুই সদস্য। পূৰ্বৰ পৰম্পৰাগত উৎসৰ ভিতৰত ত্ৰয়োদশ শতিকাত সংকলিত কাব্যিক এড্ডা আৰু ত্ৰয়োদশ শতিকাত ৰচিত গদ্য এড্ডা দুয়োতে এই মানৱ যুটিৰ উল্লেখ পোৱা গৈছে। দুয়োটা উৎসতে তিনিজন দেৱতাই আস্ক আৰু এম্বলাক বিচাৰি উলিয়াই বিভিন্ন শাৰীৰিক আৰু আধ্যাত্মিক উপহাৰ প্ৰদান কৰে। দুয়োটা ব্যক্তিত্বৰ ব্যাখ্যাৰ বাবে কেইবাটাও তত্ত্ব প্ৰস্তাৱ কৰা হৈছে আৰু জনপ্ৰিয় সংস্কৃতিত মাজে মাজে ইয়াৰ উল্লেখ পোৱা যায়।
শ্ৰুতিকথা
সম্পাদনা কৰককাব্যিক এড্ডাৰ মতে নৰ্ছ শ্ৰুতিকথাৰ দেৱতা হনিৰ, লডুৰ আৰু অডিনে এবাৰ স্থলভাগত আস্ক আৰু এম্বলাক লগ পাইছিল। দুয়োজনে অতি অক্ষম অৱস্থাত আছিল। তেওঁলোকৰ শৰীৰত আত্মা নাছিল, জ্ঞান নাছিল, শক্তি নাছিল, তেজ নাছিল আৰু কোনো বৰণ নাছিল। তিনিওজন দেৱতাই তেওঁলোকক তিনিটা উপহাৰ দিছিল।[1] অডিনে তেওঁলোকক আত্মা, হনিৰে তেজ আৰু লডুৰে দেহৰ বৰণ প্ৰদান কৰে।[2] অৱশ্যে বিভিন্ন পণ্ডিতে এই উপহাৰসমূহৰ অৰ্থ ভিন্ন ভাবে অনুবাদ কৰা দেখা যায়।[3]
গদ্য এড্ডাৰ এটা কাহিনী অনুসৰি ভিলি, ভে আৰু অডিন তিনিজন ভাতৃয়েই হৈছে পৃথিৱীৰ প্ৰথম পুৰুষ আৰু মহিলা আস্ক আৰু এম্বলাৰ সৃষ্টিকৰ্তা। ভাতৃত্ৰয়ে এবাৰ বিলৰ কাষেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত তাত দুজোপা গছ দেখা পাইছিল। তেওঁলোকে সেই গছৰ কাঠৰ পৰাই আস্ক আৰু এম্বলাৰ সৃষ্টি কৰে। তিনিও ভাতৃৰ এজনে তেওঁলোকক জীৱনৰ উশাহ, দ্বিতীয়জনে গতি আৰু বুদ্ধিমত্তা আৰু তৃতীয়জনে তেওঁলোকক আকৃতি, বাক্য, শ্ৰৱণ আৰু দৃষ্টিশক্তি প্ৰদান কৰে। তদুপৰি তিনিওজন দেৱতাই তেওঁলোকক বস্ত্ৰ আৰু নামো প্ৰদান কৰে। ইয়াৰ পিছতে আস্ক আৰু এম্বলা সকলো মানৱৰ পূৰ্বপুৰুষ হৈ পৰে আৰু তেওঁলোকক থাকিবলৈ মিডগাৰ্ডৰ পৰিধিৰ ভিতৰত এটা ঘৰো প্ৰদান কৰা হয়।[4]
সমালোচনা
সম্পাদনা কৰকএম্বলাৰ ব্যুৎপত্তিগত অৰ্থ “লতা”ৰ ওপৰত ভিত্তি কৰি এই যুটিটোৰ বাবে এটা প্ৰাক-ইণ্ডো-ইউৰোপীয় ভিত্তি তত্ত্ব প্ৰস্তুত কৰা হৈছে। ইণ্ডো-ইউৰোপীয় সমাজত জুইৰ সৃষ্টি আৰু যৌন সম্পৰ্কৰ পৰা এটা উপমা দিয়া হয়। জুই জ্বলাবলৈ কঠিন কাঠৰ তলত শুকান লতাবোৰক জ্বলনশীল সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল, যাৰ ফলত জুই লাগিছিল। স্কেণ্ডিনেভিয়াত জুইৰ আচাৰ-ব্যৱহাৰৰ অধিক প্ৰমাণ ছুইডেনৰ স্কেনিয়াৰ কিভিকত ব্ৰঞ্জ যুগৰ কবৰৰ ওপৰত থকা শিলালিপিত চিত্ৰিত কৰা হৈছে।[5]
জান পুহভেলে (Jaan Puhvel) মন্তব্য কৰিছে যে "প্ৰাচীন শ্ৰুতিকথাসমূহত আদম আৰু ইভৰ সৈতে মিল থকা ইণ্ডো-ইউৰোপীয় পৰম্পৰাৰ বৈদিক যম আৰু যমী আৰু ইৰাণী পৰম্পৰাৰ মাছিয়া আৰু মাছ্যানাগ (Mašya and Mašyānag), নৰ্ছ শ্ৰুতিকথাৰ আস্ক আৰু এম্বলা ইত্যাদি অনেক 'প্ৰথম দম্পতী' দেখা পোৱা যায়।"[6]
ইণ্ডো-ইউৰোপীয় সমাজত গছৰ পৰা মানৱজাতিৰ উৎপত্তিৰ তুলনামূলক প্ৰমাণৰ ওপৰত কৰা অধ্যয়নত এণ্ডাৰছ হাল্টগাৰ্ডে লক্ষ্য কৰিছে। তেওঁৰ মতে "গছ বা কাঠৰ পৰা মানৱজাতিৰ উৎপত্তিৰ শ্ৰুতিকথা প্ৰাচীন ইউৰোপ আৰু ভাৰত-ইউৰোপ আৰু ভাৰত-এছিয়া আৰু ইৰাণৰ ইউৰোপীয় ভাষী জনগোষ্ঠীসমূহৰ মাজত প্ৰচলিত থকা দেখা যায়। ইয়াৰ বিপৰীতে পূবৰ সংস্কৃতিসমূহত মানুহৰ উৎপত্তি মাটি, মাটি বা তেজৰ পৰা ঈশ্বৰীয় সৃষ্টি কাৰ্য্যৰ দ্বাৰা উৎপন্ন হোৱা বুলি কোৱা হয়"।[7]