আহিনা (বৈজ্ঞানিক নাম: Leea umbraculifera; মিচিং: ৰাখিবায়িং আছিং; কছাৰী: পান্দুচা-বাফাং; খাচিয়া: দিয়েং-চং-উইয়া; কাৰ্বি: চপ্ লিপলি) ভিটেচি (Vitaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ আওকাঠী বনৰীয়া গছ।[1]

আহিনাৰ গা-গছৰ গুৰি অংশই গোটা কাঠৰ আকৃতি ধাৰণ কৰে। কোনো কোনো গছত ডালৰ পৰা বায়বীয় শিপা বিকশিত হয়। বাকলিৰ উপৰিভাগ মদৰুৱা। বাকলিৰ ভিতৰৰ ফালে থকা মঙহাল অংশটোৱে ৰঙচুৱা বৰণ ধাৰণ কৰে।

প্ৰত্যেকখিলা পাতে দুযোৰ বা তিনিযোৰ শাখপাত ধাৰণ কৰে। পাত ধাৰণ কৰা ঠাৰিডালৰ একাষে এটা লোৰ উদ্ভৱ হয়। শাখাপাত বোৰে দীঘলীয়া অথবা জাঠিৰ নিচিনা ৰূপ প্ৰদৰ্শন কৰে। দাঁতি ভাগত খাঁজকটা চিনৰ উৎপত্তি হয়। আগভাগে গাইগুটীয়াভাৱ কেতিয়াবা নেজাল আৰু কেতিয়াবা সূক্ষ্ম কৌণিক আকৃতি ধাৰণ কৰে।

ফুলৰ বৰণ বগা চানেকীয়াকৈ সেউজীয়া হয়। ফলৰ আকৃতি অলপ ঘূৰণীয়া হয়।[2]

  1. ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  2. ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ