আহোম যুগৰ ধাতু শিল্প
এই প্ৰবন্ধটোত সম্ভৱ মৌলিক গৱেষণা অন্তৰ্ভুক্ত হৈছে। |
আহোমৰ ছশ বছৰীয়া শাসন কালত ধাতু শিল্পৰ অগ্ৰগতি উল্লেখনীয়। অসমত সোণ, ৰূপ,লো, তীখা,তাম আদি ধাতুৰ আকৰ আছিল। এসময়ত অসম সোণেৰে চহকী আছিল। সোণাৰী সকলে অসমৰ থলুৱা কেঁচা সোণৰ আ-অলংকাৰ আদি গঢ়াইছিল। ৰজাৰ ঘৰত সোণৰ মাইহাং, শৰাই, কাঁহী,সঁফুৰা,কাকৈ ফণী আদিৰ লগতে নানা বিধৰ হাতৰ,কাণৰ, ডিঙিৰ অলংকাৰ গঢ়িছিল। অসমীয়া সোণাৰীৰ অলংকাৰ গঢ়াৰ ৰীতিটো বিশেষ বৈশিষ্ট্যপূৰ্ণ। স্বৰ্গদেউ চুডাংফাৰ দিনৰেপৰা ৰজাই শিঙৰী ঘৰত উঠি সোণৰ মোহৰ মৰাইছিল আৰু এই পৰম্পৰা আহোম ৰাজত্বৰ শেষলৈকে আছিল।
সোণৰ উপৰিও আহোম যুগত ৰূপৰো প্ৰচলন আছিল। ৰূপৰ মোহৰ,সাজবাচন, শৰাই আদি সৰঞ্জাম সোণৰ সলনি ৰূপেৰে তৈয়াৰ কৰিছিল। তাম,পিতল,কাঁহ আদি ধাতুৰ ব্যৱহাৰ সৰ্বসাধাৰণ প্ৰজাৰ মাজত অধিক জনপ্ৰিয় আছিল। পিতলৰ কলহ,লোটা,চৰিয়া,টৌ,কাঁহৰ বাটি, কাঁহী,থাল ইত্যাদি নিৰ্মিত হৈছিল। লো ৰ পৰা বৰতোপ,হাতহিলৈ,সৰু হিলৈ, হেংদাং, তৰোৱাল,দা,কটাৰী,কোৰ,কাচি আদি নিৰ্মিত হৈছিল। ৰাং,সীহ,দস্তা আদিৰো প্ৰয়োজনীয় ব্যৱহাৰ আছিল আৰু বুৰঞ্জীত এইবোৰ ধাতুৰ নামোল্লেখ পোৱা যায়।
আহোম যুগৰ কুটিৰ শিল্প বিলাক পুৰুষানুক্ৰমে একোটা ফৈদৰ হাতত আছিল। কঁহাৰ,কমাৰ, কুমাৰ,চমাৰ,সোণাৰি, তাঁতী,যোগী, খনিকৰ,বাঢ়ৈ আদি খেলৰ লোকে শিল্পবিলাকৰ বিকাশ সাধনত আত্মনিয়োগ কৰিছিল। ৰজাই এইবোৰ শিল্পৰ কাম-কাজ পৰিচালনা কৰিবলৈ বিষয়া নিয়োগ কৰিছিল।
আহোম যুগৰ অন্য এক অন্যতম শিল্প আছিল হাতীদাঁতৰ শিল্প।
তথ্য সংগ্ৰহ
সম্পাদনা কৰকসহায়ক গ্ৰন্থ
সম্পাদনা কৰকঅসমৰ সংস্কৃতি,লীলা গগৈ।