আহোম যুগৰ পূৰ্ব্বে অসমৰ ৰজাসকলে ৰজাসকলে ৰজাঘৰীয়া বিষয়ত সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিল। অসমৰ পুৰণি শিলালিপি আৰু তামৰ ফলিসমূহে এই কথা প্ৰমাণ কৰে। আহোমৰ দিনত টাই ভাষাৰ লগতে অসমীয়া ভাষা ৰাজকাৰ্যত ব্যৱহাৰ কৰা হয়। কছাৰী, কোচ, দৰং, জয়ন্তীয়া আদি ৰাজ-দৰবাৰতো অসমীয়া ভাষাই প্ৰাধান্য পাইছিল।

সেয়ে আহোমৰ সাহিত্য বুলি কলে প্ৰধানত আমি টাই ভাষাত লিখা বুৰঞ্জী, অন্যান্য পুথি-পাজিসমূহ আৰু অসমীয়া ভাষাত লিখা পুথিসমূহক অন্তৰ্ভূক্ত কৰিব পাৰোঁ। টাই আহোম সাহিত্য হল প্ৰাচীন টাই সাহিত্যৰ পৰা বিকশিত হোৱা সাহিত্য যি মধ্যযুগৰ অসমৰ ৰাজসাহিত্য আছিল। ই চীনৰ গুৱাঙচি অঞ্চলৰ পৰা আৰম্ভ হৈছিল। আহোম সাহিত্যত নিজা আহোম লিপি আৰু ভাষাৰ প্ৰয়োগ হয় যি ইয়াক উচ্চখাপৰ সাহিত্য বুলি প্ৰমাণ কৰে। ইয়াত টাই সাহিত্যৰ উপৰিও কিছু পৰিমাণৰ চীনা আৰু ঝুৱাঙ সাহিত্যৰো প্ৰভাৱ আছে।[1]

আহোম সাহিত্যৰ আৰম্ভণি

সম্পাদনা কৰক

আহোমসকলৰ প্ৰাচীন সাহিত্য চীনত অধিক সময়লৈকে আছিল। এই প্ৰাচীন সাহিত্যৰ বৰ্তমানৰ অসমীয়া সাহিত্যত যথেষ্ট অৱদান আছে। প্ৰাচীন আহোম সাহিত্য মূলতঃ মুঙ ফি নামৰ ঠাইখনত অধিক বিকশিত হৈছিল। এই প্ৰাচীন সাহিত্যত টাই সকলৰ প্ৰবজন, বিকাশ, ৰাজ্য আদিৰ কথা উল্লেখ থকাৰ লগতে কিছু প্ৰাচীন টাই দৰ্শনৰ কথাও উল্লেখ আছিল। বিশেষকৈ টাই মহিলা সাহিত্যিক তথা দাৰ্শনিক নাঙ য়া ছিং ফাই বহুখিনি সাহিত্য কৰ্ম আগুৱাই নিছিল। লিত লাই পেয়' কাকা নামৰ গ্ৰন্থৰ দ্বাৰা টাই জাতিৰ উৎপত্তি বিকাশ আৰু প্ৰবজন সম্বন্ধে আহোম সাহিত্যত বিস্তাৰিত ভাবে লিখা আছে।

বুৰঞ্জী শব্দটো এটা টাই ভাষাৰ শব্দ। বুৰঞ্জী শব্দৰ বুৎপত্তিগত অৰ্থ হৈছে “মূৰ্খৰ জ্ঞানৰ ভঁৰাল” বা “নজনা কথা জনাৰ ভঁৰাল”। ১২২৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠত প্ৰৱেশ কৰাৰ পৰৱৰ্তী সময়ৰ পৰাই অসমত বুৰঞ্জী শব্দৰ ব্যাপক প্ৰচলন হৈছে। আহোমসকলে এই বুৰঞ্জী লিখাৰ প্ৰথা মাওলুংৰ পৰাই লৈ আহিছিল।

আহোম যুগৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক সমল হৈছে এই বুৰঞ্জী সাহিত্য। আহোমসকলৰ ইতিহাস সচেতনতাৰ এক গৌৰৱোজ্জ্বল নিদৰ্শন হৈছে এই বুৰঞ্জী সাহিত্য। পোনপ্ৰথমে স্বৰ্গদেউ চাওলুং চুকাফাৰ নিৰ্দেশমৰ্মেই আহোম ৰাজ্যত সংঘটিত হোৱা গুৰুত্বপূৰ্ণ ঘটনাসমূহ লিপিবদ্ধ কৰি টাই পণ্ডিতসকলে বুৰঞ্জী লিখাৰ পৰম্পৰাৰ আৰম্ভণি ঘটাইছিল। “যেতিয়া যি কথা হয়, যি মৰে, যাক পাওঁ, সকলো কথা পণ্ডিতে লিখি ৰাখিব” এইবুলি স্বৰ্গদেউ চাওলুং চুকাফাই ৰাজ্যৰ টাই পণ্ডিতসকলক বুৰঞ্জী লিখিবলৈ নিৰ্দেশ দিছিল।

 
চ্যুকাফা ক্ষেত্ৰ

আহোম যুগৰ পুৰণি বুৰঞ্জীবোৰ বিচাৰ কৰিবৰ বেলিকা বুৰঞ্জীবিদসকলে দুটা ভাগত ভাগ কৰে - ৰজাঘৰীয়া বা চৰকাৰী আৰু ব্যক্তিগত। আহোমসকলে অতি পুৰণি কালৰেপৰা লিখা পঢ়া বিদ্যাত পাকৈত জাতি আছিল।[2] প্ৰৱজন কৰি আহোঁতে নামকিয়ু নৈৰ পাৰত থকা খামজাং ৰাজ্য পাওঁতে চুকাফাই লগৰ মানুহ লিখি চাই দেখা পালে তিনিকুৰিজন মৰিল আৰু সাতজন হেৰাল। সেয়েহে তেতিয়াই লগত অহা পণ্ডিতক যই মৰে, যাক পায়, বাটত যি ঘটনা ঘটে তাক লিখি থবলৈ আদেশ দিলে।[3] বুৰঞ্জী লিখাটো স্বৰ্গদেউসকলৰ ৰাজকীয় কৰ্তব্যৰ আওতাত পৰিছিল আৰু দায়িত্বপূৰ্ণ বিষয়া (টাই পণ্ডিত) নিয়োগ কৰি ৰাজ্যৰ সকলো ঘটনাৱলী লিখি ৰখাব ব্যৱস্থা কৰিছিল।

টাই আহোম পণ্ডিত শ্ৰেণীৰ তিনিটা ফৈদ আছিল – চাংবুন (দেওধাই), ম'-হুং (মহন) আৰু ম'-প্লঙ (বাইলুং)[4] । এই টাই পণ্ডিতসকলৰ নেতৃত্বতে আহোম শাসনৰ প্ৰাৰম্ভিক পৰ্যায়ত আটাইবোৰ বুৰঞ্জী টাই ভাষাত লিখা হৈছিল যদিও কালক্ৰমত আহোম স্বৰ্গদেউসকল ক্ৰমাৎ ব্ৰাহ্মণ্যবাদৰ প্ৰতি আকৃষ্ট হৈ আহোম ৰাজসভাত ব্ৰাহ্মণ পণ্ডিত নিযুক্তি দিয়াত আৰু আহোমসকলে অসমীয়া ভাষা ৰাজ্যভাষা হিচাপে গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথাৰ আৰম্ভণি ঘটিছিল।

বুৰঞ্জী সাহিত্য

সম্পাদনা কৰক

স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰি লিখোৱা প্ৰথমখন বুৰঞ্জী আছিল “চুকাফাৰ বুৰঞ্জী”। এই বুৰঞ্জীখন চুকাফাৰ নিৰ্দেশত চেংকালু মচাই নামৰ টাই পণ্ডিতজনে ৰচনা কৰিছিল। এইখন বুৰঞ্জীখনত মাওলুংৰ পৰা চৰাইদেউলৈ চুকাফাৰ বৰ্ণিল যাত্ৰাৰ বৰ্ণনা আছে।

স্বৰ্গদেউ চুহুংমুং ওৰফে দিহিঙীয়া ৰজাৰ ৰাজত্বকালতেই আহোম ৰাজত্বৰ প্ৰথমখন অসমীয়া ভাষাৰ বুৰঞ্জী লিখি উলিওৱা হৈছিল আৰু সেইখন আছিল “শ্ৰীশ্ৰী স্বৰ্গনাৰায়ন মহাৰাজৰ জন্মকথা”। কিন্তু সেইবুলিয়েই এই সময়ছোৱাত টাই ভাষাত বুৰঞ্জী ৰচনা নোহোৱাকৈ থকা নাছিল। অসমীয়া ভাষাত বুৰঞ্জী ৰচনাৰ সমান্তৰালভাৱে টাই ভাষাতো বুৰঞ্জী ৰচনা কৰিছিল। কিন্তু পৰৱৰ্তী আহোম যুগত অসমীয়া ভাষাত ৰচিত বুৰঞ্জীৰ সংখ্যাতকৈ টাই ভাষাত ৰচিত বুৰঞ্জীৰ সংখ্যা তুলনামূলকভাৱে কম।[3]

আহোম যুগৰ বুৰঞ্জীসমূহৰ ৰচনাত জড়িত হৈ আছিল সেইসময়ৰ ৰাজকাৰ্যৰ লগত সংপৃক্ত হৈ থকা ৰাজবিষয়া আৰু আহোম ৰাজসভাৰ বিশিষ্ট পণ্ডিতসমূহ। এই বুৰঞ্জী লিখা কামটো এটা অত্যন্ত দায়িত্বপূৰ্ণ কাম আছিল। চাক্ষুসভাৱে নিৰীক্ষণ কৰি বা বিভিন্ন উৎসৰ পৰা পৰোক্ষভাৱে তথ্য সংগ্ৰহ কৰি এই বুৰঞ্জীসমূহ ৰচনা কৰা হৈছিল। আহোম যুগৰ বুৰঞ্জীসমূহক বিষয়বস্তুৰ ভিন্নতা অনুসৰি বহলকৈ দুভাগত ভাগ কৰিছে। এই ভাগ দুটা হৈছে –

  • ১) দেও বুৰঞ্জী আৰু
  • ২) দীন বুৰঞ্জী।
 
আসাম বুৰঞ্জী

দেও বুৰঞ্জী –

সম্পাদনা কৰক

দেও বুৰঞ্জী মানে হৈছে দেৱতাৰ বুৰঞ্জী। এই দেও বুৰঞ্জীসমূহত পৃথিৱীত মানুহ সৃষ্টিৰ পূৰ্বৰে পৰা খুনলুং আৰু খুনলায়ে স্বৰ্গৰ পৰা আহি পৃথিৱীত ৰাজ্য স্থাপন কৰালৈকে বিস্তীৰ্ণ সময়ছোৱাৰ কথা বৰ্ণনা কৰা হৈছে।

দীন বুৰঞ্জী –

সম্পাদনা কৰক

দীন বুৰঞ্জী মানে হৈছে পৃথিৱীৰ বুৰঞ্জী। এই দীন বুৰঞ্জীসমূহত আহোমসকলৰ পুলিন-পোথাওসকলে পৃথিৱীত ৰাজ্য স্থাপন কৰাৰ পৰা আদি কৰি চাওলুং চুকাফাই সৌমাৰপীঠত ৰাজ্য স্থাপন কৰালৈকে এক বিস্তীৰ্ণ সময়ৰ বৰ্ণনা কৰা হৈছে। দীন বুৰঞ্জীত চুকাফাৰ উত্তৰাধিকাৰীসকলৰ ৰাজত্বকালৰ তথ্য তথা শাসন পদ্ধতি আৰু সামাজিক অৱস্থাৰ বুৰঞ্জীও অন্তৰ্ভুক্ত হৈছে। সংখ্যাভিত্তিত তুলনা চাবলৈ গ’লে দেও বুৰঞ্জীতকৈ দীন বুৰঞ্জীৰ সংখ্যা অধিক।

দীন বুৰঞ্জীক আকৌ ইয়াৰ বিষয়বস্তুৰ বিস্তৃতি অনুসৰি দুটা ভাগত ভাগ কৰিছে। এই ভাগ দুটা হৈছে –

  • ১) লাইলিক বুৰঞ্জী আৰু
  • ২) লিট বুৰঞ্জী।

সাধাৰণতে যিসমূহ বুৰঞ্জীত এক দীৰ্ঘকালৰ বিৱৰণ উল্লেখ থাকে তেনে বুৰঞ্জীক লাইলিক বা বৰপাহী বুৰঞ্জী বুলি কোৱা হয়। এই বুৰঞ্জীসমূহ আকাৰত ডাঙৰ হয়। টাই ভাষা অনুসৰি লাই মানে ডাঙৰ আৰু লিক মানে কিতাপ। এখন বিখ্যাত লাইলিক বুৰঞ্জী বা বৰপাহী বুৰঞ্জী হৈছে ৰায়বাহাদুৰ গোলাপচন্দ্ৰ বৰুৱাদেৱে টাই ভাষাৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰা “আহোম বুৰঞ্জী”খন।

আনহাতেদি, এটা নিৰ্দিষ্ট সৰু ঘটনাৰ বিশেষ বিৱৰণ দাঙি ধৰা বুৰঞ্জীত লিট বুৰঞ্জী বা কথা বুৰঞ্জী বোলা হয়। এই বুৰঞ্জীসমূহ আকাৰত সৰু হয়। ইয়াত যিকোনো এটা গুৰুত্বপূৰ্ণ ঘটনাক বুৰঞ্জীৰ বিষয়ৰূপে নিৰ্দিষ্ট কৰে আৰু লেখকে নিজৰ চাক্ষুস অভিজ্ঞতাৰ পৰা এই ঘটনাৰ বৰ্ণনা দিয়ে। এখন উল্লেখযোগ্য লিট বুৰঞ্জী হৈছে তেতিয়া পুৰণি অসমীয়া ভাষাত ৰচনা কৰা “ৰামসিংহৰ যুদ্ধৰ কথা” যি পৰৱৰ্তী সময়ত ডঃ সূৰ্যকুমাৰ ভূঞাদেৱে সম্পাদনা কৰি উলিয়ায়।

আহোম যুগত বুৰঞ্জী প্ৰণয়ন আৰু সংৰক্ষণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল। বুৰঞ্জীবোৰ পৰীক্ষা নিৰীক্ষা কৰিবলৈ আৰু সংৰক্ষণ কৰিবলৈ সেইসময়ত এটা বিশেষ বিভাগ গঠন কৰা হৈছিল। এই বিভাগৰ মুখ্য ব্যক্তি আছিল চিৰিং ফুকন। চিৰিং ফুকনৰ তত্বাৱধানত বাইলুং ফুকন, দেওধাই ফুকন, বাইলুং বৰুৱা আৰু দেওধাই বৰুৱাই বুৰঞ্জী লিখাৰ কাম সম্পন্ন কৰিছিল। পৰৱৰ্তী সময়ত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হোৱাৰ পাছত লেখাৰু খেলৰ সৃষ্টি কৰা হ’ল। এই খেলক চোৱা-চিতা কৰিছিল লেখাৰু বৰুৱা নামেৰে এজন বিষয়াই। সেইসময়ত বুৰঞ্জী লিখিবলৈ সাঁচিপাত যোগান ধৰিবৰ বাবে “সাঁচিকটীয়া” নামৰ একশ্ৰেণীৰ মানুহ নিয়োগ কৰিছিল আৰু লগতে সাঁচিপাতত ৰং দিবলৈ “খনিকৰ” নামৰ এটা শ্ৰেণীৰ লোকক নিয়োগ কৰিছিল।

আহোম যুগত ৰাজপ্ৰসাদ অৰ্থাৎ হোলোং ঘৰৰ ভিতৰত গন্ধীয়া ভঁৰাল নামেৰে এটা বৃহৎ ঘৰ আছিল আৰু ইয়াতেই বুৰঞ্জী পুথিসমূহ সংৰক্ষণ কৰি থোৱা হৈছিল। গন্ধীয়া ভঁৰালত বুৰঞ্জী সংৰক্ষণৰ কামটোৰ তদাৰক কৰিছিল গন্ধীয়া ফুকন আৰু গন্ধীয়া বৰুৱাই।

আহোম ৰাজত্বকালৰ ছশ বছৰীয়া স্বৰ্ণিল ইতিহাসত ৰচিত কেইখনমান উল্লেখযোগ্য বুৰঞ্জী পুথি হৈছে –

১) তুংখুঙীয়া বুৰঞ্জী :-

সম্পাদনা কৰক

এই বুৰঞ্জীখন শ্ৰীনাথ দুৱৰা বৰবৰুৱাই ৰচনা কৰিছিল। প্ৰকৃততে এই বুৰঞ্জীখনৰ নাম আছিল “তুংখুঙীয়া স্বৰ্গদেৱৰ বংশাৱলী”। স্বৰ্গদেউ গদাধৰ সিংহৰ আহোম ৰাজত্বৰ শেষলৈকে তুংখুঙীয়া শাসকসকলৰ শাসনকালৰ বৰ্ণনা এই বুৰঞ্জীত পোৱা যায়।

২) আসাম বুৰঞ্জী পুথি :-

সম্পাদনা কৰক

এই বুৰঞ্জীখন ৰচনা কৰিছিল কাশীনাথ তামুলী ফুকনে। এই বুৰঞ্জীখনে ১২২৮ খ্ৰীষ্টাব্দৰ পৰা আহোম ৰাজত্বৰ সমাপ্তি পৰ্যন্ত আহোমসকলৰ ইতিহাসক সামৰি লৈছে।

৩) ত্ৰিপুৰা বুৰঞ্জী :-

সম্পাদনা কৰক

এই বুৰঞ্জীখন ৰচনা কৰিছিল ৰত্ন কন্দলি আৰু অৰ্জুন দাস বৈৰাগী নামৰ দুজন আহোম কটকীয়ে। ১৭২৪ খ্ৰীষ্টাব্দত এই বুৰঞ্জীখন তেওঁলোকে “ত্ৰিপুৰা দেশৰ কথা” নামেৰে প্ৰকাশ কৰে। এই বুৰঞ্জীখনত ত্ৰিপুৰা দেশৰ বিস্তৃত বিৱৰণৰ লগতে আহোম-ত্ৰিপুৰাৰ সম্পৰ্কৰ বিষয়েও উল্লেখ আছে।

৪) বেলিমাৰৰ বুৰঞ্জী :-

সম্পাদনা কৰক

এই বুৰঞ্জীখন ৰচনা কৰিছিল বিশ্বেশ্বৰ বৈদ্যধিপ নামৰ এজন আহোম ৰাজবৈদ্যই। এই বুৰঞ্জীখনত ১৭৯২ খ্ৰীষ্টাব্দত কেপ্টেইন ৱেলছৰ অসম আগমনৰ পৰা ১৮১৯ চনত মান সৈন্যই স্বৰ্গদেউ চক্ৰধ্বজ সিংহক আহোম সিংহাসনত পুনৰ অধিষ্ঠিত কৰোৱা সময়ছোৱাৰ কথা বৰ্ণনা কৰা হৈছে।

৫) পাদশ্বাহ বুৰঞ্জী :-

সম্পাদনা কৰক

এই বুৰঞ্জীখন গড়গঞা সন্দিকৈ বৰফুকনৰ নিৰ্দেশত ৰচনা কৰা হৈছিল। এই বুৰঞ্জীখনত মোগল বাদশ্বাহৰ ৰাজদৰবাৰৰ লগতে আহোম-মোগলৰ সম্পৰ্কৰ কথাও সন্নিৱিষ্ট হৈ আছে।

৬) চাংৰুং ফুকনৰ বুৰঞ্জী :-

সম্পাদনা কৰক

আহোম ৰাজ্যৰ মুখ্য অভিযন্তাজনক চাংৰুং ফুকন বুলি জনা গৈছিল। এই চাংৰুং ফুকনৰ তত্বাৱধানত ৰচনা কৰা বুৰঞ্জীক “চাংৰুং ফুকনৰ বুৰঞ্জী” বুলি জনা যায়। এইপৰ্যন্ত দুখন এইশ্ৰেণীৰ বুৰঞ্জী পুথি উদ্ধাৰ হৈছে। এই বুৰঞ্জীত মূলত বাট-পথ, মঠ-মন্দিৰ, দলং, পুখুৰী, ঘৰ-দুৱাৰ, মৈদাম আদি নিৰ্মাণৰ বিভিন্ন তথ্য-পাতি পোৱা যায়।

৭) সাতসৰী অসম বুৰঞ্জী :-

সম্পাদনা কৰক

সাতসৰী অসম বুৰঞ্জীখন ডঃ সূৰ্যকুমাৰ ভূঞাই সম্পাদনা কৰা এখন অন্যতম বুৰঞ্জী। এই বুৰঞ্জীত আহোম ৰাজত্বকালৰ বিভিন্ন সময়ত ৰচিত সৰ্বমুঠ সাতখন বুৰঞ্জীক সংকলিত কৰা হৈছে।

৮) চকৰীফেঁটী বুৰঞ্জী :-

সম্পাদনা কৰক

এই বুৰঞ্জীখন নুমলী বৰগোঁহায়ে ৰচনা কৰিছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত ৰচনা কৰা এই বুৰঞ্জীখনত সেইসময়ৰ বৰবৰুৱা কীৰ্তিচন্দ্ৰক “জলমবঁটা” বা নকল আহোম হিচাপে উল্লেখ কৰা হৈছিল আৰু সেয়ে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই বুৰঞ্জী দাহ যজ্ঞৰ আৰম্ভণি কৰিছিল।

ইয়াৰোপৰি আহোম ৰাজত্বকালৰ সময়ছোৱাত ভালেমান বুৰঞ্জী সাহিত্য ৰচনা কৰা হৈছিল। এই বুৰঞ্জীবোৰে কেৱল আহোম ৰাজ্যৰ ভূগোল, ৰাজনীতি, সংস্কৃতি, অৰ্থনীতি, সমাজনীতি আদি প্ৰতিফলিত নকৰে; এই বুৰঞ্জীসমূহে আহোম ৰাজ্যৰ কাষৰীয়া ৰাজ্যসমূহৰ বিষয়েও ভালেমান গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে যিবোৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সমল।

বুৰঞ্জী সাহিত্য হৈছে এটা জাতিৰ দাপোন। এটা জাতিৰ ইতিহাসক জাতিটোৰ বৰ্তমানৰ লগত পৰিচয় কৰাই দিয়ে বুৰঞ্জী সাহিত্যই। আহোম যুগৰ বুৰঞ্জী সাহিত্যই আমাক আমাৰ অতীতৰ বিষয়ে সোঁৱৰাই দিয়ে। অনাগত দিনতো আহোম যুগৰ বুৰঞ্জী সাহিত্য সম্পৰ্কে অধ্যয়ন তথা গৱেষণাৰ প্ৰয়োজনীয়তা আছে কিয়নো আহোম ৰাজ্যৰ বুৰঞ্জী সম্পৰ্কে বৰ্তমানলৈকে সকলো তথ্য উদ্ধাৰ হোৱা নাই। বহু বুৰঞ্জী কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ বুৰঞ্জী দাহকে আদি কৰি বিভিন্ন কাৰ্যৰ বাবে কেতিয়াবাই কালৰ কুটিল গ্ৰাসত হেৰাই গ’ল আৰু বহু বুৰঞ্জী এতিয়াও লোকচক্ষুৰ পৰা বহু যোজন আঁতৰত আছে। ভৱিষ্যতৰ দিনত আহোম যুগৰ এই বুৰঞ্জী সাহিত্যসমূহ উদ্ধাৰৰ প্ৰয়োজনীয়তা আছে।

আহোম সাহিত্যৰ অন্যান্য সৃষ্টি

সম্পাদনা কৰক

বুৰঞ্জীসমূহৰ বাদেও আহোম ৰজাঘৰৰ পৃষ্ঠপোষকতাত বা অনুপ্ৰেৰণাত ৰচিত সাহিত্যক এই কেইটা ভাগ ভগাব পাৰিঃ[5]

  • শাক্ত আৰু তান্ত্ৰিক সাহিত্য
  • শৃংগাৰ ৰসাত্মক সাহিত্য
  • ব্যৱহাৰিক জ্ঞানৰ সাহিত্য
  • মহাভাৰতীয় সাহিত্য
  • নাটক
  • গীত

শাক্ত আৰু তান্ত্ৰিক সাহিত্যঃ

সম্পাদনা কৰক

এই শ্ৰেণীৰ সাহিত্যত শাক্ত বা দেৱী পাৰ্বতীৰ কাহিনী, মাহাত্ম্য, অলৌকিক কাৰ্যকলাপ, আদিৰ বৰ্ণনা পোৱা যায়। অনন্ত আচাৰ্যৰ সংস্কৃতত লিখা সৌন্দৰ্য লহৰী, ৰুচিনাথ কন্দলীৰ মাৰ্কণ্ডেয় চণ্ডী, অজ্ঞাত কবিৰ কালিকা পূৰাণ, অনুবাদ গ্ৰন্থ কামৰত্ন তন্ত্ৰ, গুপ্তমণি, গুপ্তসাৰ আদি এই শ্ৰেণীৰ গ্ৰন্থ।[5]

শৃংগাৰ ৰসাত্মক সাহিত্যঃ

সম্পাদনা কৰক

এই শ্ৰেণীৰ সাহিত্য আহোম ৰজাসকলৰ বিনোদনৰ বাবে সৃষ্টি কৰা হৈছিল। তাৰ ভিতৰত আছে আদি ৰসাত্মক ব্ৰহ্মবৈৱৰ্ত পূৰাণ, মাধৱ-সুলোচনা, কবিৰাজ চক্ৰৱৰ্তী অনুদিত জয়দেৱগীতগোৱিন্দ, কোমল কান্ত পদাৱলী, শংখচূড় বধ, শকুন্তলা আদি। [6]

ব্যৱহাৰিক জ্ঞানৰ সাহিত্যঃ

আহোম ৰজাসকলে ব্যৱহাৰিক জীৱনৰ উপযোগী কিছুমান গ্ৰন্থ পণ্ডিত-লেখকৰ হতুৱাই অনুবাদ কৰাই বা লিখাই গৈছিল। তাৰ ভিতৰত সুকুমাৰ কায়স্থৰ হস্তি-বিদ্যাৰ্ণৱ, কবিৰাজ চক্ৰৱৰ্তী, ভাস্বতী আৰু চূড়ামণিৰ জ্যোতিষ চূড়ামণি, সুচান্দ ওজাৰ শ্ৰীহস্তমুক্তাৱলী, পঞ্চতন্ত্ৰ-হিতোপদেশৰ নীতিমূলক গল্প, ৰুদ্ৰৰাম দ্বিজৰ নীতিৰত্ন, দ্বিজ গোস্বামীৰ কাব্যশাস্ত্ৰ, বাগীশৰ নীতি-লতাংকুৰ আদি। আহোম যুগত ভ্ৰমণ কাহিনীও ৰচিত হৈছিল বুলি তীৰ্থ কৌমুদীৰ পৰা জনা যায়। [6]

নাট্য সাহিত্যঃ

ৰাজেশ্বৰ সিংহ আৰু গৌৰীনাথ সিংহৰ দিনত ৰাৱণ বধ, পদ্মাৱতী হৰণ, কমলেশ্বৰ সিংহৰ দিনত ৰুক্মিণী হৰণ, অক্ৰূৰাগমণ আদি নাটক মঞ্চস্থ হৈছিল বুলি তুংখুঙীয়া বুৰঞ্জীত উল্লেখ আছে।[7] তাৰোপৰি লক্ষ্মীনাথ দ্বিজৰ কুমাৰ হৰণ, অংকীয়া নাট ধৰ্মোদয়, কুমাৰ হৰণ আদিও এই সময়ৰ বিশেষ নাটক।

গীতি-সাহিত্যঃ

ইছলামীয় সাহিত্যঃ

বিবিধ ৰচনাঃ

লগতে চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. অসমীয়া ভাষা আৰু সাহিত্য, ড০ বিৰিঞ্চি কুমাৰ বৰুৱা, পৃ. ১১১
  2. The Tai and The Tai Kingdoms, Dr. Padmeswar Gogoi, পৃ. ৫৪৩
  3. 3.0 3.1 ড০ সূৰ্যকুমাৰ ভূঞা সম্পাদিত অসম বুৰঞ্জী, Introduction, পৃ. XXXVI
  4. গগৈ, শ্ৰুতস্বীনী (২০১১) (ইংৰাজী ভাষাত). টাই আহোম ৰিলিজীয়ন এ ফিলচফীকেল ষ্টাডি (PhD). p. ১৭. http://shodhganga.inflibnet.ac.in/handle/10603/116167. 
  5. 5.0 5.1 অসমীয়া সাহিত্যত দৃষ্টিপাত, ড০ হেমন্ত কুমাৰ শৰ্মা, আহোম যুগৰ সাহিত্য, পৃ. ১৮৫
  6. 6.0 6.1 অসমীয়া সাহিত্যত দৃষ্টিপাত, ড০ হেমন্ত কুমাৰ শৰ্মা, আহোম যুগৰ সাহিত্য, পৃ. ১৮৬
  7. অসমীয়া সাহিত্যত দৃষ্টিপাত, ড০ হেমন্ত কুমাৰ শৰ্মা, আহোম যুগৰ সাহিত্য, পৃ. ১৮৬

উৎস প্ৰসংগ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক