অৰুণাচলৰ আদিসকলে বছৰেকত উদ্‌যাপন কৰা বিভিন্ন উৎসৱৰ ভিতৰত অন্যতম উৎসৱ হৈছে আৰাণ উৎসৱ। এই পূজা সাধাৰণতে মাঘ মাহত বিবাহ উপলক্ষে পতা হয়।[1] আৰাধ্য দেৱতাৰ আশীৰ্বাদ লোৱাৰ লগতে উপৰি পুৰুষৰ আশীৱাদো মগা হয় এই পূজাৰ মাধ্যমেৰে। পূজাৰ আগদিনা সৰগৰ পৰা অহি পূজা কৰা ঘৰৰ চুকত ৰৈ থকা পূৰ্বপুৰুষৰ আত্মাক তেওঁলোকে উৎসৱ উপলক্ষে খাবলৈ লোৱা মদ মাংস ঘৰৰ চুকেদি পেলাই দিয়ে। এই পূজাত ডেকাসকলে হাবিৰ পৰা বিভিন্ন খাদ্য সম্ভাৰ গোটাই সৰু সৰু ছোৱালীক উপহাৰ দি মৰম যাচে। সাধাৰণতে ৰাজহুৱা ভাৱে উদ্‌যাপন কৰা এই উৎসৱ এঘৰীয়াকৈও পালন কৰা হয়। অপায় অমংগলৰ পৰা পৰাত্ৰাণ পোৱাৰ মানসে আদিসকলে মানস কৰা সামগ্ৰী এই পূজাতো আগবঢ়োৱাৰ সুযোগ লয়।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. দাস,ৰাজবংশী, ড°নাৰায়ণ,ড° পৰমানন্দ. অসমীয়া সংস্কৃতিৰ কণিকা. 
  2. দাস নাৰায়ণ,পৰমানন্দ ৰাজবংশী. অসমীয়া সংস্কৃতিৰ কণিকা.