আৰিমত্ত কামৰূপ ৰাজ্যৰ এজন ৰজা আছিল। এওঁ বৰ্তমানৰ কামৰূপৰ বেতনা নামৰ ঠাইৰ ওচৰত বৈদ্যৰ গড়ত ৰাজধানী পাতি ৰাজত্ব কৰিছিল।[1] গুৱাহাটীৰ পশ্চিমত ৰামচন্দ্ৰ নামৰ এজন ৰজা আছিল। এওঁৰে পুতেক হৈছে আৰিমত্ত। আৰিমত্তৰ মূৰটো হেনো আৰি মাছৰ দৰে দীঘলীয়া আছিল। সেইবাবে তেওঁ আৰিমত্ত নাম পাইছিল।[1]

আৰিমত্ত

আৰিমত্ত ডাঙৰ হৈ আৰিমত্তই বাপেক ৰামচন্দ্ৰৰ ৰাজ্য আক্ৰমণ কৰে। তেওঁ যুদ্ধত বাপেকক চিনি নাপাই হত্যা কৰে। পাছত মাকৰ পৰা সকলো কথা জানিব পাৰি তেওঁ পাপ মোচনৰ বাবে অনেক দান দক্ষিণা কৰে। কিন্তু তেওঁৰ মনৰ শোক নুগুছে। পাছত তেৱোঁ নিজা পুত্ৰ জোঙাল বলহুৰ হাতত মৰা পৰে।[1]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ১৪.