ইউনিয়ন বেংক অৱ ইণ্ডিয়া

ভাৰত চৰকাৰৰ অধীন বেংকিং কোম্পানী

ইউনিয়ন বেংক অৱ ইণ্ডিয়া (ইংৰাজী: Union Bank of India) চমুকৈ UBI, ভাৰতৰ অন্যতম পুৰণি আৰু বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক, যাৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। ১৯১৯ চনত প্ৰতিষ্ঠা হোৱা এই বেংকটোৱে ভাৰতৰ অন্যতম আগশাৰীৰ বেংক হিচাপে পৰিগণিত হৈছে ইয়াৰ সমগ্ৰ দেশতে ৯,৫০০ৰো অধিক শাখা আৰু ১৩,০০০ এটিএমৰ নেটৱৰ্ক আছে।[1]

ইউনিয়ন বেংক অৱ ইণ্ডিয়া
ধৰণ ৰাজহুৱা
শ্বেয়াৰ বজাৰৰ চিহ্ন
উদ্যোগ
প্ৰতিষ্ঠাতা শেঠ সীতাৰাম পোদ্দাৰ
নেতৃস্থানীয় ব্যক্তিত্ব ৰাজকিৰণ ৰায় জি.(এমডি আৰু চিইঅ')
পণ্য খুচুৰা বেংকিং, কৰ্পৰেট বেংকিং, বিনিয়োগ বেংকিং, বন্ধকী ঋণ, ব্যক্তিগত বেংকিং, সম্পদ ব্যৱস্থাপনা, ক্ৰেডিট কাৰ্ড
ৰাজহ ২৪,৬৭৪.৯৬ কোটি টকা (২০২১)
কাৰ্যকৰ আয় ৮,৬১৮.২৮ কোটি টকা (২০২১)
মুঠ আয় ২,৫৭৫.৪৮ কোটি টকা (২০২১)
মুঠ সম্পত্তি ১৮,১২,৮৩৪.৭৯ কোটি টকা (২০২১)
Total equity ২৯,৩১৪.৯৪ কোটি টকা (২০২১)
কৰ্মচাৰীৰ সংখ্যা ৭৩,০৩২ (২০২১)
মূল প্ৰতিষ্ঠান ভাৰত চৰকাৰ
ৱেবছাইট https://www.unionbankofindia.co.in

ইতিহাস সম্পাদনা কৰক

ইউনিয়ন বেংক অৱ ইণ্ডিয়া, ১৯১৯ চনত ইউনিয়ন বেংক অৱ বাৰ্মা এণ্ড চাংহাই নামেৰে ব্যক্তিগত সীমিত কোম্পানী হিচাপে প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ম্যানমাৰৰ ইয়াংগুনত আছিল। ১৯২৩ চনত বেংকটোৱে ভাৰতলৈ নিজৰ কাম-কাজ সম্প্ৰসাৰণ কৰি বোম্বাই (বৰ্তমানৰ মুম্বাই)ত প্ৰথমটো শাখা মুকলি কৰে।[2]

সহযোগী কোম্পানী সম্পাদনা কৰক

  • ইউনিয়ন বেংক অৱ ইণ্ডিয়া (ইউ.কে) লিমিটেড
  • ইউনিয়ন এচেট মেনেজমেণ্ট কোম্পানী প্ৰাইভেট লিমিটেড
  • ইউনিয়ন ট্ৰাষ্টী কোম্পানী প্ৰাইভেট লিমিটেড
  • ষ্টাৰ ইউনিয়ন দাই-ইচি জীৱন বীমা কোম্পানী লিমিটেড
  • চৈতন্য গোদাবৰী গ্ৰামীণ বেংক
  • কৰ্পবেংক ছিকিউৰিটিজ লিমিটেড।
  • ইউ বি আই চাৰ্ভিচেছ লিমিটেড

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "About Us, Union Bank of India". unionbankofindia.com. Archived from the original on 2023-03-26. https://web.archive.org/web/20230326184742/https://www.unionbankofindia.co.in/english/about-us.aspx. 
  2. "History of Union Bank of India". unionbankofindia.com. https://www.unionbankofindia.co.in/english/history.aspx. [সংযোগবিহীন উৎস]