ইঞ্জিল বাবা
আউলীয়া ইঞ্জিল বাবা (ইংৰাজী: Auliya Injil Baba) হ'ল অসমীয়া ইছলাম ধৰ্মাৱলম্বী লোক তথা এগৰাকী ৰহস্যময়ী আউলীয়া। তেওঁৰ সমাধি দৰং জিলাৰ মঙলদৈত অৱস্থিত যিটো ইঞ্জিল বাবা দৰগাহ শ্বৰীফ বুলি জনাজাত। তেওঁ আজান পীৰ চাহেবৰ কালতে অসমত আহিছিল। তেওঁৰ দৰগাহ শ্বৰীফত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি জিয়াৰত কৰে আৰু আজিলৈকে তেওঁ এগৰাকী ৰহস্যময়ী আউলীয়া ইঞ্জিল বাবা নামেৰে জনাজাত।[1]
তথ্য উৎস
সম্পাদনা কৰক- ↑ ইঞ্জিল বাবাৰ দৰগাহ শ্বৰীফ