ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ উদ্যান, শ্ৰীনগৰ, কাশ্মীৰ

ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ উদ্যান, শ্ৰীনগৰ (ইংৰাজী: Indira Gandhi Memorial Tulip Garden ), যাক পূৰ্বতে ম'ডেল ফ্ল'ৰিকালচাৰ চেণ্টাৰ বুলি কোৱা হৈছিল; ভাৰতৰ শ্ৰীনগৰ, জম্মু আৰু কাশ্মীৰত থকা এখন টিউলিপ ফুলৰ উদ্যান। ৭৪ একৰ মাটি জুৰি থকা এই উদ্যানখন সমগ্ৰ এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ টিউলিপ উদ্যান।[1][2] এই বাগিচাখন জবাৰৱান ৰেঞ্জৰ পাদদেশত অৱস্থিত, য'ৰপৰা ডাল হ্ৰদ দেখা পোৱা যায়। কাশ্মীৰৰ ফ্ল'ৰিকালচাৰ আৰু পৰ্যটনক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে এই উদ্যানখন ২০০৭ চনত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল।[3] আদিতে ইয়াৰ নাম আছিল চিৰাজ বাগ।[4][5] এই উদ্যানত এক দশমিক পাঁচ মিলিয়নতকৈও বেছি বিভিন্ন ৰঙৰ টিউলিপ ফুলৰ বাল্ব আছে। আমষ্টাৰ্ডামৰ কিউকেনফ টিউলিপ উদ্যানৰপৰা এই ফুলৰ সঁচ অনা হৈছিল।[6] টিউলিপৰ উপৰিও এই উদ্যানত ডেফদিলকে ধৰি অন্য প্ৰায় ৪৬বিধ বিভিন্ন প্ৰজাতিৰ ফুল দেখিবলৈ পোৱা যায়। ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ উদ্যানত প্ৰায় ৬৫বিধ বিভিন্ন প্ৰজাতিৰ টিউলিপ ফুল আছে।[7]

ইণ্ডিৰা গান্ধী সোঁৱৰণী টিউলিপ উদ্যান, শ্ৰীনগৰত ফুলি থকা টিউলিপ ফুল

টিউলিপ উৎসৱ সম্পাদনা কৰক

জম্মু আৰু কাশ্মীৰ চৰকাৰে প্ৰতিবছৰে মাৰ্চ মাহৰপৰা মে' মাহৰ ভিতৰত 'টিউলিপ উৎসৱ'[8][9] অনুষ্ঠিত কৰে। কাৰণ বছৰটোৰ এই সময়খিনি হৈছে টিউলিপ ফুলবোৰ ফুলাৰ সময়। উৎসৱৰ সময়ত বিভিন্ন থলুৱা আৰু হস্তনিৰ্মিত সামগ্ৰীৰ মেলা হয়। দৰ্শকৰ ভিৰো এই সময়খিনিত বেছি হয়।

চিত্ৰভঁৰাল সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Asia’s largest tulip garden opens for visitors" (en ভাষাত). The Hindu. http://www.thehindu.com/news/national/other-states/asias-largest-tulip-garden-opens-for-visitors/article17762125.ece. 
  2. "Asia's largest tulip garden now open to visitors - Indian Express" (en-gb ভাষাত). www.indianexpress.com. http://www.indianexpress.com/news/asias-largest-tulip-garden-now-open-to-visitors/930046। আহৰণ কৰা হৈছে: 2017-04-14. 
  3. "Tulip Gardens". The Indian Express. http://indianexpress.com/article/lifestyle/destination-of-the-week/watch-video-kashmirs-scenic-tulip-garden-draws-surge-of-tourists/. 
  4. "Srinagar’s Siraj Bagh, Asia’s largest tulip garden, opens for tourists". https://www.hindustantimes.com/travel/srinagar-s-siraj-bagh-asia-s-largest-tulip-garden-opens-for-tourists/story-a9bSJKYJzH9kskUdd1Ai0J.html. 
  5. "Siraj Bagh: Asia's largest Tulip garden opens up for visitors". https://economictimes.indiatimes.com/slideshows/nation-world/siraj-bagh-asias-largest-tulip-garden-opens-up-for-visitors/slideshow/46824007.cms. 
  6. "Immerse yourself in the colours of romance at this Tulip Festival in Srinagar". https://www.indiatoday.in/travel/travel-buzz/story/tulip-garden-festival-jammu-and-kashmir-srinagar-silsila-travel-lifetr-969074-2017-04-02. 
  7. "Watch Asia's largest tulip garden in Kashmir". https://www.thehindu.com/life-and-style/asias-largest-tulip-garden-in-kashmir/article34375628.ece. 
  8. "Tulip Festival 2017 at Siraj Bagh (Tulip Garden) Srinagar, Kashmir | All Details - Chandigarh Metro" (en-US ভাষাত). chandigarhmetro.com. https://chandigarhmetro.com/kashmir-tulip-festival-2017-tulip-garden-srinagar/। আহৰণ কৰা হৈছে: 2017-04-04. 
  9. "Tulip Festival at the Tulip Garden in Srinagar – All You Must Know". https://www.skyscanner.co.in.+12th May 2020. https://www.skyscanner.co.in/news/tulip-festival-at-tulip-garden-in-srinagar। আহৰণ কৰা হৈছে: 3 May 2021.