ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম

ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম (ইংৰাজী: Indira Gandhi Athletic Stadium, সৰুসজাই ষ্টেডিয়াম নামেৰেও পৰিচিত) অসমগুৱাহাটীত অৱস্থিত এখন ষ্টেডিয়াম। বৰ্তমান এই ষ্টেডিয়ামখন মূলতঃ এথলেটিক্‌ছ আৰু ফুটবল খেলৰ বাবে ব্যৱহৃত হৈ আছে। ষ্টেডিয়ামখনত মুঠ ৩৫,০০০ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰে। ২০০৭ চনত ইয়াত ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম
সৰুসজাই ষ্টেডিয়াম
স্থান সৰুসজাই, গুৱাহাটী, অসম
স্বত্বাধিকাৰী অসম ক্ৰীড়া প্ৰাধিকৰণ, অসম চৰকাৰ
আসন ক্ষমতা ৩৫,০০০
খেলপথাৰৰ অাকাৰ ১০৩.০ মি. X ৭০.০ মি.
পৃষ্ঠ ঘাঁহ
স্থাপিত ২০০৭
ভাড়াতীয়া
ভাৰত জাতীয় ফুটবল দল (২০১১–বৰ্তমান)
নৰ্থ ইষ্ট ইউনাইটেড এফ চি (২০১৪-বৰ্তমান)

ষ্টেডিয়াম সম্পাদনা কৰক

এইখন এখন one tier ষ্টেডিয়াম। অকল মুখ্য ষ্টেণ্ডৰ ওপৰতহে ছাদ আছে। মুখ্য ষ্টেণ্ডত সীমিত সংখ্যক আসনৰ ব্যৱস্থা আছে।

এই ষ্টেডিয়ামখন ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নামেৰে নামকৰণ কৰা হৈছে।

ইণ্ডিয়ান ছুপাৰ লীগৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ এইখন ঘৰুৱা খেলপথাৰ। ষ্টেডিয়ামখন নবীকৰণ কৰি ২০১৪ চনৰ পৰা ইয়াত আই এছ এলৰ খেল অনুষ্ঠিত হয়।

ইতিহাস সম্পাদনা কৰক

ভাৰতীয় ফুটবল দল সম্পাদনা কৰক

২০১১ চনৰ ১৩ নৱেম্বৰ তাৰিখে ভাৰত আৰু মালয়েছিয়াৰ মাজত এখন আন্তৰ্জাতিক বন্ধুত্বপূৰ্ণ খেল অনুষ্ঠিত হয়।[1] ২০১৫ চনৰ ১২ মাৰ্চ তাৰিখে ২০১৮ ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাৰ অন্তৰ্গত ভাৰত আৰু নেপালৰ মাজৰ এখন খেল এই ষ্টেডিয়ামত অনুষ্ঠিত হয়।[2]


গুৰুত্বপূৰ্ণ ফুটবল খেল সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "India vs Malaysia International Friendly ends in a draw at Guwahati". abcd football. 13 নৱেম্বৰ 2011. Archived from the original on 2014-03-12. https://web.archive.org/web/20140312103106/http://www.abcdfootball.com/2011/11/india-vs-malaysia-international_8312.html। আহৰণ কৰা হৈছে: 13 মাৰ্চ 2015. 
  2. 2.0 2.1 "WC QUALIFICATION ASIA". Goal. 12 মাৰ্চ 2015. http://www.goal.com/en-india/match/india-vs-nepal/2012936/report। আহৰণ কৰা হৈছে: 13 মাৰ্চ 2015. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

সাঁচ:Indian Super League stadiums সাঁচ:NorthEast United স্থানাংক: 26°6′56.41″N 91°45′37.07″E / 26.1156694°N 91.7602972°E / 26.1156694; 91.7602972