ইন্দ্ৰপাল দশম শতিকাৰ পাল বংশৰ এগৰাকী ৰজা। ইন্দ্ৰপালৰ পিতৃ আছিল পুৰন্দৰপাল। কিন্তু পিতামহ ৰত্নপালৰ জীৱিত অৱস্থাতে পিতৃৰ মৃত্যু হোৱাত পিতামহৰ পাছতে কামৰূপৰ ৰাজপাটত উঠে। ইন্দ্ৰপালে ৰাষ্ট্ৰকূট ৰাজকুমাৰী ৰাজ্যদেৱীক বিয়া কৰাইছিল।[1] তেখেতে প্ৰায় ২৫ বছৰ ৰাজত্ব কৰিছিল। এইখিনি সময়ত তেখেতে ৰাজ্যৰ সীমাৰ ভালেখিনি বিস্তাৰ কৰিছিল। মৃত্যুৰ সময় আনুমানিক ৯৯০ খ্ৰীষ্টাব্দ।[1][2]

Part of a series on the
কামৰূপৰ ইতিহাস
ৰজাসকল আৰু ঘটনাৱলীসমূহ

ইন্দ্ৰপালে ৰাজত্বৰ অষ্টম বছৰত গুৱাহাটী তাম্ৰ শাসনৰ জৰিয়তে হপিয়মা বিষয়ৰ অন্তৰ্গত কাচীপাটকত ৯উত্তৰ কুলত) আৰু ৰাজত্বৰ একবিংশ বৰ্ষত গুৱাকুছি তাম্ৰ শাসনৰ জৰিয়তে মান্দি বিষয়ৰ অন্তৰ্গত পণ্ডৰীত (উত্তৰ কুলত) ব্ৰাহ্মণক মাটি দান কৰিছিল। এই দুই তাম্ৰলিপি বৰ্তমানৰ গুৱাহাটীৰ পাতিদৰং মৌজা আৰু নলবাৰীৰ গুৱাকুছি গাঁৱত পোৱা গৈছে।।[3]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 ড. নিৰোদ বৰুৱা, ড. সুৰজিত বৰুৱা (২০০৭), স্নাতক মহলাৰ অসমৰ ইতিহাস, কে. এম. পাব্‌লিছিং, দ্বিতীয় প্ৰকাশ. পৃষ্ঠা: ১২৯-১৩০
  2. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
  3. ড. নিৰোদ বৰুৱা, ড. সুৰজিত বৰুৱা (২০০৭), স্নাতক মহলাৰ অসমৰ ইতিহাস, কে. এম. পাব্‌লিছিং, দ্বিতীয় প্ৰকাশ. পৃষ্ঠা: ৩৮৯