ছৈয়দ ইব্ৰাহিম ৰাইছি আল ছাদাতি (১৪ ডিচেম্বৰ ১৯৬০ – ১৯ মে' ২০২৪) আছিল এজন ইৰাণী ৰাজনীতিবিদ আৰু ন্যায়াধীশ। ২০২১ চনৰ নিৰ্বাচনত তেওঁ জয়লাভ কৰিছিল আৰু ৩ আগষ্ট ২০২১ৰ পৰা ১৯ মে’ ২০২৪লৈ মৃত্যুৰ পূৰ্বলৈকে ইৰাণৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1][2]

ছৈয়দ ইব্ৰাহিম ৰাইছি আল ছাদাতি
ইৰাণৰ ৮ম ৰাষ্ট্ৰপতি
কাৰ্যকাল
৩ আগষ্ট ২০২১ – ১৯ মে’ ২০২৪
পূৰ্বসূৰী হাছান ৰৌহানী
ইৰাণৰ মুখ্য ন্যায়াধীশ
কাৰ্যকাল
৭ মাৰ্চ ২০১৯ – ৩ আগষ্ট ২০২১
নিয়োগকৰ্তা আলী খামেনেই
পূৰ্বসূৰী সাদেক লাৰিজানী
উত্তৰসূৰী গোলাম-হোছেইন মহছেনী-এজেয়ী
ইৰাণৰ এটৰ্নী জেনেৰেল
কাৰ্যকাল
২০১৪ – ২০১৬
পূৰ্বসূৰী গোলাম-হোছেইন মহছেনী-এজেয়ী
উত্তৰসূৰী মহম্মদ জাফৰ মন্টাজেৰী
ইৰাণৰ উপ মুখ্য ন্যায়াধীশ
কাৰ্যকাল
২০০৪ – ২০১৪
নিয়োগকৰ্তা মাহমুদ হাশ্বেমি শ্বাহৰুদী
ব্যক্তিগত তথ্য
জন্ম ১৪ ডিচেম্বৰ, ১৯৬০
মাছহাদ, ইৰাণ
মৃত্যু ১৯ মে', ২০২৪ (৬৩ বছৰ)
বাৰ্জাকান, ইৰাণ
দাম্পত্যসঙ্গী জামিলেহ আলামোলহোদা
সন্তান
শিক্ষানুষ্ঠান মফিড বিশ্ববিদ্যালয়
 
মৃত্যুৰ কেইঘণ্টামান পূৰ্বে আজাৰবাইজান-ইৰাণ সীমান্তত ৰাষ্ট্ৰপতি ৰাইচি (বাওঁফালে) আৰু ৰাষ্ট্ৰপতি ইলহাম আলিয়েভ (সোঁফালে)।

২০২৪ চনৰ ১৯ ​​মে’ দেওবাৰে পূব আজাৰ বায়জান প্ৰদেশৰ জালপাই অঞ্চলত ৰাষ্ট্ৰপতি ইলহাম আলিৰ সৈতে জলাশয় প্ৰকল্প উদ্বোধন কৰি উভতি অহাৰ পথত উত্তৰ-পশ্চিম ইৰাণৰ ভাৰ্জাকান অঞ্চলৰ এখন অৰণ্যত ইব্ৰাহিম ৰাইছি কঢ়িয়াই অনা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। সেই দুৰ্ঘটনাত ইব্ৰাহিম ৰাইছি, ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ান আৰু হেলিকপ্টাৰত থকা সকলো অৰ্থাৎ ৯ জন লোকৰ মৃত্যু হয়।[3]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক