ইহুদী লোককথা

ইহুদী ধৰ্মৰ পৰম্পৰা, কিংবদন্তি, সংগীত, মৌখিক ইতিহাস, প্ৰবাদ, কৌতুক, জনবিশ্বাস, সাধুকথা, কাহিনী আৰু

ইহুদী লোককথা (ইংৰাজী: Jewish Folklore) হৈছে ইহুদী ধৰ্মৰ পৰম্পৰা, কিংবদন্তি, সংগীত, মৌখিক ইতিহাস, প্ৰবাদ, কৌতুক, জনবিশ্বাস, সাধুকথা, কাহিনী আৰু ৰীতি-নীতি। লোককথাৰ বৈশিষ্ট্য হৈছে অস্বাভাৱিক ব্যক্তিত্বৰ উপস্থিতি; মানুহৰ হঠাতে জন্তুলৈ ৰূপান্তৰণ বা জন্তু আকস্মিকভাৱে মানুহলৈ পৰিৱৰ্তিত হোৱা পৰিঘটনা বা কল্পকথা। কেইবাটাও আগ'ডিক কাহিনীয়ে লোককথাৰ বৈশিষ্ট্য বহন কৰে। বিশেষকৈ বাছানৰ ৰজা অগৰ সৈতে জড়িত কাহিনীবোৰ আধুনিক জাৰ্মান লোককথাৰ লুগেনমাৰ্চেনৰ দৰেই অতিৰঞ্জিত।[1]

১৯০০ চনৰ অষ্ট্ৰীয়ান ডাকটিকট, যাৰ শীৰ্ষক হৈছেঃ Reb Burech drinks Lechaim

মধ্যযুগ সম্পাদনা কৰক

ইহুদী লোকসকলে ইউৰোপত পূবৰ লোককথাৰ প্ৰসাৰ-প্ৰচাৰত আগভাগ লোৱাৰ যথেষ্ট প্ৰমাণ পোৱা গৈছে।[2] বিদেশী উৎসৰ পৰা পোৱা এই কাহিনীসমূহৰ উপৰিও ইহুদীসকলে হয়তো আন কাহিনীসমূহ সংগ্ৰহ বা ৰচনা কৰে যিবোৰ সমগ্ৰ ইউৰোপীয় ঘেট্টোত শ্ৰুতিগোচৰ হৈছে আৰু "মাচেবুচাৰ"ত য়িদ্দিছ ভাষাত সংগ্ৰহ কৰা হৈছে।[2] এই সংকলনসমূহত থকা লোককথাৰ সংখ্যাও পৃথকে পৃথকে প্ৰকাশ কৰা হৈছিল।[3] কিন্তু ইয়াৰে বহুকেইটা লোককথাক ওপৰত কৈ অহাৰ দৰে লোককথা বুলি কোৱাটো কঠিন, কিয়নো ইয়াত পৰীসদৃশ ঘটনা বা অতিস্বাভাৱিক একোৱেই দেখা নাযায়।

কিংবদন্তি সম্পাদনা কৰক

মধ্যযুগত কেইটামান ইহুদী কিংবদন্তি নিশ্চিতৰূপত আছে যিবোৰে লোককথাৰ চৰিত্ৰ চিহ্নিত কৰে। যেনেঃ ইহুদী পোপ আন্দ্ৰেয়াছ নাইবা গোলেমৰ চৰিত্ৰ অথবা ৰাছি চেপেলৰ দেৱাল এখনৰ আখ্যান৷ এই দেৱালখন এগৰাকী দুখীয়া মহিলাক ঠেক পথ এটাৰে গৈ থকা এখন গাড়ীয়ে খুন্দিয়াই দিয়াৰ পৰা বচাবলৈ পিছলৈ গতি কৰিছিল৷ এই কিংবদন্তিসমূহৰ কেইবাটাও আব্ৰাহাম মোজেছ টেণ্ডল' [de] (Sagen und Legenden der Jüdischen Vorzeit) দ্বাৰা সংগ্ৰহ কৰা হৈছিল।[2]

১৯ শতিকাৰ শেষৰ ফালে ইহুদীসকলৰ মাজত বহুতো লোককথা সংগ্ৰহ কৰা হয় বা ইজৰাইল লেভি [fr] দ্বাৰা হিব্ৰু পাণ্ডুলিপিৰ পৰা প্ৰকাশ কৰা হয়৷ এইসমূহ প্ৰকাশিত হৈছিল Revue des Etudes Juives, Revue des Traditions Populaires আৰু Melusineত৷ ঠিক একেদৰে মোজেছ গেষ্টাৰৰ দ্বাৰা প্ৰকাশিত হৈছিল ফ'ক-ল'ৰত আৰু মণ্টেফিঅ'ৰ কলেজৰ প্ৰতিবেদনত৷

ৰাব্বি লুই গিঞ্জবাৰ্গৰ ইহুদীসকলৰ কিংবদন্তি[4] মিছনাহ, তালমুদ দুটা আৰু মিদ্ৰাছৰ পৰা বিপুল পৰিমাণৰ আগাদাহৰ মৌলিক সংশ্লেষণ। গিঞ্জবাৰ্গৰ ৰাবিনিক সাহিত্যৰ বিশ্বকোষীয় জ্ঞান আছিল আৰু তেওঁৰ মাষ্টাৰৱৰ্কত এগাডটৰ এক বিশাল শৃংখল অন্তৰ্ভুক্ত কৰা হৈছিল। অৱশ্যে তেওঁ এনে এটা সংকলন সৃষ্টি কৰা নাছিল যিয়ে এই এগডোটবোৰক স্পষ্টভাৱে দেখুৱাইছিল। বৰঞ্চ তেওঁ সেইবোৰ পুনৰলিপিবদ্ধ কৰি পাঁচটা খণ্ড সামৰি লোৱা এটা অবিৰত আখ্যান হিচাপে প্ৰস্তুত কৰি উলিয়াইছিল৷ তাৰ পিছত নিৰ্দিষ্ট উৎস সন্নিৱিষ্ট থকা দুটা খণ্ডৰ পাদটীকাও প্ৰকাশ কৰিছিল৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. G. Dennis, "Og," The Encyclopedia of Jewish Myth, Magic, and Mysticism
  2. 2.0 2.1 2.2 Joseph Jacobs. "Folk-Tales" entry. In: The Jewish Encyclopedia. Vol. 5. New York and London: Funk & Wagnalls company, 1902. pp. 427-428.
  3. See the earlier ones given by Moritz Steinschneider in Hebrew Books in the Bodleian Library, Oxford (Catalogus Librorum Hebræorum in Bibliotheca Bodleiana), Berlin, 1852-60), Nos. 3869-3942
  4. "The Legends of the Jews by Louis Ginzberg". Philologos.org. 2001-04-13. http://philologos.org/__eb-lotj/default.htm। আহৰণ কৰা হৈছে: 2013-08-12.