ইৰাকত নাৰীৰ (ইংৰাজী: Women in Iraq মৰ্যাদা একবিংশ শতিকাৰ আৰম্ভণিতে বহু কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়৷ বিশেষকৈ যুদ্ধ (শেহতীয়াকৈ ইৰাক যুদ্ধ), ইছলামিক আইন আৰু ইৰাকৰ সংবিধান সম্পৰ্কীয় সাম্প্ৰদায়িক ধৰ্মীয় বিতৰ্ক, সাংস্কৃতিক পৰম্পৰা আৰু আধুনিক ধৰ্মনিৰপেক্ষতাৰ প্ৰভাৱ আছিল গভীৰ। ধাৰাবাহিক যুদ্ধ আৰু আভ্যন্তৰীণ সংঘাতৰ ফলত লাখ লাখ ইৰাকী মহিলা বিধৱা হৈ পৰিছে। মহিলা অধিকাৰ সংগঠনসমূহো শংকিত আৰু তেওঁলোকেও নিৰ্যাতন অথবা হাৰাশাস্তি প্ৰতিৰোধ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে৷ তেওঁলোকে আইন, শিক্ষা, কৰ্মক্ষেত্ৰ আৰু ইৰাকী জীৱনৰ আন বহু ক্ষেত্ৰত নাৰীৰ মৰ্যাদা উন্নত কৰাৰ লগতে সন্মানজনক হত্যা (Honour Killing) আৰু বলপূৰ্বক বিবাহৰ দৰে নিৰ্যাতনমূলক পৰম্পৰাগত পদ্ধতিসমূহ হ্ৰাস কৰিবলৈ প্ৰয়াস কৰে।

১৯২১ চনত ইৰাকে শিক্ষা ব্যৱস্থা স্থাপন কৰে আৰু ১৯৭০ চনৰ ভিতৰত শিক্ষা ৰাজহুৱা আৰু সকলো স্তৰতে বিনামূলীয়া হয়।[1] ১৯৭০ চন পৰ্যন্ত শিক্ষা বিনামূলীয়া হোৱাৰ পিছতো মহিলাৰ সাক্ষৰতাৰ গড় হাৰ পুৰুষতকৈ কম আছিল।[2] ইৰাক চৰকাৰে সকলোৰে বাবে শিক্ষা বাধ্যতামূলক কৰিলেও ছোৱালীৰ সাক্ষৰতাৰ হাৰ কম আছিল৷ কাৰণ তেওঁলোকক নিৰ্দেশনা দিবলৈ পৰ্যাপ্ত বিদ্যালয় নাছিল।[2] তদুপৰি ১৯৫৭ চনত ভোটদান কৰিবলৈও মহিলাসকলে মৌলিক শিক্ষা সম্পূৰ্ণ কৰিব লাগিছিল।[2] এই সময়ছোৱাত কৰা লোকপিয়লত দেখা গৈছে যে প্ৰায় এক শতাংশ মহিলাই আইনগতভাৱে ভোটদান কৰিব পাৰে।[2]ইয়াৰ দ্বাৰা কেৱল শিক্ষিত মহিলাই নহয়, ভোট দিব পৰা মহিলাসকলৰ মাজত এক বৃহৎ বৈষম্য সৃষ্টি হৈছে৷ ১৯৭০ আৰু ১৯৮০ চনৰ সময়ছোৱাত ছাদ্দাম হুছেইনে উচ্চ শিক্ষাক অপপ্ৰচাৰৰ প্ৰকাৰ হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰাৰ পিছতো ইৰাণ-ইৰাক যুদ্ধলৈকে সামগ্ৰিকভাৱে নিৰক্ষৰতাৰ হাৰ হ্ৰাস পায়।[3] ইৰাণ-ইৰাক যুদ্ধ, উপসাগৰীয় যুদ্ধ, আৰু ২০০৩ চনৰ ইৰাক যুদ্ধই মহিলাৰ শিক্ষাৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিছে। এই সমগ্ৰ যুদ্ধবোৰত কেইবাজনো স্বৈৰাচাৰী নেতাৰ ভূমিকা মনকৰিবলগীয়া, যাৰ চৰকাৰী নীতিয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাইছিল। চৰকাৰী নীতিৰ ক্ষেত্ৰত সেই পৰিৱৰ্তনসমূহৰ এটা হ’ল ব্যয়বহুল ইৰাক-ইৰাক যুদ্ধৰ পিছত বিশ্ববিদ্যালয়ত থকাসকলৰ মাজত চৰকাৰী পুঁজিৰ তীব্ৰ অভাৱ। ইৰাণ-ইৰাক যুদ্ধৰ পূৰ্বে চৰকাৰী ব্যয় ৬২০ ডলাৰৰ পৰা ৪৭ ডলাৰলৈ হ্ৰাস পাইছে৷ এই হ্ৰাস সময়ৰ লগে লগে লাহে লাহে ঘটিছিল কাৰণ দেশ হিচাপে ইৰাক অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু ইয়াৰ বাজেট অন্য ঠাইৰ বাবে ৰখা হৈছিল।[4] ফলস্বৰূপে ইয়াৰ ফলত নামভৰ্তিৰ হাৰ ১০% আৰু ড্ৰপআউটৰ হাৰ ২০% হ্ৰাস পালে, য’ত ১৮% পুৰুষৰ তুলনাত ৩১%ই মহিলা৷ প্ৰথম অৱস্থাত তেওঁলোকৰ সামৰ্থ নোহোৱাৰ বাবে উচ্চ পৰ্যায়ৰ চাকৰি কৰা মহিলা কম আছিল।[4] ইৰাণ-ইৰাক যুদ্ধৰ পিছতো মহিলাৰ সামগ্ৰিক সাক্ষৰতাৰ হাৰ বহু পৰিমাণে হ্ৰাস পাই থাকিল৷ তদুপৰি এই অধোগমন দক্ষিণৰ গ্ৰাম্য প্ৰদেশসমূহত অধিক প্ৰতিফলিত হৈছিল য'ত আৰম্ভণিতে শিক্ষা লাভ কৰাটো ইতিমধ্যে কঠিন হৈ পৰিছিল।[5] ইৰাক যুদ্ধৰ সময়ত সামগ্ৰিকভাৱে উপস্থিতিৰ হাৰ কম বয়সীয়া ছোৱালীৰ মাজত ৬৮% আৰু কম বয়সীয়া ল'ৰাৰ ক্ষেত্ৰত ৮২% আছিল৷ আনহাতে গ্ৰাম্য অঞ্চলত ছোৱালীৰ উপস্থিতিৰ হাৰ আছিল মাত্ৰ ২৫%।[6][5]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Lancasten, Janine L.. "Iraq - Education". www.nationsencyclopedia.com. http://www.nationsencyclopedia.com/Asia-and-Oceania/Iraq-EDUCATION.html. 
  2. 2.0 2.1 2.2 2.3 Efrati, Noga. Women in Iraq: Past Meets Present. New York: Columbia University Press, 2012. Web.
  3. Al-Ali, Nadje. “Reconstructing Gender: Iraqi Women between Dictatorship, War, Sanctions and Occupation.” Third World Quarterly, vol. 26, no. 4/5, 2005, pp. 739–758
  4. 4.0 4.1 Jawad, Al-Assaf. “The Higher Education System in Iraq and Its Future.” International Journal of Contemporary Iraqi Studies 8.1 (2014): 55–72. Web
  5. 5.0 5.1 Press, World. Iraq Women in Culture, Business & Travel: A Profile of Iraqi Women in the Fabric of Society. Petaluma: World Trade Press, 2010. Print.
  6.   Enloe, Cynthia. Nimo's War, Emma's War: Making Feminist Sense of the Iraq War. 1st ed. Berkerley: University of California Press, 2010. Web.