ইৰা ত্ৰিবেদী ((ইংৰাজী: Ira Trivedi; জন্ম:১৯৮৪) এগৰাকী ভাৰতীয় লেখক, স্তম্ভলেখক আৰু যোগ গুৰু। ভাৰতৰ মহিলাৰ সমস্যা আৰু লিংগ-বৈষম্যক লৈ তেওঁ গল্প-উপন্যাস আৰু প্ৰৱন্ধ-পাতি লিখিছে। ইণ্ডিয়া ইন লাভ: মেৰিজ এণ্ড ছেক্সুৱেলিটি ইন টুৱেণ্টি ফাষ্ট চেঞ্চুৰী, হোৱাট উড য়্যু ডু টু চেভ দ্য ৱৰ্ল্ড?, দ্য গ্ৰেট ইণ্ডিয়ান লাভ ষ্ট’ৰি আৰু দেয়াৰচ্‌ ন লাভ অন ৱাল ষ্ট্ৰীট আদি ত্ৰিবেদীৰ সৃষ্টিকৰ্ম।

ইৰা ত্ৰিবেদী

২০১২ চনত ইৰা ত্ৰিবেদী
জন্ম ১৯৮৪ (বয়স ৩৯–৪০)
লক্ষ্ণৌ, উত্তৰ প্ৰদেশ, ভাৰত
পেচা লেখক, স্তম্ভলেখক, যোগ গুৰু
মাতৃশিক্ষায়তন ৱেলেছলী কলেজ
কলম্বিয়া বিজনেছ স্কুল
ধৰণ ফিকচন (কল্প-কাহিনী) আৰু নন-ফিকচন (অ-কল্পকাহিনী)
উল্লেখনীয় কৰ্মৰাজি ইণ্ডিয়া ইন লাভ: মেৰিজ এণ্ড ছেক্সুৱেলিটি ইন টুৱেণ্টি ফাষ্ট চেঞ্চুৰী
হোৱাট উড য়্যু ডু টু চেভ দ্য ৱৰ্ল্ড?
দ্য গ্ৰেট ইণ্ডিয়ান লাভ ষ্ট’ৰি
দেয়াৰচ্‌ ন লাভ অন ৱাল ষ্ট্ৰীট
ৱেবছাইট www.iratrivedi.in

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

ভাৰতৰ লক্ষ্ণৌত ত্ৰিবেদীৰ জন্ম হৈছিল।[1] সাহিত্যিক ক্ৰান্তি ত্ৰিবেদী ইৰাৰ আইতাক।[2]

ৱেলেছলী কলেজত পঢ়ি থকা সময়ৰপৰাই ইৰাই যোগ অভ্যাস কৰিছিল।[1] অৰ্থনীতি বিষয়ত সন্মানসহ ত্ৰিবেদীয়ে ৱেলেছলী কলেজৰপৰা ২০০৬ চনত স্নাতক ডিগ্ৰী লাভ কৰে।[3] কলম্বিয়া বিশ্ববিদ্যালয়ৰপৰা তেওঁ এম বি এ ডিগ্ৰী লাভ কৰে।[4][5]

শিৱানন্দ যোগা ৱেদান্ত চেণ্টাৰৰপৰা তেওঁ আচাৰ্য প্ৰশিক্ষণ সমাপ্ত কৰিছে।[6]

কৰ্মজীৱন সম্পাদনা কৰক

মিছ ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাৰ সৈতে জড়িত তেওঁৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত ত্ৰিবেদীৰ প্ৰথমখন উপন্যাস, হোৱাট উড য়্যু ডু টু চেভ দ্য ৱৰ্ল্ড?: কনফেছনচ্‌ অৱ আ কুড-হেভ-বিন বিউটি কুইন[7][8] তেওঁৰ ১৯ বছৰ বয়সত[9] প্ৰকাশ পায়। ‘ডেক্কান হেৰল্ড’ৰ এটি গ্ৰন্থ সমীক্ষাত কিতাপখনক "হীৰাৰ আঁৰৰ ধূলি, প্লাষ্টিক হাঁহিৰ আঁৰৰ চকুপানী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰ্দাৰ আঁৰত চলি থকা ব্যঞ্জনৰ সত্যতা প্ৰকাশক এক মনোৰঞ্জনমূলক প্ৰথম উপন্যাস" বুলি বৰ্ণনা কৰা হৈছিল।[10]

২০২০ চনত, তেওঁ শিশুসকলৰ বাবে ঔম দ্য য়গা ডগ নামৰ এখন কিতাপ প্ৰকাশ কৰে, ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ বৰ্ণনা মতে কিতাপখন হৈছে “শিশুসকলক যোগাভ্যাস কৰিবলৈ প্ৰলোভিত কৰা এক আমোদজনক আৰু আকৰ্ষণীয় উপায়”,[11] আৰু ‘দ্য হিন্দু’ৰ সোমা বসুৰ মতে কিতাপখন “শিশুসকলৰ বাবে সহজ আসন আৰু উপকাৰী উশাহ-নিশাহৰ কৌশলৰ সৈতে পৰ্যায়ক্ৰমে বৰ্ণিত এক সৰল যোগ নিৰ্দেশনা।[12]

ইৰা ত্ৰিবেদী অ-লাভজনক প্ৰতিষ্ঠান ‘নমামি যোগা’[1], ম’বাইল এপ ‘ইৰা যোগা ৱেলনেচ’[13] আৰু অনলাইন যোগ ষ্টুডিঅ’[14] ‘য়োগ লাভ’[15]ৰ প্ৰতিষ্ঠাপক। তেওঁ ‘দ্য হিন্দু’[16] Deccan Chronicle,[17], ‘দ্য টেলিগ্ৰাফ’[18], ‘টাইমছ অৱ ইণ্ডিয়া’,[19] আৰু ‘আউটলুক’ত[20] লিখে। ত্ৰিবেদীয়ে প্ৰায়ে লিংগ, মহিলা আৰু যুৱসকলৰ বিভিন্ন সমস্যাৰ ওপৰত বক্তৃতা দিয়ে।।[21][22]

নিৰ্বাচিত কাম সম্পাদনা কৰক

  1. হোৱাট উড য়্যু ডু টু চেভ দ্য ৱৰ্ল্ড? (২০০৬, পেংগুইন বুকচ্‌)
  2. দ্য গ্ৰেট ইণ্ডিয়ান লাভ ষ্ট’ৰি (২০০৯, পেংগুইন বুকচ্‌)
  3. দেয়াৰচ্‌ ন লাভ অন ৱাল ষ্ট্ৰীট (২০১১,পেংগুইন বুকচ্‌)
  4. ইণ্ডিয়া ইন লাভ: মেৰিজ এণ্ড ছেক্সুৱেলিটি ইন টুৱেণ্টি ফাষ্ট চেঞ্চুৰী (২০১৪, অলেফ বুক কোম্পানি)
  5. গুমৰাহ: ইলেভেন শ্বৰ্ট টীন ক্ৰাইম ষ্ট’ৰিজ"(২০১৬)
  6. নিখিল এণ্ড ৰিয়া (২০১৭)
  7. দ্য টেন মিনিট য়গা চল্যুচন (২০১৭, হাৰ্পাৰ কলিন্স)
  8. দ্য দেশী গাইড টু ডেটিং (২০১৯)
  9. ঔম দ্য য়গা ডগ (২০২০, পাফিন)

স্বীকৃতি সম্পাদনা কৰক

২০১৫ চনত, গতিশীলতা আৰু নতুনত্বৰ বাবে ত্ৰিবেদীয়ে দেৱী বঁটা লাভ কৰিছিল।[23] সেই বছৰেই, তেওঁক ভাৰতত কইনা (ব্ৰাইড) সৰবৰাহ সম্পৰ্কীয় শ্ৰেষ্ঠ অনুসন্ধানমূলক প্ৰবন্ধৰ বাবে ‘ইউ কে মিডিয়া বঁটা’ প্ৰদান কৰা হৈছিল।[24]

২০১৭ চনত, ত্ৰিবেদীক ‘বি বি চি’ৰ বিশ্বৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী মহিলাৰ ভিতৰত এগৰাকী ৰূপে বাছনি কৰা হৈছিল।[25]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "How Starting Yoga at an Early Age can Change the Way You Handle Stress". News18. IANS. September 12, 2019. https://www.news18.com/news/lifestyle/how-starting-yoga-at-an-early-age-can-change-the-way-you-handle-stress-2306495.html. 
  2. Sharma, Swati (December 14, 2016). "Ideas strike you when you least expect it, says Ira Trivedi". The Asian Age. https://www.asianage.com/books/141216/ideas-strike-you-when-you-least-expect-it.html. 
  3. "Author and Speaker Ira Trivedi Reflects on Wellesley Experience" (en ভাষাত). Wellesley College. Archived from the original on 2017-08-16. https://web.archive.org/web/20170816063310/http://www.wellesley.edu/news/stories/node/28628। আহৰণ কৰা হৈছে: 2019-10-10. 
  4. "Trivedi Credits Wellesley with Enriching Her Professional Life". Wellesley College. August 22, 2012. Archived from the original on 29 July 2019. https://web.archive.org/web/20190729005515/https://www.wellesley.edu/news/stories/node/28628. 
  5. Roy, NilanjanaI S. (August 14, 2012). "In India, the Tender Trap's a Vise". The New York Times. https://www.nytimes.com/2012/08/15/world/asia/15iht-letter15.html. 
  6. "International Yoga Day: 3 poses for fitness in under 6 minutes". Hindustan Times. June 21, 2018. https://www.hindustantimes.com/videos/fitness/international-yoga-day-3-poses-for-fitness-in-under-6-minutes/video-E65sw9v4YHq8F9K4PKzqRK.html. 
  7. Yadav, Shivani (November 2, 2009). "Confessions of a writer". The Hindu. https://www.thehindu.com/books/Confessions-of-a-writer/article16889910.ece. 
  8. Menon, Hari (June 12, 2006). "The Cat Who Missed The Cream". Outlook. Archived from the original on February 2, 2016. https://web.archive.org/web/20160202021025/http://mcomments.outlookindia.com/story.aspx?sid=4&aid=231516. 
  9. Batish, Ashima (March 24, 2012). "On write lines". The Tribune. https://www.tribuneindia.com/2012/20120324/ttlife1.htm. 
  10. "BOOK RACK". Deccan Herald. May 21, 2006. Archived from the original on March 4, 2016. https://web.archive.org/web/20160304205210/http://archive.deccanherald.com/deccanherald/may212006/books1346522006518.asp. 
  11. Parenting Desk (June 21, 2020). "Want your kid to be interested in yoga? Read them these five books". The Indian Express. https://indianexpress.com/article/parenting/learning/want-your-kid-to-be-interested-in-yoga-read-them-these-five-books-6469728/. 
  12. Basu, Soma (June 20, 2020). "Kiddie guide to yoga". The Hindu. https://www.thehindu.com/life-and-style/two-picture-books-introduce-kids-to-asanas-and-techniques-with-the-help-of-a-dog-a-frog-an-elephant-and-all-time-favourite-peppa-the-pig-on-yoga-internation-day-on-june-21/article31868801.ece. 
  13. BI India Bureau (November 24, 2020). "From downward dog to upward boom — influencer and teacher Ira Trivedi shares how virtual yoga took off during the lockdown". Business Insider. https://www.businessinsider.in/business/news/from-downward-dog-to-upward-boom-influencer-and-teacher-ira-trivedi-shares-how-virtual-yoga-took-off-during-the-lockdown/articleshow/79317417.cms. 
  14. "Ira Trivedi - Yoga". Ira Trivedi Official Website. Archived from the original on 14 July 2021. https://web.archive.org/web/20210714150704/https://www.iratrivedi.in/yoga/। আহৰণ কৰা হৈছে: 14 July 2021. 
  15. "Learn Yoga from Celebrated Instructors at Virtual Festival Announced By Ira Trivedi". News18. June 19, 2021. https://www.news18.com/news/lifestyle/celebrated-yoga-trainer-ira-trivedi-announces-virtual-yoga-festival-3865934.html. 
  16. "Ira Trivedi". The Hindu. November 19, 2013. https://www.thehindu.com/books/ira-trivedi/article5368078.ece. 
  17. 12 August 2011 By Ira Trivedi (13 August 2011). "Back to the roots". Deccan Chronicle. Archived from the original on 23 September 2011. https://web.archive.org/web/20110923183659/http://www.deccanchronicle.com/channels/lifestyle/books/back-roots-152। আহৰণ কৰা হৈছে: 22 November 2012. 
  18. "The Telegraph – Calcutta (Kolkata) | 75 years of Gone with the Wind". The Telegraph. প্ৰকাশক Kolkota. 31 May 2011. http://www.telegraphindia.com/1110531/jsp/entertainment/story_14050726.jsp। আহৰণ কৰা হৈছে: 22 November 2012. 
  19. "Ira Trivedi". Times of India. https://timesofindia.indiatimes.com/blogs/author/iratrivedi/. 
  20. "Ira Trivedi". Outlook. https://magazine.outlookindia.com/author/ira-trivedi/11030. 
  21. "Ira's talks". https://www.youtube.com/watch?v=oouAx8r3Qu4। আহৰণ কৰা হৈছে: 30 June 2015. 
  22. "Ira's News talks". https://www.youtube.com/watch?v=VnIAt6HoYeY। আহৰণ কৰা হৈছে: 16 April 2016. 
  23. "The Devis". http://www.eventxpress.com/devi2015/lucknow/. 
  24. "Media Awards". Archived from the original on 2016-05-28. https://web.archive.org/web/20160528214832/http://www.antislaveryday.com/awards/media-awards/media-awards-2015/। আহৰণ কৰা হৈছে: 2021-09-08. 
  25. BBC World News