উত্তম নাৰায়ণ (১৬-১৭ শতিকা) সত্ৰাজিতৰ পুত্ৰ। সত্ৰাজিত পশ্চিম অসমৰ লোক আছিল। এখেতে কোচৰাজ্যৰ দক্ষিণ-পূৱ অংশৰ প্ৰাদেশিক শাসনকৰ্তা আছিল। ঢাকাৰ নবাবৰ প্ৰোৰচনাত কোচ ৰজাৰ সৈতে হাজোত যুঁজত অৱতীৰ্ণ হয়। নবাবৰ তলত পাণ্ডু আৰু গুৱাহাটীৰ থানাদাৰ নিযুক্ত হয়। মোগল-আহোমৰ যুঁজত মোগলৰ হৈ যুঁজিছিল। মোগলে সত্ৰাজিতৰ পুত্ৰ উত্তম নাৰায়ণক পশ্চিম কামৰূপৰ বৰনগৰ অঞ্চলৰ জমিদাৰ পাতিছিল। মোগল-আহোমৰ ৰণত মোগলৰ হৈ যুঁজিছিল। কিন্তু মোগলৰ পৰাজয় হোৱাত তেতিয়া আহোম ৰজাৰ মিত্ৰ কোচ ৰজা ধৰ্মনাৰায়ণে এখেতক বৰনগৰৰপৰা খেদি পঠিয়ায়। পাছত মোগলৰ লগ হৈ উত্তম নাৰায়ণে আহোমৰ লগত কলিয়াবৰত পুনৰাই যুদ্ধ কৰে। কিন্তু মোগল পৰাস্ত হৈ আৰু পলাই আহি গুৱাহাটী পায়। ১৬৩৮ চনত মোগল-আহোমৰ সন্ধি হোৱাৰ পাছত উত্তম নাৰায়ণক পুনৰ বৰনগৰৰ জমিদাৰ পতা হয়।[1]

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী