উষাপুৰ
এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাব পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক। এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে। |
উষাপুৰ ডিব্ৰুগড় জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত এখন গাঁও৷ উষাপুৰ গাঁৱৰ পূবে গৰীয়াবাম গাঁও, পশ্চিমে বুঢ়ীদিহিং নৈ, উত্তৰে পদুমনি,ৰূপহী গাঁও আৰু দক্ষিণে টিপাম গাঁও৷ যথেষ্ঠ সাৰুৱা এই অঞ্চলত অইলৰ কেইবাটাও তৈল খাদৰ ওপৰি এটা অ চি এছ আছে৷
ইতিহাস
সম্পাদনা কৰকএই অঞ্চলটোত আহোম ৰাজত্বৰ সময়ৰ বহু পুখুৰী আছে৷ এই গাৱৰ মাজেৰে চাৰেং (চয়ঙৰ) আলি নামেৰে নক্তে ৰজাই বন্ধোৱা এটা পথ আছে৷ কালক্ৰমত এই অঞ্চল জনশূন্য হৈ জংঘলত পৰিণত হয়৷ পুনৰ ১৯২০ চন মানৰ পৰা এই ঠাইলৈ শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইৰ পৰা আহি বসতি কৰিবলৈ লয় আৰু নতুনকৈ বসতি পতা এই ঠাইৰ নাম হয় উষাপুৰ৷ এই গাঁৱত আগতে এটাই বৰ নামঘৰ আছিল৷ পৰৱৰ্তী সময়ত জনসংখ্যা বৃদ্ধিৰ বাবে নামঘৰ ছটালৈ বৃদ্ধি হয়৷ ইয়াত "উষাপুৰ জ্ঞানোদয় পুথিভঁৰাল"নামৰ পুথিভঁৰালৰ উপৰি এটা যুৱক সংঘ আৰু ৰংমন বিহুতলি নামৰ এটা প্ৰেক্ষাগৃহ আছে৷
পৰিবহণ
সম্পাদনা কৰকইয়ালৈ নাহৰকটীয়াৰ পৰা জয়পুৰ চাৰিআলি হৈ নীপকো দলং পাৰ হৈ আহিব পাৰি। আনহাতে দুলীয়াজান-ডিগবৈ পথৰ পদুমনি তিনিআলি হৈও আহিব পাৰি৷