ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী

ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী (ইংৰাজী: Culture and menstruation) এক গুৰুত্বপূৰ্ণ বিষয় কাৰণ এই প্ৰক্ৰিয়াটো বহুতো সমাজত কিছু বিশেষ ধাৰণা, গোপনীয়তা আৰু পৌৰাণিক কাহিনীৰ দ্বাৰা পৰিবেষ্টিত হৈ আহিছে। ঋতুস্ৰাৱ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া যি ছোৱালীৰ ক্ষেত্ৰত সাধাৰণতে ১১ ৰ পৰা ১৪ৰ বছৰ বয়সৰ ভিতৰত প্ৰথম হয় আৰু ই তেওঁলোকৰ মাজত বয়ঃসন্ধি আৰম্ভ হোৱাৰ এটা সূচক। ঋতুস্ৰাৱক লৈ কৰা কিছুমান সামাজিক আৰু সাংস্কৃতিক দৃষ্টিভঙ্গী এজনী ছোৱালীৰ জীৱনত বহুতো দিশৰ পৰা বাধাৰ সৃষ্টি কৰে।[2][3] বহুতো ধৰ্মই পৰম্পৰাগতভাৱে ঋতুস্ৰাৱক ৰীতি-নীতিৰে অশুচি বুলি বিবেচনা কৰে যদিও নৃতত্ত্ববিদসকলে কয় যে 'পবিত্ৰ' আৰু 'অশুচি' ধাৰণাবোৰ ঘনিষ্ঠভাৱে সংযোজিত হ'ব পাৰে।[4]

অষ্ট্ৰেলিয়াখিলঞ্জীয়া নিবাসীসকলৰ শৈল-কলাত দুগৰাকী ৰজস্বলা নৃত্যৰতা নাৰী[1]

ঋতুস্ৰাৱ সম্পৰ্কীয় পৌৰাণিক ধাৰণা সম্পাদনা কৰক

অতীতত ভাৰতীয় সমাজত এই বিষয়টোৰ উল্লেখ বা চৰ্চা নহৈছিল। আধুনিক যোগতো সাংস্কৃতিক আৰু সামাজিক প্ৰভাৱবোৰৰ বাবে বিষয়টোৰ ওপৰত জ্ঞানৰ প্ৰসাৰ হোৱাত বাধা জন্মা দেখা গৈছে।[5] ভাৰতৰ বহু ঠাইত ঋতুস্ৰাৱ এতিয়াও লেতেৰা আৰু অশুদ্ধ বুলি গণ্য কৰা হয়।[6] বহুতো গ্ৰাম্য আৰু অনুন্নত অঞ্চলত ঋতুস্ৰাৱ হোৱা অৱস্থাত মহিলাসকলক স্বাভাৱিক জীৱনত অংশগ্ৰহণ কৰাৰ পৰা নিষিদ্ধ কৰা হয়। ৰান্ধনি শালত প্ৰৱেশ নকৰাটো ঋতুস্ৰাৱৰ সময়ত গ্ৰাম্য মহিলাসকলৰ মাজত মুখ্য প্ৰতিবন্ধকতা।[7] বিশ্বাস কৰা হয় যে ঋতুস্ৰাৱ হোৱা মহিলাসকল অস্বাস্থ্যকৰ আৰু অপৰিষ্কাৰ আৰু সেয়েহে তেওঁলোকে প্ৰস্তুত কৰা বা পৰিচালনা কৰা খাদ্য দূষিত হ'ব পাৰে।[8] অৱশ্যে, কোনো বৈজ্ঞানিক পৰীক্ষায়েই এনেবোৰ ধাৰণাৰ প্ৰমাণ দেখোৱাব পৰা নাই।[9]

ভাৰতৰ কিছুমান অংশত, ঋতুস্ৰাৱৰ সময়ত কিছুমান আহাৰৰ প্ৰতিবন্ধকতা অনুসৰণ কৰা দেখা যায় যেনে দৈ, তেঁতেলি, আৰু আচাৰ। লোকবিশ্বাস এয়ে যে এনে খাদ্যে ঋতুস্ৰাৱৰ প্ৰবাহ বৃদ্ধি পাব বা কমি যাব।[10] ভাৰত আৰু আন ঠাইৰ বহুতো অধ্যয়নে প্ৰকাশ কৰিছে যে বহুতো কিশোৰীয়ে বিশ্বাস কৰে যে ঋতুস্ৰাৱৰ সময়ত ব্যায়াম বা শাৰীৰিক কাৰ্যকলাপ কৰিলে প্ৰবাহ বৃদ্ধি হয়, কিন্তু প্ৰকৃততে সঠিক ব্যায়াম আৰু কাৰ্যকলাপে এই লক্ষণসমূহ উপশম কৰাতহে সহায় কৰে। ব্যায়ামে আমাৰ দেহত চেৰোটোনিন নামৰ হৰম'ন এবিধ নিৰ্গত কৰে, যাৰ ফলত আমি মনত আনন্দ অনুভৱ কৰো।[11][12][13]

মহিলাৰ জীৱনৰ ওপৰত প্ৰভাৱ সম্পাদনা কৰক

ঋতুস্ৰাৱৰ সম্পৰ্কিয় নিষিদ্ধতাই ছোৱালী আৰু মহিলাৰ মানসিকতা অৱস্থা, জীৱনশৈলী আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে, স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। বহুতো অৰ্থনৈতিকভাৱে অনুন্নত দেশসমূহত বহু সংখ্যক ছোৱালীয়ে ঋতুস্ৰাৱ আৰম্ভ হʼলেই বিদ্যালয়ৰ শিক্ষা এৰিবলগীয়া হয়। এই ক্ষত্ৰত ভাৰতৰ ২৩%তকৈও অধিক ছোৱালী অন্তৰ্ভুক্ত আছে।[14] ইয়াৰ উপৰিও, মাহিলী ঋতুস্ৰাৱৰ সময়ত মহিলা শিক্ষকসকলৰ বাবেও বাধাৰ সৃষ্টি হয়।[15] এনেদৰে, মহিলা শিক্ষক আৰু ছোৱালীৰ বাবে বিদ্যালয়বোৰত পৰ্যাপ্ত সুৰক্ষা, বিকল্প আৰু আন্তঃগাঁথনিৰ অভাৱে বহুতো অসুবিধাৰ সৃষ্টি কৰে।[16] ভাৰতৰ ৭৭% তকৈও অধিক ঋতুস্ৰাৱ হোৱা ছোৱালী আৰু মহিলাই অস্বাস্থ্যকৰ পুৰণি কাপোৰ পুনঃপুনঃ ব্যৱহাৰ কৰে। কাপোৰ ব্যৱহাৰ কৰোঁতে পৰিচ্ছন্নতাৰ অভাৱে ৰোগ আৰু সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰাৰ সম্ভাৱনা থাকে। তদুপৰি, বহুত পিছপৰা অঞ্চলত মহিলাই শোষণত সহায় হʼব বুলি ছাই, বাতৰি কাকত, শুকান পাত আদিও ব্যৱহাৰ কৰে।[17] এনেবোৰ অসুৰক্ষিত অভ্যাসে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে। সীমিত জ্ঞান আৰু সজাগতাৰ অভাৱে ঋতুস্ৰাৱৰ সামাজিক নিষিদ্ধতা আৰু অন্ধবিশ্বাসৰ প্ৰত্যাহ্বানটো আৰু অধিক জটিল কৰি তুলিছে।[18][19]

অৱশ্যে কিছুমান সমাজত, মহিলাসকলে ঋতুস্ৰাৱৰ ৰীতি-নীতিবোৰ সুৰক্ষামূলক আৰু শক্তিশালী হিচাপে বিবেচনা কৰে কিয়নো এই সময়ত পুৰুষৰ দৃষ্টি, অবাঞ্ছিত যৌন সম্ভোগৰ দাবী বা ঘৰুৱা কামকাজৰ পৰা তেওঁলোকে কিছু ৰেহাই পায় বুলি ভাবে।[20]

প্ৰতিৰোধমূলক ব্যৱস্থা সম্পাদনা কৰক

কম ব্যয়ৰ চেনিটাৰী নেপকিন বা চেনিটেৰী পেড স্থানীয়ভাৱে তৈয়াৰ কৰিব পাৰি আৰু বিশেষকৈ গ্ৰাম্য আৰু বস্তি অঞ্চলত বিতৰণ কৰিব পাৰি। ভাৰত চৰকাৰে ২০১০ চনৰ পৰা ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ অধীনত গ্ৰাম্য অঞ্চলত কম ব্যয়ৰ চেনিটাৰী নেপকিন বিতৰণ কৰি ১.৫ কোটি কিশোৰীসকলৰ বাবে ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা উন্নত কৰাৰ বাবে এটা আঁচনি অনুমোদন কৰিছে।[21] তথাপিও আঁচনিখন পাইলট পৰ্যায়ত আছে, আৰু এই ক্ষেত্ৰত আৰু বহুত জ্ঞান প্ৰাপ্ত কৰাৰ প্ৰয়োজন। পুৰুষ সঙ্গীৰ ভূমিকা বৃদ্ধি কৰা, পুৰুষ সঙ্গীৰ মনৰ অন্ধবিশ্বাস দুৰ কৰা আৰু সামাজিক নিষিদ্ধতাৰ মোকাবিলা কৰাটো প্ৰয়োজনীয়। পুৰুষ আৰু ল'ৰাসকলৰ সাধাৰণতে এই বিষয়ে জ্ঞান কম। তেওঁলোকৰ বাবে ঋতুস্ৰাৱ বুজি পোৱাটো গুৰুত্বপূৰ্ণ যাতে তেওঁলোকে তেওঁলোকৰ পত্নী, কন্যা, মাতৃ, শিক্ষাৰ্থী, কৰ্মচাৰী আৰু সহকৰ্মীসকলক সহায় কৰিব পাৰে।[22] ঋতুস্ৰাৱ এটা অতি স্বাভাৱিক জৈৱিক ঘটনাৰ বাহিৰে একো নহয়, আৰু কিশোৰী আৰু মহিলাসকলে বুজিব লাগে যে কেৱল এই গুণৰ বাবেই তেওঁলোকৰ শৰীৰে প্ৰজনন কৰাৰ ক্ষমতা লাভ কৰিছে।[23]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Knight, C. (1995). Blood relations: Menstruation and the origins of Culture. প্ৰকাশক London & New Haven: Yale University Press. পৃষ্ঠা. 443.  Re-drawn after Wright, B. J. (1968). Rock Art of the Pilbara Region, North-west Australia. প্ৰকাশক Canberra: Australian Institute of Aboriginal Studies. fig. 112. https://archive.org/details/rockartofpilbara0000wrig. 
  2. Garg, Suneela, and Tanu Anand. "Menstruation related myths in India: strategies for combating it." Journal of family medicine and primary care 4.2 (2015): 184.http://www.ncbi.nlm.nih.gov/pmc/articles/PMC4408698/
  3. Stefanie Kaiser. Menstrual Hygiene Management. 2008. http://sswm.info/humanitarian-crises/camps/hygiene-promotion-community-mobilisation/hygiene-promotion-community/menstrual-hygiene-management,http://www.sswm.info/content/menstrual-hygiene-management
  4. Durkheim, E. 1963. [1898] La prohibition de l’inceste et ses origines. L’Année Sociologique 1: 1-70. Reprinted as Incest. The nature and origin of the taboo, trans. E. Sagarin. New York: Stuart.
  5. Patil R, Agarwal L, Khan MI, Gupta SK, Vedapriya DR, Raghavia M, et al. Beliefs about menstruation: A study from rural Pondicherry. Indian J Med Specialities. 2011; 2:23–6.
  6. Chawla J, Matrika The Mythic Origins of the Menstrual Taboo in the Rig Veda. 1992. [Last accessed on 2014 Aug 09]. Available from: http://www.matrika-india.org/Research/MythicOrigins.html Archived 2017-05-09 at the Wayback Machine
  7. Puri S, Kapoor S. Taboos and Myths associated with women health among rural and urban adolescent girls in Punjab. Indian J Community Med. 2006; 31:168–70
  8. Kumar A, Srivastava K. Cultural and social practices regarding menstruation among adolescent girls. Soc Work Public Health. 2011; 26:594–604
  9. Garg, Suneela, and Tanu Anand. "Menstruation related myths in India: strategies for combating it." Journal of family medicine and primary care 4.2 (2015): 184.http://www.ncbi.nlm.nih.gov/pmc/articles/PMC4408698/
  10. Sadiq MA, Salih AA. Knowledge and practice of adolescent females about menstruation in Baghdad. J Gen Pract. 2013; 2:138.
  11. Sadiq MA, Salih AA. Knowledge and practice of adolescent females about menstruation in Baghdad. J Gen Pract. 2013; 2:138.
  12. Morley W. Common myths about your period. 2014. [Last accessed on 2014 Aug 12]. Available from: http://www.womenshealth.answers.com/menstruation/common-myths-about-your-period Archived 2015-09-10 at the Wayback Machine
  13. Poureslami M, Osati-Ashtiani F. Assessing knowledge, attitudes, and behavior of adolescent girls in suburban districts of Tehran about dysmenorrhoea and menstrual hygiene. J Int Womens Stud. 2002; 3:51–61.
  14. SOS Childrens’ Village. Social taboos damage the health of girls and women. 2014. [Last accessed on 2014 Aug 12]. Available from: http://www.soschildrensvillages.org.uk/news/blog/social-taboos-damage-the-health-of-girls-and-women Archived 2016-04-29 at the Wayback Machine
  15. Stefanie Kaiser. Menstrual Hygiene Management. 2008. [Last accessed on 2014 Aug 09]. Available from: http://www.sswm.info/content/menstrual-hygiene-management
  16. Ten VT. Menstrual hygiene: A neglected condition for the achievement of several millennium development goals. Europe External Policy Advisors. 2007. [Last retrieved on 2014 Aug 09]. Available from: http://www.eepa.be/wcm/component/option,com_remository/func[সংযোগবিহীন উৎস], startdown/id, 26/ [Ref list]
  17. SOS Childrens’ Village. Social taboos damage the health of girls and women. 2014. [Last accessed on 2014 Aug 12]. Available from: http://www.soschildrensvillages.org.uk/news/blog/social-taboos-damage-the-health-of-girls-and-women Archived 2016-04-29 at the Wayback Machine
  18. Kirk J, Sommer M. Menstruation and body awareness: linking girls’ health with girls’ education. 2006. [Last accessed on 2014 Aug 13]. Available from: http://www.wsscc.org/sites/default/files/publications/kirk-2006-menstruation-kit_paper.pdf Archived 2015-02-26 at the Wayback Machine
  19. Kaur K, Arora B, Singh GK, Neki NS. Social beliefs and practices associated with menstrual hygiene among adolescent girls of Amritsar, Punjab, India. J Int Med Sci Acd. 2012; 25:69–70
  20. Buckley, T. 1988. Menstruation and the power of Yurok women. In T. Buckley and A. Gottlieb (eds), Blood Magic. The anthropology of menstruation. Berkeley: University of California Press, pp. 187-209
  21. Press Information Bureau, GoI. Government Approves Scheme for Menstrual Hygiene 1.5 Crore Girls to Get Low-Cost Sanitary Napkins. 2010. [Last accessed on 2014 Aug 13].http://www.pib.nic.in/newsite/erelease.aspx?relid=62586
  22. Kirk J, Sommer M. Menstruation and body awareness: linking girls’ health with girls’ education. 2006. [Last accessed on 2014 Aug 13]. Available from: http://www.wsscc.org/sites/default/files/publications/kirk-2006-menstruation-kit_paper.pdf Archived 2015-02-26 at the Wayback Machine
  23. Sadiq MA, Salih AA. Knowledge and practice of adolescent females about menstruation in Baghdad. J Gen Pract. 2013; 2:138