১৯৮০ চনৰ শেষৰফালে এংগোলাৰ সমাজত নাৰীৰ ভূমিকা সম্পৰ্কে গৱেষণা প্ৰায় নাছিল যদিও কেইখনমান সাধাৰণ ছবি আঁকিব পৰা যায়। আফ্ৰিকাৰ বহু অৰ্থনীতিৰ দৰেই এংগোলাৰ গ্ৰাম্য অঞ্চলতো অধিকাংশ জনসাধাৰণে কৃষি কৰ্মত লিপ্ত হৈছিল। কৃষি শ্ৰমৰ বহুখিনি মহিলাৰ দ্বাৰাই কৰা কৰিছিল। বিবাহত সাধাৰণতে পাৰিবাৰিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাৰ্থৰ লগতে ব্যক্তিগত বিবেচনা আৰু লাভৰ কথাও জড়িত আছিল। ঘৰখনেই আছিল উৎপাদনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আধাৰ আৰু ঘৰখন সাধাৰণতে কেইবাটাও প্ৰজন্মৰে গঠিত। মহিলাসকলে খেতি কৰি ঘৰৰ খাদ্যৰ বেছিভাগেই প্ৰস্তুত কৰিছিল আৰু বাকী সকলো ঘৰুৱা কামৰ লগত জড়িত হৈছিল। খাদ্য উৎপাদনত তেওঁলোকৰ মুখ্য ভূমিকা থকাৰ বাবে মহিলাসকলে পুৰুষৰ সৈতে তুলনামূলকভাৱে সমান মৰ্যাদা লাভ কৰিছিল।

এংগোলাৰ এগৰাকী নাৰী

পৰিসংখ্যাৰ মতে, ২০০৫ চনৰ শেষৰ ফালে উপ-চাহাৰা আফ্ৰিকাত প্ৰায় ২.৫ কোটি প্ৰাপ্তবয়স্ক আৰু শিশু এইচ আই ভি ৰোগত আক্ৰান্ত হৈছিল।[1] ২০০৫ চনত প্ৰায় ২০০০ ব্যক্তিৰ মাজত কৰা এক অধ্যয়নে দেখুৱাইছে যে কণ্ডম ব্যৱহাৰক প্ৰসাৰিত কৰাৰ এক কাৰ্যসূচী এই সংখ্যা হ্ৰাস কৰাত অতি ফলপ্ৰসূ।[2]পৃথক পৃথক অধ্যয়নত দেখা গৈছে যে এইচআইভি পজিটিভৰ জৰিয়তে গৰ্ভৱতী হোৱা মহিলাৰ মানসিক স্বাস্থ্য এইডছ আইভি নথকা মহিলাসকলতকৈ বৰ বেয়া আৰু সেই একেটা গোটৰে দুই তৃতীয়াংশই তীব্ৰ মানসিক অশান্তিৰ সন্মুখীন হয়।[3]

এংগোলাত স্তনৰ কৰ্কট ৰোগত মৃত্যু হোৱা‌ লোকৰ হাৰ অধিক। বিশ্ববিদ্যালয়ৰ ৫৯৫ জন ছাত্ৰ-ছাত্ৰীৰ মাজত কৰা এক সমীক্ষাত প্ৰায় ৬৫% ছাত্ৰ-ছাত্ৰীয়ে নাজানিছিল যে স্তনৰ কৰ্কট ৰোগ উপ-চাহাৰা আফ্ৰিকাৰ অন্যতম মাৰাত্মক কেন্সাৰ, আৰু ৩৫%তকৈও কম লোকৰ মতে, ই পুৰুষকো আক্ৰান্ত কৰিব পাৰে। বিশ্ববিদ্যালয়ৰ লগতে জনপ্ৰিয় ছ'চিয়েল মিডিয়া নেটৱৰ্ক (ফেচবুক, টুইটাৰ) ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বঢ়োৱা আৰু আত্মপৰীক্ষাৰ বিষয়ে অধিক শিকোৱাৰ ক্ষেত্ৰত শেহতীয়াকৈ অগ্ৰগতি হৈছে।ছাত্ৰ-ছাত্ৰীসকলেও স্বীকাৰ কৰিছে যে তেওঁলোক ইয়াৰ আগলৈকে এই বিষয়ে সঠিকভাৱে পৰিচিত নাছিল।[4][5]

বহুতো মহিলা এংগোলান মহিলা সংগঠন (Organização da Mulher Angolana—OMA)ৰ অন্তৰ্গত আছিল। স্বাধীনতাৰ পূৰ্বে হাজাৰ হাজাৰ এংগোলান শৰণাৰ্থীৰ মাজত এমপিএলএৰ প্ৰতি ৰাজনৈতিক সমৰ্থন সংগ্ৰহ কৰাত অ’এমএই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। স্বাধীনতাৰ পিছত আৰু বিশেষকৈ ১৯৭৭ চনত এমপিএলএ-পি টি সৃষ্টিৰ পিছত গণ সংগঠনসমূহ দলৰ কঠোৰ নিয়ন্ত্ৰণলৈ আহিছিল আৰু এমপিএলএ-পি টি আৰু জনসাধাৰণৰ মাজত মধ্যস্থতাকাৰী হিচাপে ভূমিকা হৈছিল। চৰকাৰত মহিলাৰ অংশগ্ৰহণ যি হাৰত বৃদ্ধি পাইছে, সেই হাৰত একেধৰণৰ ৰাজনৈতিক পৰিৱেশৰ আন দেশত বৃদ্ধি পোৱা নাই। ২০১২ চনৰ কোটা প্ৰকল্পত উল্লেখ কৰা অনুসৰি ৰাষ্ট্ৰীয় বিধানসভা (এংগোলা)ত ৩৫% মহিলা আৰু এংগোলাৰ সাংবিধানিক আদালতত মহিলা ন্যায়াধীশৰ সংখ্যা ১১ গৰাকীৰ ভিতৰত ৪ গৰাকী।[6] বৰ্তমানৰ এংগোলাত উপস্থিত লিংগ-কু-সংস্কাৰপূৰ্ণ ভূমিকাৰ বাবেও এংগোলাৰ সংবাদ মাধ্যম দোষী। ইয়াৰ এটা উদাহৰণ পোৱা যায় অতি প্ৰচাৰিত মিছ এংগোলা কাৰ্যসূচী, যাক এংগোলাৰ বহু প্ৰদেশে সমৰ্থন কৰে। এই অনুষ্ঠানৰ প্ৰচাৰৰ বাবে বৃহৎ পৰিমাণৰ ধন খৰচ কৰা হয়।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Joint United Nations Programme on HIV/AIDS (UNAIDS) ( 2004 ). Report on the global AIDS epidemic .  : UNAIDS .
  2. Prata, Ndola, et al. “Gender and Relationship Differences in Condom Use among 15-24-Year-Olds in Angola.” International Family Planning Perspectives, vol. 31, no. 4, 2005, pp. 192–199. JSTOR, JSTOR, www.jstor.org/stable/3649535.
  3. Mona Loutfy, Ulrike Sonnenberg-Schwan, Shari Margolese, Lorraine Sherr, on behalf of Women for Positive Action. (2013) A review of reproductive health research, guidelines and related gaps for women living with HIV. AIDS Care 25:6, pages 657-666.
  4. Sambanje, M N, and B Mafuvadze. “Breast cancer knowledge and awareness among university students in Angola.” Pan African Medical Journal, 64 Apr. 2012. African Journals Online.
  5. Oladimeji, Kelechi Elizabeth; Tsoka-Gwegweni, Joyce M.; Igbodekwe, Franklin C.; Twomey, Mary; Akolo, Christopher; Balarabe, Hadiza Sabuwa; Atilola, Olayinka; Jegede, Oluwole et al. (2015-11-25). "Knowledge and Beliefs of Breast Self-Examination and Breast Cancer among Market Women in Ibadan, South West, Nigeria" (en ভাষাত). PLOS ONE খণ্ড 10 (11): e0140904. doi:10.1371/journal.pone.0140904. PMID 26606137. 
  6. Tripp, Aili Mari. Women and Power in Post-Conflict Africa. Cambridge University, 2015.