এছিয়ান একাডেমী ক্ৰিয়েটিভ বঁটা
এছিয়ান একাডেমী ক্ৰিয়েটিভ বঁটা প্ৰতি বছৰে ডিচেম্বৰ মাহত ছিংগাপুৰ মিডিয়া ফেষ্টিভেলৰ অংশ হিচাপে প্ৰদান কৰা হয়।[1] এছিয়া-পেচিফিক অঞ্চলৰ ১৬খন দেশৰ চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগত তেওঁলোকে উৎকৃষ্টতাক বাবে এই বঁটা প্ৰদান কৰি স্বীকৃতি দিয়া হয়।[2] ২০১৮ চনৰ পৰা প্ৰদান কৰা এই বঁটাসমূহ এছিয়া মহাদেশৰ অস্কাৰ বঁটা আখ্যা দিয়া হয়।
এছিয়ান একাডেমী ক্ৰিয়েটিভ বঁটা | |
---|---|
প্ৰদান কৰা হয় | চলচিত্ৰ আৰু দূৰদৰ্শনৰ শ্ৰেষ্ঠসকলক |
দেশ | ছিংগাপুৰ |
প্ৰদান কৰোঁতা | এছিয়ান একাডেমী ক্ৰিয়েটিভ বঁটা |
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল | ডিচেম্বৰ, ২০১৮ |
শেষবাৰলৈ প্ৰদান কৰা হৈছিল | ডিচেম্বৰ, ২০২৩ |
ৱেবচাইট | asianacademycreativeawards.com |
ইতিহাস
সম্পাদনা কৰক২০১৮ চনৰ ডিচেম্বৰ মাহত ছিংগাপুৰ কেপিটেল থিয়েটাৰত উদ্বোধনী বঁটা প্ৰদান কৰা হৈছিল।[3] ২০১৯ চনত এই বঁটা ছিংগাপুৰৰ ভিক্টোৰিয়া থিয়েটাৰ [1] (Victoria Theatre, Singapore) ত বঁটা প্ৰদান কৰা হয়।[4] বিশ্বজুৰি covid-19 প্ৰাদুৰ্ভাৱৰ বাবে ২০২০ চনৰ বঁটাসমূহ দুটা নিশাৰ ভিতৰত ‘ভাৰ্চুৱেল থিয়েটাৰ’ত অনুষ্ঠিত কৰা হৈছিল, য’ত প্ৰতিনিধিত্ব কৰা প্ৰতিটো জাতিয়ে ছিংগাপুৰত অনুষ্ঠিত হোৱা মূল অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নিজৰ নিজৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিল।[5][6]
২০২১ চনৰ বঁটাসমূহ ছিংগাপুৰত ২ আৰু ৩ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হয়, ২০২১ চনৰ ৪ অক্টোবৰত ঘোষণা কৰা মনোনয়নৰ বাবে।[7] এছিয়া মহাদেশত নিৰ্মিত টিভি আৰু ষ্ট্ৰিমিং বিষয়বস্তুৰ বিজয়ীসকলক বিভিন্ন শাখাত ৩৮টা বঁটা প্ৰদান কৰা হয়।
পুৰস্কাৰ
সম্পাদনা কৰকপ্ৰতিটো শাখাৰ বিজয়ীয়ে লাভ কৰে ‘সোণৰ দেৱী’ প্ৰতিমূৰ্তি। নিউয়ৰ্কৰ ছ’চাইটি এৱাৰ্ডছে নিৰ্মাণ কৰা ৩৬চে.মি.(১৪ ইঞ্চি) উচ্চতাৰ এই মূৰ্তি বঁটা হিচাপে প্ৰতিজন বিজেতালৈ প্ৰদান কৰা হয়।
বঁটা বিজয়ী
সম্পাদনা কৰকগ্ৰেণ্ড ফাইনেল বিজয়ী
সম্পাদনা কৰকএই চাৰ্টত ২০১৮,[8] ২০১৯,[9] ২০২০,[10] ২০২১,[11] ২০২২,[12] আৰু ২০২৩ [13] চনৰ গ্ৰেণ্ড ফাইনেল বঁটা বিজয়ীসকলৰ তালিকা দিয়া হৈছেঃ
শ্ৰেষ্ঠ চলচ্চিত্ৰ | শ্ৰেষ্ঠ অনলাইন ধাৰাবাহিক |
---|---|
|
|
শ্ৰেষ্ঠ তথ্যচিত্ৰ | শ্ৰেষ্ঠ ধাৰাবাহিক তথ্যচিত্ৰ |
|
|
শ্ৰেষ্ঠ অভিনেতা | শ্ৰেষ্ঠ অভিনেত্ৰী |
|
|
শ্ৰেষ্ঠ সহ অভিনেতা | শ্ৰেষ্ঠ সহ অভিনেত্ৰী |
|
|
শ্ৰেষ্ঠ চুটি নাট | শ্ৰেষ্ঠ সাম্প্ৰতিক পৰিক্ৰমা কাৰ্যসূচী বা ধাৰাবাহিক |
|
|
শ্ৰেষ্ঠ পৰিচালক (কাহিনী) | শ্ৰেষ্ঠ পৰিচালক (তথ্য চিত্ৰ) |
|
|
পূৰ্বৰ অনুষ্ঠানৰ বিন্যাসৰ শ্ৰেষ্ঠ অভিযোজন | শ্ৰেষ্ঠ অলিখিত মনোৰঞ্জন |
|
|
শ্ৰেষ্ঠ শিশু অনুষ্ঠান | শ্ৰেষ্ঠ মইনা(বিদ্যালয় নোযোৱা)ৰ অনুষ্ঠান |
|
|
শিতানসমূহঃ
সম্পাদনা কৰকতলৰ শিতানসমূহত এই বঁটা প্ৰদনা কৰা হয়ঃ
চলচিত্ৰ
শ্ৰেষ্ঠ চলচ্চিত্ৰ
শ্ৰেষ্ঠ নাটক ধাৰাবাহিক
শ্ৰেষ্ঠ তথ্যচিত্ৰ কাৰ্যসূচী (এটা খণ্ডৰ)
শ্ৰেষ্ঠ তথ্যচিত্ৰ ধাৰাবাহিক
শ্ৰেষ্ঠ অভিনেতা (মুখ্য চৰিত্ৰত)
শ্ৰেষ্ঠ অভিনেত্ৰী (মুখ্য চৰিত্ৰত)
শ্ৰেষ্ঠ সহ-অভিনেতা
শ্ৰেষ্ঠ সহ-অভিনেত্ৰী
শ্ৰেষ্ঠ এটা খণ্ডৰ নাটক/টেলিচিনেমা/সংকলন
টেলিভিছন
শ্ৰেষ্ঠ সাম্প্ৰতিক পৰিক্ৰমা কাৰ্যসূচী বা ধাৰাবাহিক
শ্ৰেষ্ঠ ব্ৰেণ্ডেড প্ৰগ্ৰেম বা ছিৰিজ
শ্ৰেষ্ঠ শিশু কাৰ্যসূচী (একবাৰৰ / ধাৰাবাহিক)
শ্ৰেষ্ঠ সাধাৰণ মনোৰঞ্জন, গেম বা কুইজ প্ৰগ্ৰেম
শ্ৰেষ্ঠ তথ্য বিনোদন কাৰ্যসূচী
শ্ৰেষ্ঠ জীৱনশৈলী, মনোৰঞ্জন উপস্থাপক/আয়োজক
শ্ৰেষ্ঠ জীৱনশৈলী কাৰ্যসূচী
বাতৰি
শ্ৰেষ্ঠ বাতৰি বা সাম্প্ৰতিক পৰিস্থিতিৰ উপস্থাপক/সূত্ৰধাৰ
শ্ৰেষ্ঠ বাতৰি অনুষ্ঠান
শ্ৰেষ্ঠ একক বাতৰিৰ কাহিনী/ৰিপৰ্ট
কমেডী
কমেডী ভূমিকাত শ্ৰেষ্ঠ অভিনেতা/অভিনেত্ৰী
শ্ৰেষ্ঠ কমেডী প্ৰগ্ৰেম
কাৰিকৰী
শ্ৰেষ্ঠ পৰিচালনা (কল্পকাহিনী)
শ্ৰেষ্ঠ পৰিচালনা (অকল্পকাহিনী)
শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী
শ্ৰেষ্ঠ সম্পাদনা
শ্ৰেষ্ঠ শব্দ
শ্ৰেষ্ঠ এনিমেটেড প্ৰগ্ৰেম বা ছিৰিজ (2D বা 3D)
সকলো সংবাদ মাধ্যম
শ্ৰেষ্ঠ নন স্ক্ৰীপ্টড এণ্টাৰটেইনমেণ্ট
শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য
এজন ষ্ট্ৰীমাৰ/অ'টিটিৰ দ্বাৰা শ্ৰেষ্ঠ মৌলিক প্ৰগ্ৰেম
শ্ৰেষ্ঠ প্ৰিস্কুল প্ৰগ্ৰেম
শ্ৰেষ্ঠ প্ৰমো বা ট্ৰেইলাৰ
শ্ৰেষ্ঠ চুটি আকাৰৰ বিষয়বস্তু
শ্ৰেষ্ঠ প্ৰাকৃতিক ইতিহাস বা বন্যপ্ৰাণী কাৰ্যসূচী
শ্ৰেষ্ঠ থিম গীত (বা শিৰোনাম থিম)
শ্ৰেষ্ঠ দৃশ্য বা বিশেষ এফএক্স (টিভি বা বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ)
শ্ৰেষ্ঠ কণ্ঠ শিল্পী
এটা বৰ্তমানৰ বিন্যাসৰ শ্ৰেষ্ঠ অভিযোজন
গ্ৰেণ্ড ফাইনেলত জয়ৰ সংখ্যা অনুসৰি দেশৰ তালিকা
সম্পাদনা কৰকঅংশগ্ৰহণকাৰী জাতি/অঞ্চল
এছিয়ান একাডেমী ক্ৰিয়েটিভ এৱাৰ্ডত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড, বাংলাদেশ, কম্বোডিয়া, চীন, হংকং এছ এ আৰ, ভাৰত, ইণ্ডোনেছিয়া, জাপান, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইনছ, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, টাইৱান, থাইলেণ্ড আৰু ভিয়েটনামৰ কৰ্মৰাজি উদযাপন কৰা হয়।
পৃষ্ঠপোষক
সম্পাদনা কৰক- Warner Media - Foundation Patron
- Facebook - Patron
- ABS-CBN Entertainment - Patron
তথ্য সূত্ৰঃ
সম্পাদনা কৰক- ↑ "Singapore Media Festival". https://www.imda.gov.sg/news-and-events/our-signature-events/Singapore-Media-Festival.
- ↑ "Entry Information". https://www.asianacademycreativeawards.com/entry-information/.
- ↑ "Asian Academy Creative Awards (2018)". IMDb. http://www.imdb.com/event/ev0006104/2018/1/.
- ↑ "Breaking Celebrity News, Entertainment News and Celeb Gossip". E! Online. https://www.eonline.com/news.
- ↑ Frater, Patrick (December 4, 2020). "'Crash Landing' and 'Garden of Evening Mists' Win Asian Academy Creative Awards Gold". https://variety.com/2020/tv/asia/asian-academy-creative-awards-crash-landing-on-you-garden-of-evening-mists-1234846217/.
- ↑ staff, C. N. N. (7 December 2018). "CNN takes home five awards at the annual Asian Academy Creative Awards". CNN. https://www.cnn.com/2018/12/07/asia/asia-awards-intl/index.html.
- ↑ Kang Jin-ah (October 4, 2021). "넷플릭스 '스위트홈'·'무브 투 헤븐', AACA 본상 후보" (ko ভাষাত). Newsis. https://entertain.naver.com/now/read?oid=003&aid=0010750154। আহৰণ কৰা হৈছে: October 4, 2021.
- ↑ "'Sacred Games,' 'Miss Sherlock' Win Asian Academy Creative Awards". Variety. 2018-12-08. https://variety.com/2018/film/asia/sacred-games-miss-sherlock-asian-academy-creative-awards-1203085018/। আহৰণ কৰা হৈছে: 2023-09-12.
- ↑ "'Delhi Crime' Wins Big at Asian Academy Creative Awards". Variety. 2019-12-06. https://variety.com/2019/tv/asia/delhi-crime-wins-at-asian-academy-creative-awards-1203428215/। আহৰণ কৰা হৈছে: 2023-09-12.
- ↑ "'Crash Landing' and 'Garden of Evening Mists' Win Asian Academy Creative Awards Gold". Variety. 2020-12-04. https://variety.com/2020/tv/asia/asian-academy-creative-awards-crash-landing-on-you-garden-of-evening-mists-1234846217/। আহৰণ কৰা হৈছে: 2023-09-12.
- ↑ "Asian Academy Creative Awards: Full List of Winners". Variety. 2021-12-03. https://variety.com/2021/awards/asia/asian-academy-creative-awards-winners-1235125526/। আহৰণ কৰা হৈছে: 2023-09-12.
- ↑ "Asian Academy Creative Awards Unveil 2022 Winners: Netflix Scores Five Wins on Night Two". Variety. 2022-12-08. https://variety.com/2022/tv/asia/asian-academy-creative-awards-2022-winners-list-1235452809/। আহৰণ কৰা হৈছে: 2023-09-12.
- ↑ "'The Glory' and 'Hunger' Win Category Honors at Asian Academy Creative Awards". Variety. 2023-12-07. https://variety.com/2023/tv/news/asian-academy-creative-awards-the-glory-hunger-1235828352/। আহৰণ কৰা হৈছে: 2023-09-12.