এছিয়াৰ শংকু আকৃতিৰ শিৰোধান

এছিয়াৰ শংকু আকৃতিৰ শিৰোধান বা টুপী হৈছে পূব, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া আৰু বিশেষকৈ ভিয়েটনামৰ হিউত উদ্ভৱ হোৱা শংকু আকৃতিৰ এক সৰল শৈলীৰ শিৰোধান। ইয়াক সাধাৰণতে এছিয়াৰ ধানৰ টুপী, বা কেৱল ধানৰ টুপী (বিশেষকৈ আমেৰিকাত), কুলি টুপী (যুক্তৰাষ্ট্ৰত), প্ৰাচ্যৰ টুপী, বা কৃষকৰ টুপী নামেৰেও জনা যায়। প্ৰায় ২০০০ বছৰ পুৰণি টেৰাকোটা পাত্ৰত এনে শিৰোধানৰ চিত্ৰ দেখুওৱা হৈছে। ইয়াৰ পৰা এই কথা অনুমান কৰিব পৰা যায় যে এই শিৰোধান সম্ভৱতঃ কেইবা সহস্ৰাব্দ ধৰি কোনো কোনো ৰূপত পিন্ধি অহা হৈছে। আধুনিক কালৰ বাংলাদেশ, ভূটান, চীন, কম্বোডিয়া, ভাৰত, ইণ্ডোনেছিয়া, জাপান, কোৰিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইনছ, মাঞ্চুৰিয়াৰ কোনো কোনো অঞ্চল, টাইৱান, নেপাল, তিব্বত, থাইলেণ্ড আৰু ভিয়েটনামৰ কিছু অংশত ইয়াৰ উল্লেখযোগ্য ব্যৱহাৰ দেখা যায়। এই শিৰোধান এখন কাপোৰ (সাধাৰণতে ৰেচম) বা ফাইবাৰৰ ফিটাৰে থুঁতৰিত লগাই মূৰত ৰখা হয়।

ভিয়েটনামৰ নন লা
ছামুৰাইসকলে পিন্ধা জাপানী জিংগাছা
ফিলিপাইছৰ ছালাকোট

ব্যৱহাৰসম্পাদনা কৰক

 
অসমৰ সৰুদৈয়া জাপি
 
কম্বোডিয়াৰ কৃষকে পিন্ধা ডুউন

এছিয়াৰ শংকু আকৃতিৰ শিৰোধানসমূহ সমগ্ৰ এছিয়াতে মূলতঃ ৰ'দ-বৰষুণৰ পৰা সুৰক্ষা লাভৰ বাবে ব্যৱহাৰ কৰা হয়। যিসমূহ শিৰোধান ধানখেৰ, নৰা বা অন্যান্য বোৱা সামগ্ৰীৰে তৈয়াৰ কৰা হয় সেইসমূহক পানীত ডুবাই ৰাখিব পাৰি আৰু এক শীতলীকৰণ সঁজুলি হিচাপে পৰিধান কৰিব পাৰি।[1] পৰম্পৰাগতভাৱে ভিক্ষাৰ সন্ধানত তীৰ্থযাত্ৰী আৰু বৌদ্ধ ভিক্ষুসকলে এই শিৰোধান পিন্ধে বাবে ই পূব এছিয়াত, বিশেষকৈ জাপানত বৌদ্ধ ধৰ্মৰ প্ৰতীক হিচাপেও বহুলভাৱে জনাজাত। এনে শিৰোধান পৰিধান কৰাসকলৰ ভিতৰত জাপানৰ ছামুৰাইসকল আছিল অন্যতম আৰু ইয়াক জিংগাছা অৰ্থাৎ ভ্ৰমণকাৰী টুপী বা কাছা বুলি জনা গৈছিল।

ফিলিপাইনছৰ ছালাকোট সাধাৰণতে শংকুৰ পৰিৱৰ্তে এক জোঙা আকৃতিৰ ফিনিয়াল বা শীৰ্ষৰ সৈতে একপ্ৰকাৰৰ শিৰোধান। মূলভূমিৰ অধিকাংশ এছিয়ান শংকু শিৰোধানত থকা থুঁ‌তৰিত লগোৱা ফিতাৰ উপৰিও ভিতৰফালে এক শিৰাধাৰৰ দ্বাৰা ছালাকোটত সংযুক্ত হৈ থাকে। ইয়াক বাঁহ, বেত, নিটো বা জাপানী কপৌ ঢেঁকীয়া, জাতিলাও, তালজাতীয় গছৰ পাত, মেংগ্ৰোভজাতীয় গছৰ পাত, জহাকেতেকীৰ পাত, আৰু কাৰাবাওৰ (ম'হ) শিঙকে ধৰি বিভিন্ন সামগ্ৰীৰ পৰা তৈয়াৰ কৰিব পাৰি। সাধাৰণতে ইয়াৰে সাধাৰণ প্ৰকাৰটো কৃষকসকলে পৰিধান কৰে। কিন্তু প্ৰাক-ঔপনিৱেশিক যুগত অভিজাত লোকসকলে গহনা, মূল্যৱান ধাতু বা কাছৰ চলঙৰ সৈতে অলংকৃত শিৰোধান নিৰ্মাণ কৰিছিল। এইসমূহ পৰিয়াল একোটাৰ ভিতৰত পিছৰ প্ৰজন্মসমূহৰ উত্তৰাধিকাৰ থকা সামগ্ৰী বুলি গণ্য কৰা হয়।[2][3]

ছালাকোট সাধাৰণতে স্পেনিছ ঔপনিৱেশিক সেনাৰ স্থানীয় সৈন্যসকলেও পৰিধান কৰিছিল। অষ্টাদশ শতিকাৰ আৰম্ভণিতে স্পেনিছ সৈন্যই তেওঁলোকৰ দিগ্বিজয়ৰ ইউনিফৰ্মৰ অংশ হিচাপে ইয়াক গ্ৰহণ কৰিছিল। এনে কৰোঁ‌তে ছালাকোট স্পেইনৰ পিথ হেলমেটৰ প্ৰত্যক্ষ পূৰ্বসূৰী হৈ পৰে। এতিয়াও স্পেনিছ আৰু ফৰাচী ভাষাত পিট হেলমেটক ছালাকট বা চেলাক্কো বুলি কোৱা হয়।[4]

ভিয়েটনামৰ নন লা (পাতৰ টুপী) এক নিখুঁত বৃত্তাকাৰ শংকু আকৃতিৰ শিৰোধান। ই তলৰ পৰা ওপৰলৈ সৰু হৈ যায়। ভিয়েটনামৰ বিশেষ শিৰোধানসমূহত হাতেৰে চিলাই কৰা ৰঙীন চিত্ৰণ বা আখৰ থাকে। আনহাতে হিউ প্ৰদেশ তেওঁলোকৰ নন বাই থোৰ বাবে বিখ্যাত। এইবোৰত কাব্যিক শ্লোক আৰু হান টু (ভিয়েটনামী আখৰবিশেষ) থাকে যিবোৰ সূৰ্যৰ পোহৰত শিৰোধানটো উন্মোচিত হ'লে প্ৰকাশ পায়। আধুনিক কালত ইয়াক ভিয়েটনামৰ ৰাষ্ট্ৰীয় পোছাকৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।[5]

চীনত এনে শিৰোধান সাধাৰণতে কৃষকসকলৰ সৈতে জড়িত আছিল। আনহাতে মাণ্ডাৰিনসকলে বিশেষকৈ শীতকালত অধিক টান বৃত্তাকাৰ শিৰোধান পিন্ধিছিল।[6]

একেদৰে ভাৰত আৰু বোৰ্নিঅ'ত সাধাৰণ লোকসকলে তেওঁলোকৰ দৈনন্দিন কামৰ সময়ত এনে শিৰোধান পিন্ধিছিল। কিন্তু উৎসৱ বা নৃত্যৰ বাবে অধিক আলংকাৰিক ৰঙীন শিৰোধানৰ ব্যৱহাৰ কৰা হৈছিল। আনহাতে অসমত ইয়াক সজ্জা হিচাপে চ'ৰাঘৰত আঁ‌ৰি দিয়া হয় বা বিশেষ অনুষ্ঠানত উচ্চ শ্ৰেণীৰ লোকসকলক পিন্ধোৱা হয়।

স্থানীয় নামসম্পাদনা কৰক

এছিয়াৰ শংকু আকৃতিৰ শিৰোধানক ইংৰাজীত চেজ হেট, ৰাইচ হেট, পেডী হেট, বেম্বো হেট আৰু কেতিয়াবা কুলি হেট বুলি কোৱা হয়।[7]

দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত কম্বোডিয়াত ইয়াক ডুউন, ইণ্ডোনেছিয়াত কেপিং, লাওছত কুপ, মালয়েছিয়াত টেৰেণ্ডাক, ম্যানমাৰত খামাউক, ফিলিপাইনছত ছালাকোট, চাৰোক, চাডোক, চ'লাং, হলিডুং, কাল্লুগং আৰু টাবুংগাৱ; আৰু ভিয়েটনামত নন লা বুলি কোৱা হয়।

পূব এছিয়াৰ দেশসমূহৰ ভিতৰত চীনত ইয়াক দুলি (আক্ষৰিক অৰ্থত "বাঁহৰ টুপী"), জাপানত কাছা বা চুগেগাছা আৰু কোৰিয়াত ছাটগাট বা গেৰিপ বোলা হয়।

দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত ইয়াক অসমত (ভাৰত) জাপি বুলি জনা যায়। বাংলাদেশত ইয়াৰ নাম মাথাল।[8]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. "Conical Hats". Nguyentientam.com. http://www.nguyentientam.com/conicalhat.html। আহৰণ কৰা হৈছে: 2012-05-23. 
  2. Peralta, Jesus T. (2013). Salakot and Other Headgear. National Commission for Culture and the Arts (NCCA) & Intangible Cultural Heritage in the Asia-Pacific Region (ICHCAP), UNESCO. পৃষ্ঠা. 232. https://www.unesco-ichcap.org/eng/ek/sub3/pdf_file/domain5/095_Salakot_and_Other_Headgear.pdf. 
  3. Nocheseda, Elmer I.. "The Filipino And The Salacot". Tagalog Dictionary. https://www.tagalog-dictionary.com/articles/the-filipino-and-the-salacot। আহৰণ কৰা হৈছে: 3 March 2020. 
  4. Antón, Jacinto (5 December 2013). "La romántica elegancia de Salacot". El País. https://elpais.com/elpais/2013/12/05/icon/1386262369_386718.html. 
  5. "Vietnamese Costumes: Non la". https://www.vietnamonline.com/culture/non-la.html. 
  6. Chisholm, Hugh, ed (1911). "Mandarin". Encyclopædia Britannica. 17 (11th সম্পাদনা). Cambridge University Press. pp. 558– 559; see page 558; lines 3 to 5. "The term “mandarin” is ...[applied]... only to those who are entitled to wear a “button,” which is a spherical knob, about an inch in diameter, affixed to the top of the official cap or hat" 
  7. "Coolie hat - Definition and More from the Free Merriam-Webster Dictionary". http://www.merriam-webster.com/dictionary/coolie%20hat. 
  8. "Bamboo Craft". Banglapedia. http://en.banglapedia.org/index.php?title=Bamboo_Craft. 

বাহ্যিক সংযোগসম্পাদনা কৰক