এডৱাৰ্ড ডব্লিউ ক্লাৰ্ক

(এডৱাৰ্ড ডব্লিউ. ক্লাৰ্কৰ পৰা পুনঃনিৰ্দেশিত)

এডৱাৰ্ড ডব্লিউ. ক্লাৰ্ক (১৯ শতিকা) অসমলৈ অহা এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী। শিৱসাগৰৰ প্ৰধান পাদুৰীৰ দায়িত্ব বহন কৰিছিল ১৮৬৯ চনৰপৰা ১৮৭৬ চনলৈ। ১৮৭২ চনত নগা পাহাৰলৈ গৈ গাৰো, নগা আৰু চাহ বনুৱা সকলৰ মাজত ধৰ্ম প্ৰচাৰ কৰিছিল। সম্ভৱত: ১৮৭৩-৭৫ চনৰ সময়চোৱাত 'অৰুণোদই' সম্পাদনা কৰিছিল। ১৮৭৭ চনত হেৰিয়েট বি. এল. কট্টাৰ-য়ে লিখা 'Phrases in English and Assamese' গ্ৰন্থৰ সম্পাদনা কৰে। আন ভাষাতো পুথি লিখিছিল।[1]

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৩৭